প্রধানমন্ত্রীয়ে প্রায় ৩০০জন শিশু কীর্তনীয়াৰ সৈতে ‘শবদ কীর্তন’ত ভাগ ল'ব
প্রধানমন্ত্রীয়ে প্রায় ৩ হাজাৰ ছাত্রছাত্রীৰ কুচকাৱাজৰ সূচনা কৰিব

প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২৬ ডিচেম্বৰত দুপৰীয়া ১২টা ৩০ মিনিটত মেজৰ ধ্যানচান্দ জাতীয় ষ্টেডিয়ামত ঐতিহাসিক ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰিব। তেওঁ প্রায় ৩০০জন শিশু কীর্তনীয়াৰ সৈতে ‘শবদ কীর্তন’ত অংশ ল'ব। এই বিশেষ আয়োজনত শ্রী মোদীয়ে প্রায় ৩ হাজাৰ ছাত্রছাত্রীৰ কুচকাৱাজৰ সূচনা কৰিব।

কেন্দ্রই সাহিবজাদাসকলৰ দৃষ্টান্তমূলক সাহসিকতাৰ কাহিনী দেশৰ সৰু সৰু ল'ৰা-ছোৱালীসহ প্রত্যেক নাগৰিকৰ কাষ পোৱাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিব, য'ত অংশগ্রহণকাৰীসকলে মতবিনিময়ৰ মাজেৰে নানা তথ্য সংগ্রহ কৰিব। দেশজুৰি স্কুল-কলেজত ৰচনা আৰু প্রশ্নোত্তৰ প্রতিযোগিতা তথা নানা অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ৰে'ল ষ্টেচন, পেট্রোল পাম্প, বিমান বন্দৰসহ সর্বসাধাৰণৰ বাবে বিভিন্ন ঠাইত ডিজিটেল প্রদর্শনীৰ ব্যৱস্থাও কৰা হ'ব। সাহিবজাদাসকলৰ জীৱনৰ কথা আৰু আত্মবলিদানৰ ঘটনা বিশিষ্ট ব্যক্তিয়ে সকলোৰে আগত তুলি ধৰিব।

প্রধানমন্ত্রীয়ে ২০২২ৰ ৯ জানুৱাৰী শ্রীগুৰু গোবিন্দ সিংজীৰ প্রকাশ পর্ব উপলক্ষে আয়োজিত অনুষ্ঠানত ২৬ ডিচেম্বৰত ‘বীৰ বাল দিৱস’ উদযাপনৰ কথা ঘোষণা কৰিছিল। শ্রীগুৰু গোবিন্দ সিংজীৰ দুই পুত্র সাহিবজাদা বাবা জোৰাৱাৰ সিংজী আৰু ফতেহ সিংজীৰ শ্বহীদ হোৱাৰ ঘটনাক স্মৰণ কৰিবলৈকে এই উদ্যোগ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi