প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১১ নৱেম্বৰৰ পুৱা ৪.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কটকৰ আয়কৰ এপিলেট ট্রিবিউনেল (আইটিএটি)ৰ কাৰ্যালয়  তথা আৱাসিক কমপ্লেক্স          উদ্বোধন কৰিব। কেন্দ্রীয় আইন মন্ত্রী, কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী, ওড়িষাৰ মুখ্যমন্ত্রী, ওড়িষা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সহ অন্যান্য বিচাৰপতিসকলৰ লগতে আন বহু বিশিষ্ট লোক এই অনুষ্ঠানত উপস্থিত থাকিব। এই উপলক্ষে আইটিএটিৰ ওপৰত  এখন ই-কফি টেবুল বুক উন্মোচন কৰা হ’ব ।

 

আইটিএটি হিচাপে পৰিচিতআয়কৰ এপিলেট ট্রিবিউনেল প্রত্যক্ষ কৰৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ বিধিবদ্ধ সংস্থা।এইট্রিবিউনেলৰ ৰায় বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হয় আৰু ইয়াকেই চূড়ান্ত আদেশ বুলি বিবেচনা কৰা হয়। বর্তমান ঝাৰখণ্ড উচ্চ ন্যায়ালয় আৰু গুজৰাট উচ্চন্যায়ালয়ৰ প্রাক্তন বিচাৰপতি পি পি ভাটে এই ট্রিবিউনেলৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিছে। ১৯৪১ চনৰ ২৫ জানুৱাৰীত গঠন হোৱা আইটিএটি ট্রিবিউনেলেই প্ৰথমখন ট্ৰিবিউনেল আৰু ইয়াক 'মাদাৰ ট্রিবিউনেল' হিচাপেও জনা যায়। ১৯৪১ চনত দিল্লী, বম্বে আৰু কলকাতা এই তিনিখন চহৰত তিনিখন বেঞ্চেৰে আৰম্ভ হোৱা এই ট্ৰিবিউনেলৰ বর্তমান দেশৰ ৩০খন চহৰত ৬৩খন বেঞ্চ আৰু দুটাকৈ চার্কিট বেঞ্চ আছে।

 

আইটিএটিৰ কটক বেঞ্চ ১৯৭০ চনৰ ২৩ মে’ত গঠন কৰা হয় আৰু উক্ত দিনাৰ পৰাই ই কাম কৰা আৰম্ভ কৰিছিল। সমগ্ৰ ওড়িষা ৰাজ্যখনে কটক বেঞ্চৰ অন্তর্ভুক্ত। ৫০ বছৰৰো অধিক কাল ধৰি ভাড়াঘৰৰ পৰাই ইয়াৰ কাম-কাজ চলি আছিল। আইটিএটি কটক শাখাৰ নৱনির্মিত কাৰ্যালয় তথা আৱাসিক কমপ্লেক্স ১.৬০ একৰ ভূমিত গঢ়ি তোলা হৈছে। ওড়িষা চৰকাৰে ২০১৫ চনত বিনামূলীয়াকৈ এইভূমিখিনি প্ৰদান কৰিছিল। মুঠ ১,৯৩৮ বর্গ কিলোমিটাৰ এলেকাত কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। তিনিমহলীয়া এই কাৰ্যালয়ত প্রসাৰিত আদালত কক্ষ, অত্যাধুনিক ৰেকর্ড কক্ষ, বেঞ্চৰ সদস্যসকলৰ বাবে সু-সজ্জিত চেম্বাৰ, লাইব্রেৰী ৰুম, সু-সজ্জিত আধুনিক সম্মিলন কক্ষৰ উপৰিও বিচাৰ প্রার্থীসকলৰ বাবে পৰ্যাপ্ত স্থান, আইনজীৱী আৰু চার্টার্ড একাউন্টেন্টসকলৰ বাবে বাৰ ৰুমৰ ব্যৱস্থা কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s maternal mortality drops nearly 80% since 1990: Global study

Media Coverage

India’s maternal mortality drops nearly 80% since 1990: Global study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2026
March 29, 2026

Citizens Praise PM Modi for The Visionary Shift: Empowering Every Citizen in an Uncertain World