PM to also inaugurate 8th edition of India Mobile Congress 2024
For the first time the ITU-WTSA will be hosted in India and the Asia-Pacific
3,000 industry leaders, policy-makers and tech experts from over 190 countries to participate in ITU-WTSA
Theme of the 8th edition of India Mobile Congress is "The Future is now"
India Mobile Congress 2024 will showcase over 400 exhibitors, about 900 startups, and participation from over 120 countries

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ অক্টোবৰৰ পুৱা ১০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইন্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়ন - ৱৰ্ল্ড টেলিকমিউনিকেচন ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলী (WTSA), ২০২৪ উদ্বোধন কৰিব।

 

ইয়াতে প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৪ৰ অষ্টম সংস্কৰণো উদ্বোধন কৰিব।

ডব্লিউটিএছএ হৈছে ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্ৰযুক্তি সংস্থা ইন্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়নৰ মানকৰণ কামৰ বাবে প্ৰতি চাৰি বছৰৰ মূৰে-মূৰে অনুষ্ঠিত এক সন্মিলন। পোন-প্ৰথমবাৰৰ বাবে ভাৰত আৰু এছিয়া-পেচিফিকত অনুষ্ঠিত হ’ব এই আইটিইউ-ডব্লিউটিএছএ। ই এক গুৰুত্বপূৰ্ণ বৈশ্বিক অনুষ্ঠান যিয়ে টেলিকম, ডিজিটেল আৰু আইচিটি খণ্ডক প্ৰতিনিধিত্ব কৰা ১৯০ খনৰো অধিক দেশৰ ৩,০০০ ৰো অধিক উদ্যোগ নেতা, নীতি-নিৰ্ধাৰক আৰু টেক বিশেষজ্ঞক একত্ৰিত কৰিব।

ডব্লিউটিএছএ, ২০২৪ য়ে দেশসমূহক ৬জি, এআই, আইঅ’টি, বিগ ডাটা, চাইবাৰ সুৰক্ষা আদি পৰৱৰ্তী প্ৰজন্মৰ গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰাজিৰ মানদণ্ড সম্পৰ্কে আলোচনা আৰু সিদ্ধান্ত গ্ৰহণৰ এখনি মঞ্চ প্ৰশস্ত কৰিব। ভাৰতত এই অনুষ্ঠানৰ আয়োজনে দেশখনক বৈশ্বিক টেলিকম এজেণ্ডা গঠন আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ বাবে পথ নিৰ্ধাৰণত এটি মূল ভূমিকা পালনৰ সুযোগ প্ৰদান কৰিব। ভাৰতীয় ষ্টাৰ্টআপ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আৰু ষ্টেণ্ডাৰ্ড এচেন্সিয়েল পেটেন্ট বিকশিতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি লাভ কৰিবলৈ সাজু হৈছে।

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৪ত ভাৰতৰ উদ্ভাৱনী বাতাবৰণক প্ৰদৰ্শন কৰা হ’ব, য’ত আগশাৰীৰ টেলিকম কোম্পানী আৰু উদ্ভাৱকসকলে ৬জি, ৫জি ইউজ-কেছ শ্ব’কেছ, ক্লাউড এণ্ড এজ কম্পিউটিং, আইঅ’টি, অৰ্ধপৰিবাহী, চাইবাৰ সুৰক্ষা, সেউজ প্ৰযুক্তি সন্দৰ্ভত চৰ্চাৰ লগতে কোৱান্টাম প্ৰযুক্তি আৰু চক্ৰীয় অৰ্থনীতিৰ অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰা হ’ব।

এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল প্ৰযুক্তি মঞ্চ ইণ্ডিয়া ম’বাইল কংগ্ৰেছ হৈছে উদ্যোগ, চৰকাৰ, শিক্ষাবিদ, ষ্টাৰ্টআপ আৰু আন-আন মূল অংশীদাৰসকলৰ বাবে উদ্ভাৱনীমূলক সমাধান, সেৱা আৰু অত্যাধুনিক ব্যৱহাৰৰ ক্ষেত্ৰ প্ৰদৰ্শনৰ অৰ্থে সমগ্ৰ বিশ্বতে এক সুপৰিচিত মঞ্চ। ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৪ত ৪০০ৰো অধিক প্ৰদৰ্শক, প্ৰায় ৯০০ ষ্টাৰ্টআপৰ সমাৱেশ ঘটিব। এই অনুষ্ঠানৰ লক্ষ্য হৈছে ৯০০ৰো অধিক প্ৰযুক্তি ব্যৱহাৰৰ পৰিস্থিতি প্ৰদৰ্শন কৰা, ১০০ৰো অধিক অধিৱেশনৰ আয়োজন কৰা আৰু ৬০০ ৰো অধিক বৈশ্বিক তথা ভাৰতীয় বক্তাৰ সৈতে আলোচনা কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi