দেশত প্ৰথমবাৰৰ বাবে আয়োজিত হৈছে এই সন্মিলন
সন্মিলনৰ বিষয়: ‘ন্য়ায় প্ৰদান ব্য়ৱস্থাত অহা প্ৰত্য়াহ্বানবোৰ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্তেম্বৰ, ২০২৩ত নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত দিনৰ ১০ বজাত ‘আন্তঃৰাষ্ট্ৰীয় অধিবক্তাসকলৰ সন্মিলন ২০২৩’ৰ উদ্বোধন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উপস্থিত প্ৰতিনিধিসকলক উদ্দেশ্য়ি ভাষণ প্ৰদান কৰিব।

এই আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলন ২০২৩ বাৰ কাউন্সিল অৱ ইণ্ডিয়াই ২৩-২৪ ছেপ্তেম্বৰ, ২০২৩ত ‘ন্য়ায় প্ৰদান ব্য়ৱস্থাত অহা প্ৰত্য়াহ্বানবোৰ’ শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত কৰিছে। এই সন্মিলনত মূলত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ বিভিন্ন আইনী বিষয়ৰ অৰ্থপূৰ্ণ আলোচনা কৰাৰ লগতে এই মঞ্চৰ জৰিয়তে নতুন আইনী ধাৰণা আৰু অভিজ্ঞতাৰ আদান-প্ৰদান, আইনী বিষয়সমূহৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বুজাবুজি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোঁপ কৰা হ’ব। দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই সন্মিলনত নতুন আইনী ধাৰা, সীমা অতিক্ৰম কৰি হোৱা আইনী বিষয়ৰ ক্ষেত্ৰত অহা প্ৰত্য়াহ্বান, আইনী প্ৰযুক্তি, পৰিবেশ আইন আদি বিষয়ত আলোচনা কৰা হ’ব।

এই অনুষ্ঠানত বিশ্বৰ আইনজীৱি সমাজৰ শীৰ্ষ নেতৃত্ব তথা বিশিষ্ট ন্য়ায়াধীশ, আইনী বিশেষজ্ঞ তথা অধিবক্তাসকলৰ উপস্থিতি দেখিৱলৈ পোৱা যাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x

Media Coverage

10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 এপ্ৰিল 2026
April 10, 2026

Safe Anchor, Green Engine, Digital Dynamo: PM Modi’s Blueprint for India’s Economic Renaissance