পিপ্ৰহোৱা ধ্বংসাৱশেষ ভগৱান বুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আদিম আৰু ঐতিহাসিকভাৱে উল্লেখযোগ্য ধ্বংসাৱশেষৰ ভিতৰত অন্যতম
“ দ্য লাইট এণ্ড দ্য লোটাছঃ ৰেলিকছ অব দ্য ৱাকেণ্ড ৱান ” শীৰ্ষক প্ৰদৰ্শনীয়ে ভগৱান বুদ্ধৰ জীৱনৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব
প্ৰদৰ্শনীত ভাৰতৰ চিৰস্থায়ী বৌদ্ধ ঐতিহ্য প্ৰদৰ্শন কৰা হৈছে
প্ৰদৰ্শনীয়ে এশ বছৰতকৈও অধিক সময়ৰ পিছত পিপ্ৰহোৱাৰ প্ৰত্যাৱৰ্তন কৰা ধ্বংসাৱশেষ আৰু প্ৰত্নতাত্ত্বিক সম্পদসমূহক একত্ৰিত কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৩ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “ দ্য লাইট এণ্ড দ্য লোটাছঃ ৰেলিকছ অব দ্য ৱাকেণ্ড ৱান ” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পবিত্ৰ পিপ্ৰহোৱা ধ্বংসাৱশেষৰ গ্ৰেণ্ড আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব।

প্ৰদৰ্শনীখনে প্ৰথমবাৰৰ বাবে এশ বছৰতকৈও অধিক সময়ৰ পাছত ঘূৰাই পঠোৱা পিপ্ৰহোৱাৰ  প্ৰামাণিক ধ্বংসাৱশেষ আৰু প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ সৈতে একত্ৰিত কৰিব। যিবোৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ৰ সংগ্ৰহত সংৰক্ষিত হৈ আছে।

১৮৯৮ চনত আৱিষ্কাৰ হোৱা পিপ্ৰহোৱাৰ ধ্বংসাৱশেষে আদিম বৌদ্ধ ধৰ্মৰ প্ৰত্নতাত্ত্বিক অধ্যয়নত কেন্দ্ৰীয় স্থান লাভ কৰিছে। এইবোৰ ভগৱান বুদ্ধৰ সৈতে পোনপটীয়াকৈ জড়িত আদিম আৰু ঐতিহাসিকভাৱে উল্লেখযোগ্য ধ্বংসাৱশেষৰ ভিতৰত অন্যতম। প্ৰত্নতাত্ত্বিক প্ৰমাণে পিপ্ৰহোৱা স্থানক প্ৰাচীন কপিলাবস্তুৰ সৈতে জড়িত কৰে, যিটো ভগৱান বুদ্ধই ত্যাগ কৰাৰ পূৰ্বে প্ৰাথমিক জীৱন কটোৱা ঠাই হিচাপে বহুলভাৱে চিনাক্ত কৰা হৈছে।

এই প্ৰদৰ্শনীত ভগৱান বুদ্ধৰ শিক্ষাৰ সৈতে ভাৰতৰ গভীৰ আৰু অবিৰত সভ্যতা সম্পৰ্কক উজ্জ্বল কৰি তোলা হৈছে আৰু ভাৰতৰ চহকী আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা হৈছে। স্থায়ী চৰকাৰী প্ৰচেষ্টা, প্ৰতিষ্ঠানিক সহযোগিতা আৰু উদ্ভাৱনীমূলক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে এই ধ্বংসাৱশেষসমূহৰ শেহতীয়া প্ৰত্যাৱৰ্তন সম্ভৱ হৈছে।

বিষয়ভিত্তিকভাৱে আয়োজন কৰা হৈছে এই প্ৰদৰ্শনী। ইয়াৰ কেন্দ্ৰত আছে সাঁচি স্তুপৰ পৰা অনুপ্ৰাণিত এক পুনৰ্গঠিত ব্যাখ্যাত্মক আৰ্হি, যিয়ে ৰাষ্ট্ৰীয় সংগ্ৰহৰ প্ৰামাণিক ধ্বংসাৱশেষ আৰু ঘূৰাই পঠোৱা ৰত্নসমূহ একত্ৰিত কৰে। আন আন খণ্ডসমূহৰ ভিতৰত আছে পিপ্ৰহোৱা ৰিভিজিটেড, ভিনেটছ অৱ দ্য লাইফ অৱ বুদ্ধ, ইনটেনজিবল ইন দ্য টেংগিবল: দ্য এষ্টেটিক লেংগুৱেজ অৱ বৌদ্ধ শিক্ষা, এক্সপান্সন অৱ বৌদ্ধ আৰ্ট এণ্ড আইডিয়ালছ বিয়ণ্ড বৰ্ডাৰছ, আৰু ৰিপেট্ৰিয়েচন অৱ কালচাৰেল আৰ্টিফেক্টছ: দ্য কন্টিনিউয়িং এণ্ডেভাৰ।

জনসাধাৰণৰ মাজত বুজাবুজি বৃদ্ধি কৰিবলৈ, প্ৰদৰ্শনীখন  এটা বিস্তৃত দৃশ্য-শ্ৰাব্য উপাদানৰ দ্বাৰা উপস্থান কৰা হৈছে, য'ত নিমজ্জিত ছবি, ডিজিটেল পুনৰ্গঠন, ব্যাখ্যাত্মক প্ৰক্ষেপণ আৰু মাল্টিমিডিয়ৰ উপস্থাপন অন্তৰ্ভুক্ত হৈ আছে। এই উপাদানসমূহে ভগৱান বুদ্ধৰ জীৱন, পিপ্ৰহোৱাৰ ধ্বংসাৱশেষৰ আৱিষ্কাৰ, অঞ্চলসমূহৰ মাজেৰে ইয়াৰ গতিবিধি আৰু ইয়াৰ সৈতে জড়িত কলাত্মক পৰম্পৰাৰ  অন্তৰ্দৃষ্টি প্ৰদান কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India, Norway signed triangular development cooperation agreement for benefit of Global South: PM Modi

Media Coverage

India, Norway signed triangular development cooperation agreement for benefit of Global South: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the demise of former Uttarakhand Chief Minister Major General Bhuwan Chandra Khanduri (Retd.)
May 19, 2026

Prime Minister Shri Narendra Modi today expressed deep grief over the passing of the former Chief Minister of Uttarakhand, Major General Bhuwan Chandra Khanduri (Retd.).

The Prime Minister noted that Major General Khanduri made invaluable contributions spanning from the armed forces to the political sphere, for which he will always be remembered. Shri Modi highlighted his unwavering dedication to the development of Uttarakhand during his tenure as Chief Minister, and described his stint as a Union Minister as truly inspiring. He further lauded his tireless efforts toward significantly improving connectivity across the nation.

The Prime Minister extended his heartfelt condolences to the family and supporters of the departed leader in this hour of grief.

The Prime Minister posted on X:

"उत्तराखंड के पूर्व मुख्यमंत्री मेजर जनरल भुवन चंद्र खण्डूडी (सेवानिवृत्त) जी के निधन से अत्यंत दुख हुआ है। सशस्त्र बलों से लेकर राजनीतिक जगत में उन्होंने बहुमूल्य योगदान दिया, जिसके लिए उन्हें सदैव याद किया जाएगा। उत्तराखंड के विकास के लिए वे हमेशा समर्पित रहे, जो मुख्यमंत्री के रूप में उनके कार्यकाल में भी साफ तौर पर दिखा। केंद्रीय मंत्री के रूप में भी उनका कार्यकाल हर किसी को प्रेरित करने वाला है। देशभर में कनेक्टिविटी की बेहतरी के लिए उन्होंने निरंतर अथक प्रयास किए। शोक की इस घड़ी में मेरी संवेदनाएं उनके परिजनों और समर्थकों के साथ हैं। ओम शांति!"