সন্মিলনত সমগ্ৰ দেশৰ অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব
সন্মিলনে সমগ্ৰ দেশৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণৰ আন্তঃগাঁথনি শক্তিশালী কৰাত সহায় কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ জুন, ২০২৩ৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানস্থিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে সন্মিলনত  ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱাৰ সামৰ্থ্য বিকাশৰ জৰিয়তে দেশত শাসন প্ৰক্ৰিয়া আৰু নীতি ৰূপায়ণৰ উন্নতিৰ প্ৰবক্তা হিচাপে কাম কৰি আহিছে। এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ সঠিক মনোভাৱ, দক্ষতা আৰু জ্ঞানেৰে ভৱিষ্যতৰ বাবে সাজু অসামৰিক সেৱা প্ৰস্তুত কৰাৰ বাবে ৰাষ্ট্ৰীয় অসামৰিক সেৱাৰ সামৰ্থ্য বিকাশৰ কাৰ্যসূচী (এনপিচিএছচিবি)– ‘মিছন কৰ্মযোগী’ আৰম্ভ কৰা হয়। এই সন্মিলনখন এই দিশত আন এক পদক্ষেপ।

অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে সামৰ্থ্য বিকাশ আয়োগে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলনখনি আয়োজন কৰিছে।

কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰাজ্যিক প্ৰশাসনিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, আঞ্চলিক আৰু খণ্ড প্ৰশিক্ষণ প্ৰতিষ্ঠান, গৱেষণা প্ৰতিষ্ঠানকে ধৰি প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ১৫০০ৰো অধিক প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ বিভাগ, ৰাজ্য চৰকাৰ, স্থানীয় চৰকাৰৰ অসামৰিক কৰ্মচাৰীৰ লগতে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞসকলেও এই আলোচনাত অংশগ্ৰহণ কৰিব।

এই বৈচিত্ৰপূৰ্ণ সমাৱেশে ধাৰণা বিনিময়ক লাভান্বিত কৰিব, তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু উপলব্ধ সুযোগসমূহ চিনাক্ত কৰিব আৰু সামৰ্থ্য বিকাশৰ বাবে কাৰ্য্যকৰী সমাধান আৰু ব্যাপক কৌশলৰ সৃষ্টি কৰিব। সন্মিলনত আঠটা পেনেল আলোচনা অনুষ্ঠিত হ’ব, প্ৰত্যেকেই অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান যেনে-অধ্যাপক বিকাশ, প্ৰশিক্ষণ প্ৰভাৱ মূল্যায়ন আৰু বিষয়বস্তু ডিজিটেলাইজেচন আদিৰ সৈতে জড়িত মূল দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action