প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জুলাইৰ সন্ধিয়া ৫ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে টকিঅ’ অলিম্পিকলৈ যোৱা ভাৰতীয় খেলুৱৈৰ দলৰ সৈতে মত-বিনিময় কৰিব।

 

এই মত-বিনিময়ৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰিব। তেওঁ শেহতীয়াভাৱে টকিঅ’-২০২০ত অংশগ্ৰহণকাৰী ভাৰতীয় দলটোৰ প্ৰস্তুতিকে ধৰি সকলোধৰণৰ বিষয় পৰ্যালোচনা কৰিছে। তেওঁ মন কি বাত অনুষ্ঠানত কেইজনমান খেলুৱৈৰ অনুপ্ৰেৰণামূলক যাত্ৰা সন্দৰ্ভতো আলোচনা কৰে আৰু লগতে দেশবাসীক আগবাঢ়ি আহি তেওঁলোকক আন্তৰিকতাৰে সমৰ্থন কৰিবলৈ আহ্বান জনায়।

 

অনুষ্ঠানটোত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যমন্ত্ৰী শ্ৰী নিশিথ প্ৰামাণিক আৰু আইন মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু উপস্থিত থাকিব ।

ভাৰতীয় দলটোৰ বিষয়ে

ভাৰতৰ পৰা ১৮ টা ক্ৰীড়া শাখাত মুঠ ১২৬ জন খেলুৱৈয়ে টকিঅ’লৈ যাব। ভাৰতৰ পৰা অলিম্পিকলৈ প্ৰেৰণ কৰা এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ দল। ১৮টা ক্ৰীড়া শাখাৰ ৬৯ টা বিভাগত ভাৰতীয় দলটোৱে অংশগ্ৰহণ কৰিব, যিটো হৈছে দেশখনৰ বাবে সৰ্বাধিক।

 

এইবাৰ অলিম্পিকত অংশগ্ৰহণৰ ক্ষেত্ৰত কেইবাটাও উল্লেখযোগ্য প্ৰথম আছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ এজন ফেঞ্চাৰে (ভৱানী দেৱী) অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে। নেথ্ৰা কুমানান হৈছে ভাৰতৰ প্ৰথম গৰাকী মহিলা নাবিক যিয়ে অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে। সাজন প্ৰকাশ আৰু শ্ৰীহৰি নটৰাজ হৈছে ভাৰতৰ প্ৰথম সাঁতোৰবিদ যিয়ে সাঁতোৰত ‘এ’ অৰ্হতা মানদণ্ড অৰ্জন কৰি অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions

Media Coverage

India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.