প্ৰধানমন্ত্ৰীয়ে ‘নমো ড্ৰোন দিদি’সকলে উৰুৱা ‘কৃষি ড্ৰোন’ৰ প্ৰদৰ্শন চাব
‘নমো ড্ৰোন দিদি’সকলক ১,০০০ ‘ড্ৰোন’ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ‘এছএইচজি’সমূহক প্ৰায় ৮,০০০ কোটি টকাৰ বেংক ঋণ আৰু ২,০০০ কোটি টকাৰ ‘মূলধনী সমৰ্থন পুঁজি’ বিতৰণ কৰিব
প্ৰধানমন্ত্ৰীয়ে ‘লাখপতি দিদি’সকলক সম্বৰ্ধনা জনাব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ মাৰ্চৰ পুৱা ১০ বজাত নতুন দিল্লীৰ পুছাৰ ‘ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান’ত ‘নমো ড্ৰোন দিদি’সকলে অনুষ্ঠিত কৰিব লগা ‘কৃষি ড্ৰোন’ৰ প্ৰদৰ্শনৰ সাক্ষী হ'ব। দেশজুৰি ১০ টা বিভিন্ন স্থানৰ ‘নমো ড্ৰোন দিদি’য়ে একেলগে ‘ড্ৰোন প্ৰদৰ্শন’ত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ‘নমো ড্ৰোন দিদি’সকলৰ মাজত ১,০০০ ‘ড্ৰোন’ হস্তান্তৰ কৰিব।

‘নমো ড্ৰোন দিদি’ আৰু ‘লাখপতি দিদি’ পদক্ষেপসমূহ মহিলাসকলৰ মাজত, বিশেষকৈ গ্ৰাম্যাঞ্চলত অৰ্থনৈতিক সৱলীকৰণ আৰু বিত্তীয় স্বায়ত্ত্বতা বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ অবিচ্ছেদ্য অংশ। এই দৃষ্টিভংগীৰ বাস্তৱায়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘দীনদয়াল অন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন’ৰ সমৰ্থনত সফলতা অৰ্জন কৰা ‘লাখপতি দিদি’সকলক সম্বৰ্ধনা জনোৱাৰ লগতে ‘আত্ম-সহায়ক গোট’ৰ আন সদস্যাসকলক তেওঁলোকৰ উন্নতিৰ বাবে সমৰ্থন আৰু অনুপ্ৰেৰণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ বেংকসমূহে স্থাপন কৰা ‘বেংক লিংকেজ শিবিৰ’ৰ জৰিয়তে ৰাজসাহায্যযুক্ত সূতৰ হাৰত ‘আত্ম-সহায়ক গোট’সমূহক প্ৰায় ৮,০০০ কোটি টকাৰ বেংক ঋণ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘এছএইচজি’সমূহক প্ৰায় ২,০০০ কোটি টকাৰ মূ’লধনী সমৰ্থন পুঁজি’ও বিতৰণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi