মহোৎসৱে উত্তৰ-পূব ভাৰতৰ বিশাল সাংস্কৃতিক ঐতিহ্যক উজ্জ্বল কৰি তুলিব, পৰম্পৰাগত কলা, শিল্পকলা আৰু সাংস্কৃতিক পদ্ধতিৰ বৈচিত্ৰ্যক একত্ৰিত কৰিব
এই মহোৎসৱত পৰম্পৰাগত হস্তশিল্প, হস্ততাঁত, কৃষিজাত সামগ্ৰী আৰু পৰ্যটনৰ অৰ্থনৈতিক সুযোগৰ প্ৰচাৰ কৰা হ’ব

উত্তৰ-পূৱ ভাৰতৰ সাংস্কৃতিক সজীৱতা প্ৰদৰ্শনৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ ডিচেম্বৰৰ বিয়লি প্ৰায় ৩ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰিব।

 

৬ৰ পৰা ৮ ডিচেম্বৰলৈ আয়োজন কৰা এই তিনিদিনীয়া সাংস্কৃতিক মহোৎসৱ প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে। এই মহোৎসৱত উত্তৰ-পূব ভাৰতৰ বিশাল সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত কলা, শিল্প আৰু সাংস্কৃতিক পদ্ধতিৰ বৈচিত্ৰ্যক একত্ৰিত কৰা হ’ব।

এই মহোৎসৱত পৰম্পৰাগত হস্তশিল্প, হস্ততাঁত, কৃষিজাত সামগ্ৰী, পৰ্যটন আদি খণ্ডৰ অৰ্থনৈতিক সুযোগ প্ৰচাৰৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। মহোৎসৱত শিল্পীৰ প্ৰদৰ্শনী, গ্ৰাম্য বজাৰ, ৰাজ্যিক বিশেষ মণ্ডপ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ ওপৰত কাৰিকৰী অধিৱেশনৰ আয়োজন কৰা হ’ব। মূল অনুষ্ঠানসমূহৰ ভিতৰত বিনিয়োগকাৰীৰ ঘুৰণীয়া মেজমেল আৰু ক্ৰেতা-বিক্ৰেতাৰ সভা, যিবোৰ নেটৱৰ্ক, অংশীদাৰিত্ব আৰু যৌথ পদক্ষেপ গঢ়ি তোলা আৰু শক্তিশালী কৰাৰ বাবে এক অনন্য সুযোগ প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা হৈছে যিয়ে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰে।

এই মহোৎসৱত ডিজাইন কনক্লেভ আৰু ফেশ্বন শ্ব’ অনুষ্ঠিত হ’ব, য’ত উত্তৰ-পূব ভাৰতৰ চহকী হস্ততাঁত আৰু হস্তশিল্প পৰম্পৰাক ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শন কৰা হ’ব। অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যক উজ্জ্বল কৰি তোলা এই মহোৎসৱত আকৰ্ষণীয় সংগীতানুষ্ঠান আৰু উত্তৰ-পূব ভাৰতৰ খাদ্য সম্ভাৰো প্ৰদৰ্শিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional