প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কোচি – মাঙ্গালুৰু প্ৰাকৃতিক গেছ পাইপ লাইন দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব। “এক দেশ, এক গেছ গ্ৰিড” গঢ়াৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিতত হৈছে। কৰ্ণাটক আৰু কেৰেলাৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীৰ উপৰিও পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকিব।

পাইপ লাইন সম্পৰ্কেঃ-

গেইল (ইণ্ডিয়া) লিমিটেডে ৪৫০ কিলোমিটাৰ দীৰ্ঘ এই পাইপ লাইন স্থাপনৰ কাম কৰিছে। ইয়াৰ মাধ্যমেৰে দৈনিক ১ কোটি ২০ লাখ মেট্ৰিক ষ্টেণ্ডাৰ্ড ঘন মিটাৰ গেছ পৰিবহণ হ’ব। কেৰেলাৰ কোচিত তৰলীকৃত প্ৰাকৃতিক গেছ পৰা গেছ উৎপাদন কৰি সেই প্ৰাকৃতিক গেছ কৰ্ণাটকৰ দক্ষিণ কান্নাডা জিলাৰ মাঙ্গালুৰুলৈ প্ৰেৰণ কৰা হ’ব। এই পাইপলাইন এৰ্নাকুলাম, ত্ৰিশুৰ, পালাক্কাড়, মালাপ্পুৰম, কোঝিকোড়, কান্নুৰ আৰু কাছাৰগড় জিলাৰ মাজেৰে গৈছে। সম্পূৰ্ণ প্ৰকল্পৰ বাবে ব্যয় হৈছে ৩০০০ কোটি টকা। ১২ লাখ কৰ্মদিনৰ কাম শেষ হৈছে। ১০০ টাৰো অধিক স্থানত জলাশয় থকাৰ বাবে এই পাইপ লাইন স্থাপনৰ সময়ত যথেষ্ট প্ৰযুক্তিগত প্ৰত্যাহ্বানৰ মোকাবিলা কৰা হৈছে। হৰাইজোন্টেল ডিৰেকশ্যনেল ড্ৰিলিং পদ্ধতিতত সম্পূৰ্ণ কামটো কৰা হৈছে।

এই পাইপ লাইনৰ মাধ্যমেৰে পৰিবহণ ক্ষেত্ৰত কমপ্ৰেস্ড নেচাৰেল গেছ আৰু ঘৰে ঘৰে পাইপ লাইনৰ মাধ্যমেৰে প্ৰাকৃতিক গেছ সৰবৰাহ কৰা হ’ব, যি পৰিৱেশ বান্ধব আৰু ব্যয় ৰাহি হোৱাৰ বাবে উত্তম। ইয়াৰ মাধ্যমেৰে সমগ্ৰ জিলাতে প্ৰাকৃতিক গেছ বাণিজ্যিক আৰু ব্যক্তিগত কামতো ব্যৱহাৰৰ বাবে সৰবৰাহ কৰিব পৰা যাব। পৰিৱেশ অনুকূল ইন্ধন ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ কমিব আৰু বায়ুৰ গুণগত মান বৃদ্ধি পাব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win