ৱেবিনাৰৰ মূল বিষয়বস্তু হৈছে “মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চৰ প্ৰায় ১:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিয়োগ সম্পৰ্কীয় বাজেটোত্তৰ ৱেবিনাৰত অংশগ্ৰহণ কৰিব। ৱেবিনাৰখনৰ মূল বিষয়বস্তু হৈছে মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ কৰা। এই উপলক্ষে উপস্থিত থকা ৰাইজকো সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

নিয়োগ সৃষ্টি চৰকাৰৰ মূল ক্ষেত্ৰসমূহৰ অন্যতম হিচাপে বিবেচিত হৈ আহিছে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত হৈ চৰকাৰে চাকৰি বৃদ্ধি আৰু অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ৱেবিনাৰখনে চৰকাৰ, উদ্যোগ, শিক্ষাবিদ আৰু নাগৰিকৰ মাজত সহযোগিতাক প্ৰসাৰিত কৰিব আৰু পৰিৱৰ্তনশীল বাজেট ঘোষণাসমূহক ফলপ্ৰসূ ফলাফললৈ ৰূপান্তৰ কৰাত সহায় কৰিবলৈ উৎসাহিত কৰিব। নাগৰিকক সবলীকৰণ, অৰ্থনীতি শক্তিশালীকৰণ আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ ওপৰত মূল গুৰুত্ব আৰোপ কৰি অনুষ্ঠিত হ’বলগীয়া ৱেবিনাৰখনত আলোচনাৰ লক্ষ্য হৈছে বহনক্ষম আৰু সৰ্বাংগীন বিকাশৰ পথ প্ৰশস্ত কৰা; প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত নেতৃত্ব; আৰু ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত কাম কৰিব পৰা এক দক্ষ, সুস্থ কৰ্মশক্তি গঢ়ি তোলা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future