জিলা আদালতৰ পুনে মেট্ৰ’ শাখাৰ পৰা স্বৰগেটলৈ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰাষ্ট্ৰৰ নামত বিডকিন ঔদ্যোগিক এলেকাক উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
সোলাপুৰ বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ২৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১২:৩০ বজাত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে পুনে জিলা আদালতৰ মেট্ৰ’ অংশৰ পৰা স্বৰগেটলৈ সম্পূৰ্ণ হোৱা পুনে মেট্ৰ’ ৰে’ল প্ৰকল্প (প্ৰথম পৰ্যায়)ও উদ্বোধন কৰিব। জিলা আদালতৰ পৰা স্বৰগেটলৈকে ভূগৰ্ভস্থ অংশটোৰ ব্যয় প্ৰায় ১,৮১০ কোটি টকা।

তদুপৰি, প্রধানমন্ত্রীয়ে প্রায় ২,৯৫৫ কোটি টকা ব্যয়েৰে উন্নীত হ’বলগীয়া পুনে মেট্ৰ’ প্ৰথম পৰ্যায়ৰ স্বর্গেট-কাটৰাজ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰায় ৫.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দক্ষিণ দিশৰ সম্প্ৰসাৰণ অংশ সম্পূৰ্ণৰূপে মাটিৰ তলেৰে গৈছে আৰু ইয়াৰ তিনিটা ষ্টেচন ক্ৰমে মাৰ্কেট য়াৰ্ড, পদ্মাৱতী আৰু কাটৰাজ।

প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰৰ পৰা ২০ কিলোমিটাৰ দক্ষিণে অৱস্থিত ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত ৭,৮৫৫ একৰ বিস্তৃত ভূমি সামৰি লোৱা এক পৰিৱৰ্তনশীল প্ৰকল্প বিডকিন ঔদ্যোগিক এলেকা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। দিল্লী মুম্বাই ঔদ্যোগিক কৰিডৰৰ অধীনত বিকশিত এই প্ৰকল্পটোৱে মাৰাথৱাড়া অঞ্চলৰ এক সজীৱ অৰ্থনৈতিক কেন্দ্ৰ হিচাপে অপৰিসীম সম্ভাৱনা ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পত অনুমোদন জনাইছে যাৰ সামগ্ৰিক প্ৰকল্প ব্যয় ৩টা পৰ্যায়ত উন্নয়নৰ বাবে ৬,৪০০ কোটি টকা ধাৰ্য কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে সোলাপুৰ বিমানবন্দৰ উদ্বোধন কৰিব যিয়ে সংযোগৰ যথেষ্ট উন্নতি সাধন কৰিব, যাৰ ফলত সোলাপুৰ পৰ্যটক, ব্যৱসায়িক ভ্ৰমণকাৰী আৰু বিনিয়োগকাৰীৰ বাবে অধিক সুলভ হৈ পৰিব। সোলাপুৰৰ বৰ্তমানৰ টাৰ্মিনেল ভৱনটো বছৰি প্ৰায় ৪.১ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ উন্নয়ন সাধন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ভি়ড়েৱাড়াত ক্ৰান্তিজ্যোতি সাবিত্ৰীবাই ফুলেৰ প্ৰথম বালিকা বিদ্যালয়ৰ স্মৃতিসৌধৰ আধাৰশিলা স্থাপন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi