প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জুনত বিয়লি ৪ বজাত পঞ্চম ভিভা টেক সন্মিলনত মূল ভাষণ দিব। ২০২১ৰ ভিভা টেক সন্মিলনত সন্মানিত অতিথি হিচাপে প্রধানমন্ত্রীক আমন্ত্রণ জনোৱা হৈছে।

 

এই অনুষ্ঠানত ফৰাচী ৰাষ্ট্রপতি মিঃ ইমানুৱেল মেক্রোঁ, স্পেইনৰ প্রধানমন্ত্রী মিঃ পেড্রো ছানচেজ আৰু বিভিন্ন ইউৰোপীয় ৰাষ্ট্রৰ মন্ত্রী তথা সাংসদসকলে বক্তব্য ৰাখিব। তদুপৰি, আপেলৰ মুখ্য কার্যনির্বাহী বিষয়া মিঃ টিম কক, ফেচবুকৰ মুখ্য কার্যনির্বাহী বিষয়া তথা চেয়াৰমেন মিঃ মার্ক জুকেৰবার্গ আৰু মাইক্রোছফ্টৰ সভাপতি মিঃ ব্রাড স্মিথসহ কর্পোৰেট জগতৰ বিশিষ্ট ব্যক্তিসকল এই সন্মিলনত উপস্থিত থাকিব।

 

পেৰিছত ২০১৬ চনৰ পৰা প্রতি বছৰে ভিভা টেক সন্মিলন অনুষ্ঠিত হৈ আহিছে। ই ইউৰোপৰ সবাতোকৈ ডাঙৰ ডিজিটেল তথা স্টার্ট আপ সংস্থাসমূহৰ অনুষ্ঠান। বিখ্যাত বিজ্ঞাপন আৰু বিপণন সংস্থা ‘পাবলিছিছ গ্রুপে’ আৰু অগ্রণী ফৰাচী সংবাদ মাধ্যম ‘ল্যা ইকোছ’য়ে যৌথভাবে এই অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত বিভিন্ন সন্মিলন, পুৰস্কাৰ বিতৰণ, পেনেল আলোচনা আৰু স্টার্ট আপ বা নতুন উদ্যোগৰ সংস্থাসমূহৰ মাজত প্রতিযোগিতাৰ ব্যবস্থা কৰা হয়। প্রযুক্তি উদ্ভাবন আৰু নতুন উদ্যোগৰ সংস্থাসমূহৰ সৈতে যুক্ত ব্যক্তিসকলে ইয়াত অংশগ্রহণ কৰে। পঞ্চম ভিভা টেক সন্মিলন ১৬-১৯ জুনত অনুষ্ঠিত হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Two-wheeler retail sales up 19.7 percent in August

Media Coverage

Two-wheeler retail sales up 19.7 percent in August
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi