দেশৰ ৪৮টা ন’ডেল চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ চুড়ান্ত প্ৰতিযোগিতাত ১২ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ
২৫টা মন্ত্ৰালয়ে পোষ্ট কৰা ২৩১টা সমস্যাৰ সমাধান কৰিব ছাত্ৰ-ছাত্ৰীসকলে
এইবাৰৰ হেকাথনত ৪৪,০০০ দলৰ ৫০,০০০তকৈ অধিক ধাৰণা লাভ কৰা হৈছে - যিটো এছ আই এইচৰ প্ৰথম সংস্কৰণৰ তুলনাত প্ৰায় সাতগুণ অধিক
অংশগ্ৰহণকাৰীসকলে মহাকাশ প্ৰযুক্তি, স্মাৰ্ট শিক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, ৰবটিক্স আৰু ড্ৰোন, ঐতিহ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন বিষয়বস্তুৰ ওপৰত সমাধান আগবঢ়াব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰ, ২০২৩ৰ নিশা ৯:৩০ বজাত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চুড়ান্ত প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত বিনিময় কৰিব। এই উপলক্ষে অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীৰ যুৱকেন্দ্ৰিক উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি স্মাৰ্ট ইণ্ডিয়া হেকাথন (এছআইএইচ) হৈছে ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰ, উদ্যোগ আৰু অন্যান্য সংস্থাসমূহৰ মন্ত্ৰালয় আৰু বিভাগসমূহৰ জৰুৰী সমস্যাসমূহ সমাধানৰ বাবে এক মঞ্চ প্ৰদানৰ বাবে লোৱা এক ৰাষ্ট্ৰজোৰা পদক্ষেপ। ২০১৭ চনত আৰম্ভ হোৱা স্মাৰ্ট ইণ্ডিয়া হেকাথনে যুৱ উদ্ভাৱকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। যোৱা পাঁচটা সংস্কৰণত বিভিন্ন শিতানত বহুতো উদ্ভাৱনীমূলক সমাধানৰ উন্মেষ ঘটিছে আৰু প্ৰতিষ্ঠিত ষ্টাৰ্টআপ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

এইবাৰ ১৯ৰ পৰা ২৩ ডিচেম্বৰলৈ এছআইএইচৰ চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ২০২৩ চনৰ এছআইএইচত ৪৪,০০০ দলৰ পৰা ৫০,০০০তকৈ অধিক ধাৰণা লাভ কৰা হৈছিল, যিটো এছআইএইচৰ প্ৰথম সংস্কৰণৰ তুলনাত প্ৰায় সাতগুণ অধিক। দেশৰ ৪৮টা ন’ডেল চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত ১২,০০০তকৈ অধিক অংশগ্ৰহণকাৰী আৰু ২৫০০ৰো অধিক নিৰীক্ষকে অংশগ্ৰহণ কৰিব। মহাকাশ প্ৰযুক্তি, স্মাৰ্ট শিক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, ৰবটিক্স আৰু ড্ৰোন, ঐতিহ্য আৰু সংস্কৃতি আদি বিভিন্ন বিষয়বস্তুৰ সমাধানৰ বাবে এইবাৰ চূড়ান্ত প্ৰতিয়োগিতাৰ বাবে মুঠ ১২৮২টা দলৰ সংক্ষিপ্ত তালিকা প্ৰস্তুত কৰা হৈছে।

অংশগ্ৰহণকাৰী দলসমূহে ২৫টা কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ ৫১টা বিভাগে পোষ্ট কৰা ২৩১টা সমস্যাৰ  (১৭৬টা ছফটৱেৰৰ আৰু ৫৫টা হাৰ্ডৱেৰ)ৰ সৈতে মোকাবিলা আৰু সমাধান প্ৰদান কৰিব। স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ মুঠ পুৰস্কাৰ ২ কোটি টকাতকৈও অধিক, য’ত প্ৰতিটো বিজয়ী দলক প্ৰতিটো সমস্যাৰ বিবৃতিত ১ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"