প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ী ৪৯গৰাকী শিশুৰ সৈতে মতবিনিময় কৰিব৷

দেশৰ ভিন্ন ৰাজ্যৰ ৪৯গৰাকী পুৰস্কাৰ বিজয়ীৰ ভিতৰত এগৰাকীকৈ আছে জম্মু আৰু কাশ্মীৰ, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ৷

শিশুসকলে কলা-সংস্কৃতি, উদ্ভাৱন, শিক্ষাগত দক্ষতা, সামাজিক সেৱা, ক্ৰীড়া আৰু সাহসিকতাৰ ক্ষেত্ৰত এই পুৰস্কাৰ লাভ কৰিছে৷

ভাৰত চৰকাৰে শিশুসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গণ্য কৰিছে৷ তেওঁলোকৰ আশা আৰু আকাংক্ষাক স্বীকৃতি আৰু সফলতাক পুৰস্কৃত কৰা হ’ব৷ 
 
যদিও প্ৰতিগৰাকী শিশু অতি মূল্যবান সম্পদ আৰু তেওঁলোকৰ কৃতিত্বক স্বীকৃতি দিয়া উচিত, তথাপি কিছুমান শিশুৰ কৃতিত্ব আন বহুতৰ বাবে প্ৰেৰণাৰ কাৰণ হ’ব পাৰে৷

বিভিন্ন ক্ষেত্ৰত আমাৰ শিশুসকলৰ ব্যতিক্ৰমী কৃতিত্বক স্বীকৃতি জনাবলৈ চৰকাৰে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰিব৷

কলা-সংস্কৃতি, উদ্ভাৱন, শিক্ষাগত দক্ষতা, সামাজিক সেৱা, ক্ৰীড়া আৰু সাহসিকতাৰ ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্বৰ বাবে যিকোনো শিশুৱে এই পুৰস্কাৰৰ বাবে আবেদন জনাব পাৰে৷ প্ৰতিখন আবেদন সুক্ষ্মভাৱে পৰ্যবেক্ষণৰ পিছত এখন উচ্চ পৰ্যায়ৰ কমিটিয়ে পুৰস্কাৰ বিজয়ীসকলক বাছনি কৰিব৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কালি অৰ্থাৎ ২২ জানুৱাৰী,২০২০ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিছিল৷

জনজাতীয় শিল্পী, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু চিত্ৰশিল্পীৰ সৈতে আলোচনাত মিলিত হ’ব

প্ৰধানমন্ত্ৰীয়ে লগতে ২৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ১৭৩০গৰাকী জনজাতীয় শিল্পী, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু চিত্ৰশিল্পীৰ সৈতে মতবিনিময় কৰিব৷ তেওঁলোকে গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ashtalakshmi Rising: How India’s Northeast became the engine of connectivity, growth and strategic transformation

Media Coverage

Ashtalakshmi Rising: How India’s Northeast became the engine of connectivity, growth and strategic transformation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on respecting the diverse cultures of the world
June 29, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam:

“देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥"

The Subhashitam emphasizes that respecting the diverse cultures of the world fosters a sense of trust and cooperation among people, and strengthens mutual understanding and brotherhood.

The Prime Minister wrote on X;

दुनिया की अलग-अलग संस्कृतियों का सम्मान करने से लोगों के बीच विश्वास और सहयोग की भावना बढ़ती है। इससे आपसी समझ और भाईचारा और मजबूत होता है।

देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥