এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ যুৱপ্ৰজন্মক উদ্দেশি ভাষণ প্ৰদান কৰিব
প্ৰকল্প তিনিটা স্থাপনৰ জৰিয়তে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ শক্তিশালী হ'ব আৰু যুৱপ্ৰজন্মৰ বাবে নিযুক্তিৰ সুযোগ ওলাব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ১৩ মাৰ্চ, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত  'ভাৰতৰ টেকেড: চিপছ ফৰ বিকশিত ভাৰত' কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব আৰু প্ৰায় ১.২৫ লাখ কোটি টকাৰ অৰ্ধপৰিবাহী সম্পৰ্কীয় তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমগ্ৰ দেশৰ যুৱপ্ৰজন্মক সম্বোধনো কৰিব।

অৰ্ধপৰিবাহী সম্পৰ্কীয় আৰ্হি, উৎপাদন আৰু প্ৰযুক্তি বিকাশৰ বাবে ভাৰতক এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো হৈছে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগী, যি দেশৰ যুৱপ্ৰজন্মৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গুজৰাটৰ ‘ধোলেৰা বিশেষ বিনিয়োগ অঞ্চল’ (ডিএছআইআৰ)ত ‘অৰ্ধপৰিবাহী নিৰ্মাণ সুবিধা প্ৰকল্প’; অসমৰ মৰিগাঁও আৰু গুজৰাটৰ সানন্দত এটাকৈ ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সংলগ্নকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ দিহা কৰা হৈছে।

ভাৰতত ‘অৰ্ধপৰিবাহী ফেব’ স্থাপনৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত ‘টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড’ (টিইপিএল)য়ে ‘ধোলেৰা বিশেষ বিনিয়োগ অঞ্চল’ (ডিএছআইআৰ)ত ‘অৰ্ধপৰিবাহী নিৰ্মাণ সুবিধা প্ৰকল্প’ স্থাপন কৰিব। মুঠ ৯১,০০০ কোটিৰো অধিক টকা বিনিয়োগৰে ই হ'ব দেশৰ প্ৰথমটো ‘বাণিজ্যিক অৰ্ধপৰিবাহী ফেব’।

‘অৰ্ধপৰিবাহী সংলগ্নকৰণ, পৰীক্ষণ, মাৰ্কিং আৰু পেকেজিঙ’ (এটিএমপি)ৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত অসমৰ মৰিগাঁৱত ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সংলগ্নকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পটো মুঠ প্ৰায় ২৭,০০০ কোটি টকা বিনিয়োগৰে ‘টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড’ (টিইপিএল)য়ে স্থাপন কৰিব।

‘অৰ্ধপৰিবাহী সংলগ্নীকৰণ, পৰীক্ষণ, মাৰ্কিং আৰু পেকেজিঙ’ (এটিএমপি)ৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত গুজৰাটৰ সানন্দত ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সংলগ্নকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পটো মুঠ প্ৰায় ৭,৫০০ কোটি টকা বিনিয়োগৰে ‘চিজি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছলিউশ্যন লিমিটেড’-য়ে স্থাপন কৰিব।

এই সুবিধাসমূহৰ জৰিয়তে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ শক্তিশালী হ'ব আৰু ভাৰতত এক দৃঢ় স্তৰ লাভ কৰিব। এই গোটবোৰে অৰ্ধপৰিবাহী উদ্যোগত হাজাৰ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ লগতে ইলেক্ট্ৰনিকছ, টেলিকম আদিৰ দৰে সম্পৰ্কিত খণ্ডসমূহতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

এই কাৰ্যসূচীত অৰ্ধপৰিবাহী উদ্যোগৰ কৰ্ণধাৰসকলৰ লগতে মহাবিদ্যালয় পৰ্যায়ৰ কেবা সহস্ৰ শিক্ষাৰ্থীকে ধৰি যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Emerging cities see 42% growth in GCC jobs, outpacing metros: Report

Media Coverage

Emerging cities see 42% growth in GCC jobs, outpacing metros: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মে’ 2026
May 27, 2026

Strategic, Sustainable, Self-Reliant: How PM Modi is Building Viksit Bharat