প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ১৩ অক্টোবৰৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ যশোভূমিত ৯ম জি-২০ পাৰ্লিয়ামেন্টেৰী স্পীকাৰ্ছ ছামিট (P20) উদ্বোধন কৰিব। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিস্তৃত কাঠামোৰ অধীনত ভাৰতৰ সংসদে এই সন্মিলনৰ আয়োজন কৰিছে।

ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিষয়বস্তুৰে সংগতি ৰাখি ৯ম পি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে “এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ।” ইয়াত জি-২০ৰ সদস্য আৰু আমন্ত্ৰিত দেশসমূহৰ সংসদৰ অধ্যক্ষসকলে অংশগ্ৰহণ কৰিব। ২০২৩ৰ ৯-১০ ছেপ্টেম্বৰত অনুষ্ঠিত নতুন দিল্লী জি-২০ নেতা সন্মিলনত আফ্ৰিকান ইউনিয়ন জি-২০ৰ সদস্য হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব আফ্ৰিকাৰ সকলো সংসদ তথা ইয়াৰ অধ্যক্ষসকলে।

এই পি-২০ সন্মিলনত অনুষ্ঠিতব্য বিষয়ভিত্তিক অধিবেশনসমূহত চাৰিটা বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব, যথাঃ ৰাজহুৱা ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে জনসাধাৰণৰ জীৱন-যাত্ৰাৰ পৰিৱৰ্তন সাধন; মহিলা-নেতৃত্বাধীন উন্নয়ন; এছডিজিসমূহক ত্বৰান্বিতকৰণ আৰু বহনক্ষম শক্তি পৰিৱৰ্তন।

প্ৰকৃতিৰে সামঞ্জস্যপূৰ্ণভাৱে সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সন্দৰ্ভত আলোচনা কৰিবলৈ, এই সন্মিলনৰ পূৰ্বে ২০২৩ৰ ১২ অক্টোবৰত লাইফ (LiFE-Lifestyle for Environment) বিষয়ক এখনি সংসদীয় ফৰামো অনুষ্ঠিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength