প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ১৬ ফেব্ৰুৱাৰী, ২০২২ ৰ সন্ধিয়া প্ৰায় ৬ বজাত শক্তি আৰু সম্পদ প্ৰতিষ্ঠান (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰিব।

বিশ্ব বহনক্ষম উন্নয়ন সন্মিলন হৈছে টেৰিৰ বাৰ্ষিক ধ্বজাবাহী কাৰ্য্যসূচী। এই বৰ্ষৰ সন্মিলনৰ বিষয়বস্তু হৈছে 'এটি প্ৰাণোচ্ছল গ্ৰহৰ দিশতঃ এক বহনক্ষম আৰু ন্যায্য ভৱিষ্যত নিশ্চিত কৰা'। সন্মিলনখনত জলবায়ু পৰিৱৰ্তন, বহনক্ষম উৎপাদন, শক্তি পৰিৱৰ্তন, গোলকীয় কমন্স আৰু সম্পদ সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব।

১৬ ফেব্ৰুৱাৰীৰপৰা আৰম্ভ হ'বলগীয়া এই তিনিদিনীয়া সন্মিলনত ডমিনিকান গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীযুত লুইছ আবিনাডাৰ, গায়ানা ক’অপাৰেটিভ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ ইৰফান আলী, ৰাষ্ট্ৰসংঘৰ উপ-মহাসচিব শ্ৰীমতী আমিনা জে মহম্মদ, বিভিন্ন আন্তঃচৰকাৰী সংস্থাৰ মুৰব্বী, এক ডজনৰোধিক দেশৰ মন্ত্ৰী/ দূত আৰু ১২০ খনৰোধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026