প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ মাৰ্টত SEMICON India 2024 উদ্বোধন কৰিব। এই অনুষ্ঠানত তেওঁ ভাষণো আগবঢ়াব।

ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন, আৰু প্ৰযুক্তি বিকাশৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে এই পদক্ষেপৰ আছে গভীৰ সম্পৰ্ক। ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চলিবলগীয়া SEMICON India 2024 "Shaping the Semiconductor Future" শীৰ্ষক বিষয়বস্তুৰ অধীনত অনুষ্ঠিত হ'ব।

তিনিদিনীয়া এই সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী কৌশল আৰু নীতিৰ ওপৰত আলোকপাত কৰা হ’ব, যাৰ লক্ষ্য হৈছে দেশখনক বিশ্বব্যাপী অৰ্ধপৰিবাহী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। এই অনুষ্ঠানত বিশ্বৰ অৰ্ধপৰিবাহী কোম্পানীসমূহৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় নেতা, উদ্যোগ বিশেষজ্ঞ, আৰু ২৫০ জনতকৈ অধিক প্ৰদৰ্শক আৰু ১৫০ জন বক্তাক একত্ৰিত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India