প্ৰধানমন্ত্ৰী গতিশক্তিয়ে বিভাগীয় জঠৰতা নোহোৱা কৰিব আৰু প্ৰধান আন্তঃগাঁথনি প্ৰকল্পসমূহত অংশীদাৰসকলৰ বাবে সামগ্ৰিক পৰিকল্পনাক আনুষ্ঠানিক ৰূপ দিব
সকলো বিভাগে এতিয়া এটা কেন্দ্ৰীয় পৰ্টেলৰ জৰিয়তে পাৰস্পৰিক প্ৰকল্পৰ দৃশ্যমানতা লাভ কৰিব
মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ অৰ্থে সংহত আৰু নিৰন্তৰ সংযোগ প্ৰদান কৰিবলৈ মাল্টি-মডেল সংযোগ
প্ৰধানমন্ত্ৰী গতিশক্তিয়ে একাধিক নিয়োগৰ সুযোগ সৃষ্টি, লজিষ্টিক ব্যয় হ্ৰাস, যোগান শৃংখলৰ অগ্ৰগতি সাধন আৰু স্থানীয় সামগ্ৰীসমূহক বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি তুলিব
প্ৰধানমন্ত্ৰীয়ে তদুপৰি প্ৰগতি ময়দানত নতুন প্ৰদৰ্শনী কমপ্লেক্স উদ্বোধন কৰিব

দেশখনৰ আন্তঃগাঁথনিৰ প্ৰেক্ষাপটৰ বাবে এক ঐতিহাসিক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ অক্টোবৰ, ২০২১ ত নতুন দিল্লীৰ প্ৰগতি ময়দানত দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী গতিশক্তি- মাল্টি-মডেল সংযোগৰ অৰ্থে ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিব।

বহু সমস্যাৰ বাবে ভাৰতত আন্তঃগাঁথনি সৃষ্টি কেইবা দশক ধৰি প্ৰভাৱিত হৈছিল। বিভিন্ন বিভাগৰ মাজত সমন্বয়ৰ অভাৱ আছিল, উদাহৰণস্বৰূপেঃ এবাৰ পথ এটা নিৰ্মাণ কৰাৰ পিছত, আন সংস্থাসমূহে ভূগৰ্ভস্থ তাঁৰ, গেছ পাইপলাইন আদিৰ পাৰিতকৰণৰ দৰে ক্ৰিয়া-কলাপৰ অৰ্থে পুনৰ এবাৰ নিৰ্মিত পথটো খান্দি পেলাইছিল। ইয়াৰ বাবে বৃহৎ অসুবিধাৰ সৃষ্টিয়েই নহয় অপব্যয়ো হৈছিল। ইয়াৰ সমাধানৰ অৰ্থে, সমন্বয় বৃদ্ধিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হয় যাতে সকলো কেবল, পাইপলাইন আদি একেলগে স্থাপন কৰিব পৰা যায়। লেহেমীয়া অনুমোদন প্ৰক্ৰিয়া, নিয়ামক অনুমোদনৰ বহু-পৰ্য্যায় আদিৰ দৰে অন্যান্য সমস্যা সমাধানৰ বাবেও পদক্ষেপ লোৱা হৈছে। যোৱা সাত বছৰত, চৰকাৰখনে এক সামগ্ৰিক দৃষ্টিভংগীৰ জৰিয়তে আন্তঃগাঁথনিৰ ওপৰত অভূতপূৰ্ব গুৰুত্ব আৰোপ নিশ্চিত কৰিছে।

প্ৰধানমন্ত্ৰী গতিশক্তিয়ে মুখ্য আন্তঃগাঁথনি প্ৰকল্পসমূহৰ অৰ্থে অংশীদাৰসকলৰ বাবে সামগ্ৰিক পৰিকল্পনাক আনুষ্ঠানিক ৰূপ দিয়াৰ জৰিয়তে পূৰ্বৰ সমস্যাৰাজি সমাধান কৰিব। লেহেমীয়াভাৱে পৃথকে পৰিকল্পনা আৰু ডিজাইন কৰাৰ পৰিৱৰ্তে, প্ৰকল্পবোৰ এক উমৈহতীয়া দৃষ্টিৰে ডিজাইন আৰু কাৰ্যকৰী কৰা হ'ব। ইয়াত ভাৰতমালা, সাগৰমালা, অভ্যন্তৰীণ জলমাৰ্গ, শুকান/স্থল বন্দৰ, উড়ান আদিৰ দৰে ভিন্ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনি আঁচনিসমূহক অন্তৰ্ভুক্ত কৰা হ'ব। টেক্সটাইল ক্লাষ্টাৰ, ফাৰ্মাচিউটিকেল ক্লাষ্টাৰ, প্ৰতিৰক্ষা বুলনি, ইলেকট্ৰনিক পাৰ্ক, ঔদ্যোগিক বুলনি, ফিছিং ক্লাষ্টাৰ, কৃষি মণ্ডল আদিৰ দৰে অৰ্থনৈতিক মণ্ডলসমূহৰ সংযোগ উন্নত কৰিবলৈ আৰু ভাৰতীয় ব্যৱসায়ক অধিক প্ৰতিযোগিতামূলক কৰি তুলিবলৈ আৱৰি লোৱা হ'ব। ই বিএছএজি-এন (ভাস্কৰাচাৰ্য্য নেচনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেচনচ এণ্ড জিঅ'ইনফৰ্মেটিক্স)ৰ দ্বাৰা বিকশিত ইছৰো ইমেজেৰীৰ সৈতে স্থানিক পৰিকল্পনা সঁজুলিসহ প্ৰযুক্তিৰ ব্যাপক সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰী গতি শক্তি ছটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিতঃ

১। ব্যাপকতা ইয়াত ভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সকলো বিদ্যমান আৰু পৰিকল্পিত পদক্ষেপ এটা কেন্দ্ৰী পৰ্টেল অন্তৰ্ভুক্ত থাকিব। প্ৰত্যেক বিভাগ মাজত এতিয়া পাৰস্পৰিক কাৰ্যকলাপৰ দৃশ্যমানতা থাকিব যিয়ে এক বিস্তৃত প্ৰকাৰে প্ৰকল্পৰ পৰিকল্পনা  কাৰ্য্যকৰীকৰণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব।

২। প্ৰাথমিকতা ইয়াৰ জৰিয়তেভিন্ন বিভাগে আন্তঃখণ্ড বিনিময়ৰ জৰিয়তে তেওঁলোকৰ প্ৰকল্পসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হ'ব।

৩। অপ্টিমাইজেশ্য ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে গুৰুত্বপূৰ্ণ ব্যৱধান চিনাক্তকৰণৰ পিছত প্ৰকল্পৰ পৰিকল্পনাত বিভিন্ন মন্ত্ৰালয়ক সহায় কৰিব। সামগ্ৰীবোৰ এঠাইৰপৰা আন ঠাইলৈ পৰিবহণৰ ক্ষেত্ৰতপৰিকল্পনাটোৱে সময় আৰু ব্যয়ৰ দৃষ্টিৰে আটাইতকৈ সৰ্বোত্তম পথ নিৰ্ধাৰণ কৰাত সহায় কৰিব।

৪। সুসংগতকৰণ: ব্যক্তিগত মন্ত্ৰালয় আৰু বিভাগবোৰ কাম-কাজত প্ৰায়ে মন্থৰতা আহি পৰে। প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণত সমন্বয়ৰ অভাৱ ফলত পলম হয়। প্ৰধানমন্ত্ৰী গতিশক্তিয়ে প্ৰতিটো বিভাগৰ কাৰ্যকলাপ তথা একেদৰে শাসনৰ বিভিন্ন স্তৰৰ কাৰ্যকলাপক সামগ্ৰিকভাৱে ইয়াৰ মাজত কামৰ সমন্বয় নিশ্চিতকৰণেৰে সুসংগত কৰাত সহায় কৰিব।

৫। বিশ্লেষণাত্মক এই পৰিকল্পনাই এঠাইতে ২০০+ স্তৰ থকা জিআইএছ আধাৰিত স্থানিক পৰিকল্পনা আৰু বিশ্লেষণাত্মক সঁজুলিৰ সৈতে সমগ্ৰ ডাটা প্ৰদান কৰিবযাৰ ফলত কাৰ্যকৰী সংস্থাটোলৈ উন্নত দৃশ্যমানতা সম্ভৱ 'ব।

৬। গতিশীলতাঃ সকলো মন্ত্ৰালয় আৰু বিভাগে এতিয়া জিআইএছ প্লেটফৰ্মৰ জৰিয়তে ক্ৰছ-চেক্টৰেল প্ৰকল্পৰ অগ্ৰগতি কল্পনাপৰ্য্যালোচনা আৰু নিৰীক্ষণ কৰিবলৈ সক্ষম হ'কিয়নো উপগ্ৰহ ছবিয়ে সময়ে-সময়ে ক্ষেত্ৰৰ অগ্ৰগতিৰ তথ্য প্ৰদান কৰিব আৰু প্ৰকল্পবোৰৰ অগ্ৰগতি পৰ্টেলত নিয়মীয়াকৈ আপডেট কৰা হ'ব। ই মাষ্টাৰ প্লেনৰ বৰ্ধন আৰু উন্নীতকৰণৰ বাবে গুৰুত্বপূৰ্ণ মধ্যবৰ্তিতাসমূহ চিনাক্তকৰণত সহায় কৰিব।

প্ৰধানমন্ত্ৰী গতিশক্তি হৈছে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলশ্ৰুতি যি ইজ অৱ লিভিং তথা একেদৰে ইজ অৱ ডুয়িং বিজনেছৰ অগ্ৰগতি সাধন কৰিছে। মাল্টি-মডেল সংযোগে মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে সংহত আৰু নিৰন্তৰ সংযোগ প্ৰদান কৰিব। ই আন্তঃগাঁথনিৰ অন্তিম মাইল সংযোগৰ সুবিধা প্ৰদান আৰু মানুহৰ বাবে ভ্ৰমণৰ সময় হ্ৰাস কৰিব।

প্ৰধানমন্ত্ৰী গতিশক্তিয়ে আগন্তুক যোগাযোগ প্ৰকল্প, অন্যান্য ব্যৱসায়িক কেন্দ্ৰ, ঔদ্যোগিক এলেকা আৰু ইয়াৰ চাৰিওফালৰ পৰিবেশ সম্পৰ্কে ৰাজহুৱা আৰু ব্যৱসায়ী সমাজৰ তথ্য প্ৰদান কৰিব। ই বিনিয়োগকাৰীসকলক সুবিধাজনক স্থানত তেওঁলোকৰ ব্যৱসায়ৰ পৰিকল্পনা কৰিবলৈ সুবিধা আগবঢ়াব যাৰ ফলত সমন্বয় বৃদ্ধি হ'ব। ই একাধিক নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু অৰ্থনীতিক উদ্দীপনা যোগাব। ই লজিষ্টিক ব্যয় হ্ৰাস আৰু যোগান শৃংখল উন্নত কৰি স্থানীয় সামগ্ৰীৰ বিশ্বব্যাপী প্ৰতিযোগিতামূলকতাৰ অগ্ৰগতি সাধন কৰিব আৰু লগতে স্থানীয় উদ্যোগ ও গ্ৰাহকসকলৰ বাবে সঠিক লিংকেজ নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি এই কাৰ্য্যসূচীতে প্ৰগতি ময়দানত নতুন প্ৰদৰ্শনী কমপ্লেক্স (প্ৰদৰ্শনী গৃহ ২ ৰ পৰা ৫) উদ্বোধন কৰিব। এই নতুন প্ৰদৰ্শনী হলবোৰত ভাৰত বাণিজ্য প্ৰোৎসাহন সংস্থাৰ ধ্বজাবাহী কাৰ্য্যসূচী, ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আইআইটিএফ), ২০২১; ১৪-২৭ নৱেম্বৰ, ২০২১ ত অনুষ্ঠিত হ'ব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় বাণিজ্য, পথ পৰিবহণ আৰু ঘাইপথ, ৰে'ল, অসামৰিক বিমান পৰিবহণ, জাহাজ, শক্তি, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰীসকলো উপস্থিত থাকিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Internet subscribers in India up 6.24% in March-26 quarter

Media Coverage

Internet subscribers in India up 6.24% in March-26 quarter
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.