প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ অক্টোবৰ, ২০২০ৰ ভাৰতীয় মান সময় অনুসৰি সন্ধিয়া ৬.০০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিটি আয়োগ আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অনুষ্ঠিত কৰা বাৰ্ষিক কাৰ্যসূচীত শীৰ্ষস্থানীয় গ্ল’ৱেল তেল ও গেছ কোম্পানীসমূহৰ চিইঅ’ৰে মত-বিনিময় কৰিব।

গ্ল’ৱেল তেল আৰু গেছ খণ্ডত ভাৰত হৈছে গুৰুত্বপূৰ্ণ প্লেয়াৰ। ই হৈছে অপৰিশোধিত তেলৰ ৩য় সৰ্ববৃহৎ উপভোক্তা আৰু ৪ৰ্থ সৰ্ববৃহৎ এলএনজি আমদানিকাৰী। গ্ল’ৱেল তেল ও গেছ ভেল্যু শৃংখলত ভাৰত উপভোক্তাৰপৰা সক্ৰিয় আৰু ভকেল ষ্টেক-হ’ল্ডাৰ হৈ উঠাৰ প্ৰয়োজনীয়তাৰ কথা অনুধাৱন কৰি, নিটি আয়োগে ২০১৬ত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সৈতে গ্ল’ৱেল তেল ও গেছ কোম্পানীসমূহৰ চিইঅ’ৰ প্ৰথমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰিছিল।

এই কাৰ্যসূচীৰ প্ৰতি সঁহাৰি আছিল আশাব্যঞ্জক। প্ৰতি বছৰে গ্ল’ৱেল তেল ও গেছ খণ্ডক প্ৰভাৱিত কৰি অহা প্ৰায় ৪৫-৬০ গ্ল’ৱেল চিইঅ’ আৰু মূল ষ্টেকহ’ল্ডাৰসকল ইয়াত গোট খাই আহিছিল। য’ত মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে সমস্যা আৰু সুযোগ সন্দৰ্ভত মত-বিনিময় আৰু আলোচনা কৰে। এই বাৰ্ষিক গ্ল’ৱেল চিইঅ’ৰে মত-বিনিময়ে বহু গভীৰ আলোচনা, মানসম্পন্ন পৰামৰ্শ আৰু তেওঁলোকে আৰোপ কৰা মনোযোগিতাৰ উন্মেষ ঘটায়।

এনে ৫মখনি কাৰ্যসূচী নিটি আয়োগ আৰু পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। এই বৰ্ষৰ উক্ত কাৰ্যসূচীত মূল তেল আৰু গেছ কোম্পানীসমূহৰ প্ৰায় ৪৫ চিইঅ’য়ে অংশগ্ৰহণ কৰিব।

গ্ল’ৱেল প্লেটফৰ্মলৈ লৈ যোৱা এই বৈঠকৰ আঁৰত লুকাই থকা উদ্দেশ্যৰাজিৰ ভিতৰত আছেঃ শ্ৰেষ্ঠ-পন্থা বুজি উঠা, সংস্কাৰৰ আলোচনা আৰু ভাৰতীয় তেল আৰু গেছ ভেল্যু শৃংখলত বিনিয়োগ বৃদ্ধিৰ অৰ্থে কৌশলৰ অৱগতকৰণ। এই বাৰ্ষিক মত-বিনিময় কাৰ্যক্ৰম ক্ৰমান্বয়ে অতিশয় গুৰুত্বপূৰ্ণ বৈঠকলৈ ৰূপান্তৰিত হৈ পৰিছে। য’ত কেৱল মাত্ৰ বৌদ্ধিক যুক্তি-তৰ্কই নহয় বৰঞ্চ ই কাৰ্যকৰী কৰ্মপন্থাক প্ৰশস্ত কৰি তুলিবলৈ সক্ষম হৈছে। ভাৰতৰ বৰ্ধনৰ চিন স্বৰূপেও এই বৈঠকখনিয়ে তাৎপৰ্য বহন কৰিছে, যি হৈছে বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ শক্তি উপভোক্তা, যিয়ে বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ তেল ও গেছ খণ্ডটোত ২০৩০ৰ ভিতৰত ৩০০ বিলিয়নৰো অধিক আমেৰিকান ডলাৰৰ বিনিয়োগৰ লক্ষ্য় নিৰ্ধাৰণ কৰি তুলিছে।

এই মত-বিনিময়ত আদৰণি ভাষণ আগবঢ়াব পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰী আৰু তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ইয়াৰ পাছতে বিস্তৃত প্ৰেজেনটেশ্যন আগবঢ়োৱা হ’ব। য’ত তেল ও গেছ খণ্ডৰ অৱলোকন কৰা হ’ব আৰু ভাৰতীয় তেল ও গেছ খণ্ডটোৰ লক্ষ্য আৰু সুযোগসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা হ’ব।

ইয়াৰ অন্তৰ লগে-লগেই গ্ল’ৱেল চিইঅ’ আৰু বিশেষজ্ঞসকলেৰে মত-বিনিময় অনুষ্ঠানৰ আৰম্ভণি হ’ব। ইয়াত ভাগ ল’বলগীয়া মূল গ্ল’ৱেল তেল আৰু গেছ ষ্টেকহ’ল্ডাৰসকলৰ ভিতৰত আছেঃ মহামহিম ডঃ চুলতান আহমেদ আল জাৱেৰ, চিইঅ’, আবু ধাবি নেশ্যনেল অইল কোম্পানী (ADNOC) আৰু উদ্যোগ আৰু এডভান্সড টেকন’ল’জি মন্ত্ৰী, ইউএই, মহামহিম চাদ শ্বেৰিদা আল-কাবি, কাটাৰৰ শক্তি পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী, উপাধ্য়ক্ষ, অধ্যক্ষ ও চিইঅ’, কাটাৰ পেট্ৰ’লিয়াম, মহামহিম মহম্মদ চনুচী বাৰ্কিন্দ’, সচিব প্ৰধান, ‘অপেক’, অষ্ট্ৰিয়া। এওঁলোকে অনুষ্ঠানটি আগবঢ়াই নিব আৰু তেল আৰু গেছ খণ্ডটোত তেওঁলোকৰ ইনপুট যোগান ধৰিব।

ডঃ ইগ’ৰ চেচিন, অধ্যক্ষ ও চিইঅ’, ৰছনেফ্ট, ৰাছিয়া, শ্ৰী বেৰনাৰ্ড লুনী, চিইঅ’, বিপি লিমিটেড, শ্ৰী পেট্ৰিক পৌয়ান্নে, অধ্য়ক্ষ ও চিইঅ’, টোটেল এছ.এ., ফ্ৰান্স, শ্ৰী অনিল আগৰৱালা, বেদান্ত ৰিচ’ৰ্ছ লিমিটেডৰ অধ্যক্ষ, শ্ৰী মুকেশ আম্বানি, অধ্যক্ষ ও পৰিচালন সঞ্চালক, আৰআইএল, ডঃ ফাটিহ বিৰল, কাৰ্যবাহী সঞ্চালক, ইন্টাৰনেশ্যনেল এনাৰ্জী এজেন্সী, ফ্ৰান্স, শ্ৰী যোছেফ মেক মণিগল, সচিব প্ৰধান, ইন্টাৰনেশ্যনেল এনাৰ্জী ফৰাম, চৌদি আৰৱ আৰু য়ুৰী চেন্টিউৰিণ, সচিব-প্ৰধান, জিইচিএফ এ মাননীয় প্ৰধানমন্ত্ৰীৰে তেওঁলোকৰ ইনপুট বিনিময় কৰিব। ইয়াত যিসমূহ  মূল তেল ও গেছ কোম্পানীৰ চিইঅ’ ও বিশেষজ্ঞই নিজা-নিজা অভিমত ব্যক্ত কৰিব, সেই কোম্পানীসমূহ হৈছেঃ লিঅ’ণ্ডেল বেছেল, টেল্লুৰিয়ান, চেলুমবাৰ্গাৰ, বাকেৰ হাগছ, জেইআৰএ, এমাৰ্ছন আৰু এক্স –ক’ল, ভাৰতীয় তেল ও গেছ কোম্পানীসমূহ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে চতুৰ্থ বৰ্ষত ভৰি দিয়া চিইআৰএউইকৰ জৰিয়তে ইণ্ডিয়া এনাৰ্জী ফৰাম উদ্বোধন কৰিব। ইয়াৰ আয়োজক হৈছে ক্ৰিটিকেল ইনফৰ্মেশ্যন, এনালাইটিক্স আৰু চলুচনত বিশ্ব গুৰু আইএইচএছ মাৰ্কিট। এই কাৰ্যসূচীত এটা আন্তঃৰাষ্ট্ৰীয় বক্তাৰ দল আৰু ভাৰত আৰু ৩০ খনৰো অধিক ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াতে থাকিব আঞ্চলিক শক্তি কোম্পানী, শক্তি-সম্পৰ্কীয় উদ্যোগ, প্ৰতিষ্ঠান আৰু চৰকাৰসমূহ।

উদ্বোধনী অনুষ্ঠানৰ বক্তাসকল হৈছেঃ

• এইচ.আৰ.এইচ. আব্দুলাজিজ বিন চলমান আই চাউড – শক্তি মন্ত্ৰী, চৌদি আৰৱ আৰু

• ডেন ব্ৰুইল্লেট্ট – শক্তি সচিব, আমেৰিকা

• ডঃ ডেনিয়েল য়াৰ্গিন – উপাধ্যক্ষ, আইএইচএছ মাৰ্কিট, অধ্যক্ষ, চিইআৰএউইক

ইণ্ডিয়া এনাৰ্জী ফৰামত অন্বেষণ কৰিবলগীয়া প্ৰধান বিষয়সমূহ হৈছেঃ ভাৰতৰ ভৱিষ্যৎ শক্তি চাহিদাত মহামাৰীৰ প্ৰভাৱ; ভাৰতৰ অৰ্থনৈতিক বিকাশৰ অৰ্থে যোগানৰ সুৰক্ষিতকৰণ; ভাৰতৰ সাপেক্ষে শক্তি ৰূপান্তৰ আৰু জলবায়ু কৰ্মপন্থা কি; ভাৰতৰ এনাৰ্জী মিক্সত প্ৰাকৃতিক গেছঃ পাথ; ৰিফাইনিং ও পেট্ৰ’কেমিকেলছ কিঃ মধ্য উদ্ধৃতিৰ কৌশল; উদ্ভাৱনৰ তীব্ৰতাঃ জৈৱ ইন্ধন, হাইড্ৰ’জেন, চিচিএছ, ইলেকট্ৰিক ভেহিকল আৰু ডিজিটেল ৰূপান্তৰ আৰু; বজাৰ আৰু নিয়ামক সংস্কাৰঃ আগত কি আছে?

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Muffler, cap, gloves: PM recalls gifts a New Zealander gave him 25-30 years ago

Media Coverage

Muffler, cap, gloves: PM recalls gifts a New Zealander gave him 25-30 years ago
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of legendary playback singer S. Janaki Amma
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of distinguished playback singer S. Janaki Amma.

The Prime Minister said that her passing is an irreparable loss to the world of music and culture. He noted that her songs in various languages were popular across generations and gave voice to every emotion with unparalleled grace and versatility.

Shri Modi said that her melodies will continue to enchant listeners in the years to come.

The Prime Minister wrote on X;

“The passing of the distinguished playback singer S. Janaki Amma is an irreparable loss to the world of music and culture. Her songs in various languages were popular across generations. They gave voice to every emotion with unparalleled grace as well as versatility. Her melodies will continue to enchant listeners in the years to come. My heartfelt condolences to her family, countless admirers and the entire music fraternity in this hour of grief. Om Shanti.”