প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা চমুকৈ PMMSY মুকলি কৰিব ডিজিটেল মাধ্যমেৰে। প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে কৃষকসকলৰ প্ৰত্যক্ষ ব্যৱহাৰৰ বাবে  এক তথ্য পোৰ্টেল তথা সৰ্বাঙ্গীন ‘ব্ৰীড’ উন্নয়নৰ বজাৰ ক্ষেত্ৰ ‘ই-গোপাল’ এপ্পো মুকলি কৰিব। উক্ত অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মৎস্য আৰু পশুপালন খণ্ডৰ সৈতে জড়িত একাধিক যোজনাও মুকলি কৰিব।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰিও বিহাৰৰ ৰাজ্যপাল আৰু মুখ্য সচিবৰ লগতে মৎস্য, পশুপালন আৰু দুগ্ধপাম দপ্তৰৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীও উপস্থিত থাকিব।

 

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা হৈছে দেশত মৎস্য খণ্ডৰ এক দীৰ্ঘম্যাদী আৰু গুৰুত্বপূৰ্ণ উন্নয়ণৰ বাবে আগবঢ়োৱা এক ফ্লেগশ্বিপ আঁচনি। এই আচনিৰ বাবে বিত্তবৰ্ষ ২০২০-২১ ৰ পৰা ২০২৪-২৫ বৰ্ষলৈ অৰ্থাৎ ৫ বছৰ সময়ছোৱাত ব্যয় কৰিব ২০,০৫০ কোটি টকা। এই ধন আত্মনিৰ্ভৰ ভাৰতৰ অধীনত দেশৰ আটাইকেইখন ৰাজ্য তথা কেন্দ্ৰ শাসিত এলেকাতেই ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ভিতৰত প্ৰায় ১২৩৪০ কোটি টকা সমূদ্ৰতীৰ, আভ্যন্তৰীণ মৎস্য পালন আৰু একুৱাকালচাৰৰ ক্ষেত্ৰত হিতাধিকাৰীভিত্তিক কাৰ্যাৱলীৰ বাবে ব্যৱহাৰ কৰা হ’ব, আনহাতে ৭৭১০ কোটি টকা ব্যৱহাৰ কৰা হ’ব মৎস্য পালনৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ কামত।

PMMSY ৰ যোগেদি অতিৰিক্ত ৭০ লাখ টন মৎস্য উৎপাদন ২০২৪-২৫ লৈ বৃদ্ধি কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। ইয়াৰ যোগেদি ২০২৪-২৫ বৰ্ষলৈ মাছৰ ৰপ্তানিৰ যোগেদি ১,০০,০০০ কোটি টকালৈ আহৰণ কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। ইয়াৰ যোগেদি মৎস্য ব্যৱসায়ীসকলৰ উপাৰ্জন দুগুণ কৰি তোলা হ’ব। উল্লেখ্য যে ইয়াৰ যোগেদি মৎস্য চিকাৰ কৰাৰ পিছৰ ব্যয় ২০-২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস পাব আৰু মৎস্য আৰু ইয়াৰ প্ৰাসঙ্গিক খণ্ডত ৫৫ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টিও হ’ব।

PMMSY য়ে মূলতঃ ক্লাষ্টাৰ বা এলেকাভিত্তিক কাৰ্যপন্থাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আগবাঢ়ে আৰু বেলৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজৰ যোগেদি বিভিন্ন মৎস্য ক্লাষ্টাৰৰ সৃষ্টি কৰে। এই যোজনাই নিয়োগ সৃষ্টিৰ বিভিন্ন কাৰ্যাৱলীত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

এইপর্যন্ত প্রধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত মৎস্য বিষয়ক দপ্তৰে প্রথম পর্যায়ত ২১খন ৰাজ্য তথা কেন্দ্র শাসিত অঞ্চলৰ বাবে ১ হাজাৰ ৭২৩ কোটি টকাৰ এক প্রস্তাৱ অনুমোদন কৰিছে। সংশ্লিষ্ট কাৰ্যসূচীৰ মাধ্যমেৰে উপার্জন বৃদ্ধিৰ একাধিক পন্থা কার্যকৰী কৰাৰ ক্ষেত্ৰতো যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে। বিহাৰত এই কাৰ্যসূচী ৰূপায়ণৰ বাবে ১ হাজাৰ ৩৯০ কোটি টকা বিনিয়োগ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত কেন্দ্রীয় চৰকাৰ সাহায্যৰ অংশ হিচাপে ৰাজ্য চৰকাৰক ৫৩৫ কোটি টকা প্ৰদান কৰা হ’ব। তাৰ লগতে অতিৰিক্ত ৩ লাখ টন মাছ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। চলিত ২০২০-২১ বিত্ত বর্ষত কেন্দ্রীয় চৰকাৰে এই প্রকল্পৰ অধীনত বিহাৰ চৰকাৰৰ বাবে ১০৭ কোটি টকা মঞ্জুৰ কৰিছে।

 

মৎস্য খণ্ডৰ সৈতে জড়িত অন্যান্য উন্মোচন

প্রধানমন্ত্রীয়ে সীতামাৰীত মাছৰ জিন সংৰক্ষণ সংক্রান্তীয় বেংক উদ্বোধনৰো কথা ঘোষণা কৰিব।  ইয়াৰ উপৰিও কিষাণগঞ্জত একুৱেটিক ডিজিজ ৰেফাৰেল লেবৰেটৰী আৰম্ভ কৰাৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে। প্রধানমন্ত্রীয়ে মৎস্য সম্পদ যোজনাৰ অধীনত কিষাণগঞ্জৰ এই পৰীক্ষাগাৰটোৰ বাবে অর্থ সাহায্য প্ৰদান কৰিব বুলিও কয়।

তেওঁ বিহাৰৰ মাধেপুৰাত মাছৰ খাদ্য এক উৎপাদন কেন্দ্ৰ আৰু পাটনাত ফিশ্ব অন হুইলস্ সংক্ৰান্তীয় ২টা ইউনিটো উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ পুছাতে ডঃ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত এক সুসংঘবদ্ধ মৎস্য উৎপাদন প্ৰযুক্তি কেন্দ্ৰ মুকলি কৰিব। এই কেন্দ্ৰটো মাছৰ পোনা উৎপাদনত ন ন প্ৰযুক্তিৰ প্ৰয়োগ ঘটাব, যাৰ ফলত উৎপাদনশীলতা বৃদ্ধি পাব আৰু মৎস্য কৃষকসকলৰ উপাৰ্জন বৃদ্ধি পাব।

 

ই-গোপালা এপ্প

 

দেশীয় প্ৰজাতিৰ গৰুৰ বংশ বৃদ্ধি ঘটাবৰ বাবে আৰু গো প্ৰতিপালনৰ ক্ষেত্ৰত গো-পালকসকলৰ সময়মতে উপযুক্ত তথ্য সৰবৰাহৰ বাবে এই এপ্প আৰম্ভ কৰা হৈছে। বৰ্তমান দেশত গৰুৰ উপযুক্ত প্ৰতিপালনৰ ক্ষেত্ৰত সহায়তা প্ৰদানৰ কোনো ডিজিটেল প্লেটফৰ্ম নাই। গতিকে, এই এপ্পটো গোপালকসকলক বিভিন্ন বিষয়ে সময় মতে সঠিক তথ্য প্ৰদান কৰি সহায় কৰিব।

 

পশুপালন খণ্ডৰ অন্যান্য উন্মোচন

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত অত্যাধুনিক প্ৰযুক্তি সম্বলিত এক বীৰ্য ষ্টেশ্যন মুকলি কৰিব বিহাৰৰ পুৰ্ণিয়াত। এই ষ্টেশ্যনৰ বাবে বিহাৰ চৰকাৰে আগবঢ়োৱা ৭৫ একৰ ভূমিত ৮৪.২৭ কোটি টকা ব্যয় কৰা হ’ব। উল্লেখ্য যে এই ষ্টেশ্যনটো হ’ব চৰকাৰী খণ্ডৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বীৰ্য ষ্টেশ্যনবোৰৰ অন্যতম। ইয়াত প্ৰতিবছৰে ৫০ লাখ বীৰ্যৰ ড’জ উৎপাদন কৰা হ’ব। এই বীৰ্য ষ্টেশ্যনটোৱে বিহাৰৰ থলুৱা প্ৰজাতিৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব। ইয়াৰ লগতে এই ষ্টেশ্যনটোৱে পূৱ প্ৰান্তৰ উপৰি উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তাও পূৰণ কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে এই ৰাষ্ট্ৰীয় গকুল অভিযানৰ অধীনতেই প্ৰধানমন্ত্ৰীয়ে পাটনাৰ এনিমেল ছায়েন্সেছ ইউনিভাৰ্ছিটিত এখন আইভিএফ পৰীক্ষাগাৰ মুকলি কৰিব। মুঠ ৩০ টা ETT আৰু IVF পৰীক্ষাগাৰ সমগ্ৰ দেশতে সম্পূৰ্ণ ১০০ শতাংশ আবণ্টনেৰে স্থাপন কৰা হ’ব।

ইফালে প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ বেগুচৰাই জিলাত বাৰাউনি দুগ্ধ সভাৰ দ্বাৰা ৰাষ্ট্ৰীয় গকুল অভিযানৰ অধীনত কৃত্ৰিম ইনছেমিনেশ্যনত ‘ছেক্স ছৰ্টেড ছিমেন’ৰ ব্যৱহাৰৰ প্ৰক্ৰিয়াও মুকলি কৰিব। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে ছেক্স ছৰ্টেড ছিমেনৰ ব্যৱহাৰৰ যোগেদি কেৱল মাইকী গৰুৱে (৯০ শতাংশতকৈও অধিক সঠিকতাৰে) বীৰ্য উৎপাদন কৰিব পাৰে। এই প্ৰক্ৰিয়াই দেশত গাখীৰৰ উৎপাদনক দুগুণে বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লগতে কৃষকৰ ঘৰৰ পদূলিতে আইভিএফ প্ৰযুক্তিৰ এক উপস্থাপনো মুকলি কৰে। এই ব্যৱস্থাৰে এবছৰত ২০ টাকৈ পোৱালি জন্ম দিয়াব পৰা যাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future