ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ আয়োজন
বৈঠকত অংশগ্ৰহণ কৰিব ১৫০খনৰো অধিক দেশৰ ২০০০ৰো অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুলাই, ২০২৪ৰ সন্ধিয়া ৭ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬সংখ্যক অধিৱেশন উদ্বোধন কৰিব। এই উপলক্ষে সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে। উদ্বোধনী অনুষ্ঠানত ইউনেস্ক’ৰ সঞ্চালক প্ৰধান শ্ৰীমতী আড্ৰে আজৌলেইও অংশগ্ৰহণ কৰিব।

 

ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক আয়োজন কৰা হৈছে। ২১ জুলাইৰ পৰা ৩১ জুলাই, ২০২৪লৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই বৈঠক অনুষ্ঠিত হ’ব। উল্লেখযোগ্য বছৰত এবাৰ বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয় পৰিচালনা আৰু বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া স্থানসমূহৰ সিদ্ধান্ত লোৱা হয়। এই বৈঠকৰ সময়ত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ প্ৰস্তাৱ, বৰ্তমানৰ ১২৪টা বিশ্ব ঐতিহ্য সম্পত্তিৰ সংৰক্ষণৰ অৱস্থাৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ ইত্যাদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব। বৈঠকত ডেৰশতাধিক দেশৰ ২০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

 

বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ সমান্তৰালকৈ বিশ্ব ঐতিহ্য যুৱ পেছাদাৰী মঞ্চ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰিচালক মঞ্চৰ সন্মিলনো অনুষ্ঠিত হ’ব।

 

তদুপৰি ভাৰতৰ সংস্কৃতি প্ৰদৰ্শনৰ বাবে ভাৰত মণ্ডপমত বিভিন্ন প্ৰদৰ্শনীৰো আয়োজন কৰা হ’ব। ৰিটাৰ্ণ অৱ ট্ৰেজাৰ্ছ শীৰ্ষক প্ৰদৰ্শনীত দেশলৈ বৰ্হিৰাষ্ট্ৰৰ পৰা ঘূৰাই অনা কিছুমান সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। আজিলৈকে ৩৫০ৰো অধিক শিল্পকৰ্ম স্বদেশলৈ ঘূৰাই অনা হৈছে। তদুপৰি, শেহতীয়া এআৰ এণ্ড ভিআৰ প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতৰ ৩টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে এক অনন্য অভিজ্ঞতা প্ৰদান কৰা হ’ব। সেইবোৰ সৈতে গুজৰাটৰ পাটনস্থিত ৰাণী কি ভাভ; মহাৰাষ্ট্ৰৰ ইলোৰা গুহাস্থিত কৈলাস মন্দিৰ আৰু কৰ্ণাটকৰ হালেবিদস্থিত হয়শালা মন্দিৰ। সেইবোৰৰ উপৰি ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, যুগ যুগ ধৰি চলি অহা সভ্যতা, ভৌগোলিক বৈচিত্ৰ্য, পৰ্যটনস্থলীৰ লগতে তথ্য প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত আধুনিক উন্নয়নক উজ্জ্বল কৰি তুলিবলৈ এখন ‘অবিশ্বাস্য ভাৰত’ প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to brave soldiers on Kargil Vijay Diwas
July 26, 2026

Prime Minister Shri Narendra Modi today stated that on Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India.

The Prime Minister noted that their valour in the face of the most formidable conditions will forever remain a source of national pride. He observed that their unwavering patriotism and devotion to duty will continue to inspire generations.

In a post on X, the Prime Minister shared:

"On Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India. Their valour in the face of the most formidable conditions will forever remain a source of national pride. Their unwavering patriotism and devotion to duty will continue to inspire generations."