প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ডিচেম্বৰ, ২০২২ ৰ সন্ধিয়া ৫:৩০ বজাত আহমেদাবাদত প্ৰমুখ স্বামী মহাৰাজ শতাব্দী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

পৰম পূজনীয় প্ৰমুখ স্বামী মহাৰাজ একেধাৰে এগৰাকী পথ প্ৰদৰ্শক আৰু গুৰু আছিল। তেওঁ সমগ্ৰ ভাৰত আৰু বিশ্বৰ অগণিত জীৱনক স্পৰ্শ কৰিছিল। এগৰাকী মহান আধ্যাত্মিক নেতা হিচাপে তেওঁ বহুলভাৱে সন্মানীয় আৰু প্ৰশংসিত। তেওঁ জীৱনক আধ্যাত্মিকতা আৰু মানৱতাৰ সেৱাত উৎসৰ্গা কৰিছিল। বিএপিএছ স্বামীনাৰায়ণ সংস্থাৰ নেতা হিচাপে তেওঁ অগণন সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক পদক্ষেপক অনুপ্ৰাণিত, লক্ষ-লক্ষ লোকৰ কল্যাণ সাধন কৰিছিল।

পৰম পূজনীয় প্ৰমুখ স্বামী মহাৰাজৰ জন্ম শতবাৰ্ষিকীত বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে তেওঁৰ জীৱন আৰু কৰ্মৰাজিক স্মৰণ কৰিছে। বিএপিএছ স্বামীনাৰায়ণ মন্দিৰ, শ্বাহীবাগে সমগ্ৰ বিশ্বত ‘প্ৰমুখ স্বামী মহাৰাজ শতাব্দী মহোৎসৱ’ উদযাপন কৰিব। উল্লেখযোগ্য যে ইয়াতেই বিএপিএছ স্বামীনাৰায়ণ সংস্থাৰ বৈশ্বিক মুখ্য কাৰ্য্যালয় অৱস্থিত। ২০২২ ৰ ১৫ ডিচেম্বৰৰপৰা ২০২৩ ৰ ১৫ জানুৱাৰীলৈকে আহমেদাবাদত অনুষ্ঠিতব্য এমাহজোৰা উদযাপনত দৈনিক অনুষ্ঠান, বিষয়ভিত্তিক প্ৰদৰ্শনী আৰু চিন্তা-উদ্ৰেককাৰী পেভিলিয়ন অনুষ্ঠিত হ’ব।

১৯০৭ ত শাস্ত্ৰীজী মহাৰাজে বিএপিএছ স্বামীনাৰায়ণ সংস্থা প্ৰতিষ্ঠা কৰিছিল। বেদৰ শিক্ষাৰ আধাৰত আৰু ব্যৱহাৰিক আধ্যাত্মিকতাৰ স্তম্ভত প্ৰতিষ্ঠিত বিএপিএছে আজিৰ আধ্যাত্মিক, নৈতিক আৰু সামাজিক প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ বহু দূৰ আগুৱাই গৈছে। বিএপিএছৰ লক্ষ্য হৈছে বিশ্বাস, ঐক্য আৰু নিস্বাৰ্থ সেৱাৰ মূল্যবোধৰাজিক সংৰক্ষণ কৰা আৰু জীৱন যাত্ৰাৰ সৰ্ব স্তৰৰ লোকৰ আধ্যাত্মিক, সাংস্কৃতিক, শাৰীৰিক আৰু আৱেগিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা। ই বিশ্বব্যাপী প্ৰচাৰ প্ৰচেষ্টাৰাজিৰে মানৱীয় কাৰ্য্যকলাপ হাতত লৈ আহিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi