ক্ষমতাৰ এক প্ৰতীকস্বৰূপ পূৰ্বৰ ‘ৰাজপথ’ৰ পৰা ‘কৰ্তব্য পথ’লৈ হোৱা পৰিৱৰ্তনে জনস্বত্ব তথা সবলীকৰণৰ এক নিদৰ্শনকে প্ৰতীয়মান কৰিব
প্ৰধানমন্ত্ৰীৰ ‘পঞ্চপণ’ৰ অন্যতম এটি পণৰ সৈতে সংগতি : “ঔপনিৱেশিক মানসিকতাৰ চিন-মোকাম নোহোৱা কৰা”
‘কৰ্তব্য পথ’ উন্নত ৰাজহুৱা স্থান আৰু পদপথৰ সৈতে প্ৰশস্থ প্ৰাংগণ, সংযোজিত সেউজাঞ্চল, পৰিশোধিত নলা-নৰ্দমা, উন্নতশৈলীৰ সাংকেতিক ফলক, নতুন সা-সুবিধাযুক্ত পৰিসৰ আৰু বিপণিৰে সজ্জিত হ’ব
পদচাৰীৰ বাবে নতুন সুৰংগপথ, যান-বাহণৰ বাবে উন্নত ৰখা ঠাই, নতুন প্ৰদৰ্শনী-ব্যৱস্থা আৰু উন্নত নৈশ-আলোকন ব্যৱস্থাৰে জনসাধাৰণৰ বাবে নতুন অভিজ্ঞতাৰ অৱকাশ সৃষ্টি কৰিব
গোটা আৱজৰ্না প্ৰবন্ধন, ব্যৱহৃত পানীৰ পুনৰব্যৱহাৰ, বৰষুণৰ পানী সংৰক্ষণ আৰু শক্তি-পাৰদৰ্শী আলোকন পদ্ধতিকে ধৰি বহুবোৰ বহণক্ষম বৈশিষ্ট্য সামৰাৰ ব্যৱস্থা কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ৭ বজাত আনুষ্ঠানিক ভাবে ‘কৰ্তব্য পথ’ মুকলি কৰিব। ক্ষমতাৰ এক প্ৰতীকস্বৰূপ পূৰ্বৰ ‘ৰাজপথ’ৰ পৰা ‘কৰ্তব্য পথ’লৈ হোৱা পৰিৱৰ্তনে জনস্বত্ব তথা সবলীকৰণৰ এক নিদৰ্শনকে প্ৰতীয়মান কৰিব। একেটা উপলক্ষতে প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। এই পদক্ষেপ নতুন ভাৰতৰ অমৃত কালৰ বাবে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ‘পঞ্চপণ’ৰ দ্বিতীয়টি পণ : ঔপনিৱেশিক মানসিকতাৰ চিন-মোকাম নোহোৱা কৰা-ৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে।

বিগত বছৰবোৰত ‘ৰাজপথ’ আৰু ‘চেণ্ট্ৰেল ভিষ্টা এভিনিউ’ৰ সমীপবৰ্তি অঞ্চলসমূহে বৰ্দ্ধিত দৰ্শনাৰ্থীৰ প্ৰকোপ আৰু ইয়াৰ পৰণতিত অঞ্চলটোৰ আন্তঃগাঁথনিসমূহত পৰা ছাপে সৃষ্টি কৰা সমস্যাৰ সন্মুখীন হৈ আহিছিল। ইয়াত ৰজাহুৱা শৌচাগাৰ, খোৱাপানী, পথ-সজ্জা আৰু যান-বাহন ৰখাৰ বাবে পৰ্যাপ্ত ব্যৱস্থাৰ দৰে বুনিয়াদী সা-সুবিধাবোৰৰ বাৰুকৈয়ে অভাৱ আছিল। তদুপৰি, এলেকাটোত সাংকেতিক ফলকৰ সীমাবদ্ধতা, পানী নিষ্কাশনৰ বাবে উপযুক্ত ব্যৱস্থা নথকা আৰু যধে-মধে ৰখা যান-বাহণ আদিৰ সমস্যাও বিৰাজমান আছিল। আনহাতে ‘গণৰাজ্য দিৱস’-কে ধৰি অন্যান্য ৰাষ্ট্ৰীয় কাৰ্যক্ৰমসমূহ উদযাপনৰ প্ৰয়োজনীয়তাৰ লগতে ন্যূনতম নিয়ন্ত্ৰণৰ মাজেৰে কেনেকৈ সাধাৰণ ৰাইজৰ আহ-যাহ সম্ভৱ কৰিব পৰা যায় তেনেবোৰ  প্ৰয়োজনীয়তাও অনুভৱ কৰি অহা হৈছিল। এইবোৰ কথা মনত ৰখাৰ লগতে বিশ্বাসযোগ্যতা আৰু স্থাপত্যৰ চাৰিত্ৰিক বৈশিষ্ট্য অব্যাহত ৰাখিয়েই এলেকাটোৰ উন্নয়ণ সাধন কৰা হৈছে।

‘কৰ্তব্য পথ’ উন্নত ৰাজহুৱা স্থান আৰু পদপথৰ সৈতে প্ৰশস্থ প্ৰাংগণ, সংযোজিত সেউজাঞ্চল, পৰিশোধিত নলা-নৰ্দমা, উন্নতশৈলীৰ সাংকেতিক ফলক, নতুন সা-সুবিধাযুক্ত পৰিসৰ আৰু বিপণিৰে সজ্জিত হ’ব। তদুপৰি, পদচাৰীৰ বাবে নতুন সুৰংগপথ, যান-বাহণৰ বাবে উন্নত ৰখা ঠাই, নতুন প্ৰদৰ্শনী-ব্যৱস্থা আৰু উন্নত নৈশ-আলোকন ব্যৱস্থাৰে জনসাধাৰণৰ বাবে নতুন অভিজ্ঞতাৰ অৱকাশ সৃষ্টি কৰিব। এইবোৰ লগতে গোটা আৱজৰ্না প্ৰবন্ধন, ব্যৱহৃত পানীৰ পুনৰব্যৱহাৰ, বৰষুণৰ পানী সংৰক্ষণ আৰু শক্তি-পাৰদৰ্শী আলোকন পদ্ধতিকে ধৰি বহুবোৰ বহণক্ষম বৈশিষ্ট্যকো সামৰাৰ ব্যৱস্থা কৰা হৈছে।

এইবছৰৰ আৰম্ভণিতে ‘পৰাক্ৰম দিৱস’(২৩ জানুৱাৰী)ত উন্মোচন কৰা নেতাজীৰ ‘হ’ল’গ্ৰাম’ প্ৰতিমূৰ্তিটোৰ স্থানতে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিবলগীয়া ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিটো সংস্থাপিত কৰা হৈছে। গ্ৰেণাইট পাথ্থৰৰে নিৰ্মিত প্ৰতিমূৰ্তিটো স্বাধীনতা সংগ্ৰামত নেতাজীয়ে আগবঢ়োৱা অনবদ্য অৱদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি, আৰু দেশে তেওঁৰ প্ৰতি স্বীকাৰ কৰা ঋণৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব। শ্ৰী অৰুণ যোগীৰাজে মুখ্য ভাস্কৰ হিচাপে গঢ়ি তোলা ২৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো এচটা গ্ৰেণাইট শিলতে কাটি উলিওৱা হৈছে আৰু ইয়াৰ ওজন হৈছে ৬৫ মেট্ৰিক টন। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.