প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে বিভিন্ন ষ্টেকহ’ল্ডাৰসকলৰ সৈতে বৈঠক অব্যাহত ৰাখিছে৷ এই পৰিপ্ৰেক্ষিতত শ্ৰী মোদীয়ে আজি বৈদ্যুতিন সংবাদ মাধ্যমৰ গোট আৰু ভাৰতীয় ঔদ্যোগিক সংস্থাৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷

নিয়মিত বাৰ্তালাপ আৰু বৈঠক

জানুৱাৰী মাহৰ পৰাই প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ক’ভিড-১৯ৰ প্ৰত্যাহ্বান আৰু ইয়াৰ সমাধানৰ পথ সন্ধান কৰাৰ বাবে বিভিন্ন গোটৰ সৈতে আলোচনাত মিলিত হৈ আহিছে৷ প্ৰধানমন্ত্ৰীয়ে এই বৈঠকসমূহৰ নিয়মীয়াকৈ আয়োজন কৰিছে আৰু তেওঁক কেবিনেট সচিব তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মুখ্য সচিবে বিভিন্ন ক্ষেত্ৰৰ খতিয়ান প্ৰদান কৰি আহিছে৷ প্ৰধানমন্ত্ৰীক ডাঃ হৰ্ষবৰ্ধনৰ নেতৃত্বত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত মন্ত্ৰীসকলৰ গোটেও চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে খতিয়ান প্ৰদান কৰি আহিছে৷

আৰ্হি প্ৰস্তুত

প্ৰধানমন্ত্ৰীয়ে যোৱাবাৰৰ ফাকুৱা অনুষ্ঠানৰ আগে আগে ঘোষণা কৰিছিল যে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ তেওঁ কোনো ধৰণৰ ফাকুৱাৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰে৷

ৰাষ্ট্ৰক সম্বোধন- জনতা কাৰ্ফিউ

দেশক ক’ভিড-১৯ৰ মোকাবিলা কৰিব পৰাকৈ সাজু কৰি তোলাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে ১৯ মাৰ্চ ২০২০ তাৰিখে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰি জনসাধাৰণক ২২ মাৰ্চ ২০২০ তাৰিখৰ দিনা পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৯ বজালৈ ১৪ ঘণ্টাৰ বাবে জনতা কাৰ্ফিউ পালন কৰিবলৈ আহ্বান জনাইছিল৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশবাসীক ‘‘সমাধান আৰু সংযম’’ শীৰ্ষক মন্তব্য প্ৰদান কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত জনসাধাৰণক সামগ্ৰীৰ আতংকগ্ৰস্ত ক্ৰয় নকৰিবলৈ অনুৰোধ জনাইছিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখাৰ নিশ্চিতি প্ৰদান কৰিছিল৷

ক’ভিড-১৯ অৰ্থনৈতিক সাহায্য টাস্ক ফ’ৰ্চ

মহামাৰীৰ দ্বাৰা উদ্ভৱ অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত ‘ক’ভিড-১৯ অৰ্থনৈতিক সাহায্য টাস্ক ফ’ৰ্চ’ গঠন কৰাৰ কথা ঘোষণা কৰিছিল৷ এই টাস্ক ফ’ৰ্চে ষ্টেকহ’ল্ডাৰসকলৰ সৈতে আলোচনাত মিলিত হৈ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব আৰু সেইসমূহৰ ভিত্তিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব৷ এই টাস্ক ফ’ৰ্চে উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সিদ্ধান্তসমূহৰ প্ৰণয়নৰ নিশ্চিতিও প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ব্যৱসায়িক গোষ্ঠীক নিম্ন উপাৰ্জনশীল ব্যক্তিৰ অৰ্থনৈতিক প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখিবলৈ আহ্বান জনায় আৰু তেওঁলোক কৰ্তব্যত উপস্থিত থাকিব নোৱাৰিলে দৰমহা কৰ্তন নকৰিবলৈও আহ্বান জনায়৷ তেওঁ ব্যৱসায়ী গোষ্ঠীক এই পৰিস্থিতি সম্পূৰ্ণ মানৱীয়তাৰ দিশেৰে চালি-জাৰি চাবলৈ অনুৰোধ জনায়৷

ফাৰ্মাখণ্ডৰ সৈতে বৈঠক

ঔষধ আৰু চিকিৎসা সামগ্ৰীসমূহৰ নিয়মীয়া যোগানৰ প্ৰয়াস অব্যাহত ৰাখিবলৈ প্ৰধানমন্ত্ৰীয়ে ২১ মাৰ্চ ২০২০ তাৰিখে ফাৰ্মাখণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয়৷ বৈঠকত প্ৰধানমন্ত্ৰীয়ে ফাৰ্মা উদ্যোগগোষ্ঠীক যুদ্ধকালীন গতিত ক’ভিড-১৯ৰ বাবে আৰএনএ পৰীক্ষণ কিট নিৰ্মাণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ উদ্যোগগোষ্ঠীক চৰকাৰে এপিআইসমূহৰ যোগান আৰু দেশৰ ভিতৰতে নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি নিশ্চিতি প্ৰদান কৰে৷ তেওঁ উদ্যোগগোষ্ঠীটোক অত্যাৱশ্যকীয় ঔষধৰ যোগান অব্যাহত ৰাখিবলৈ আৰু ক’লা বজাৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে৷

ৰাজ্যসমূহৰ সৈতে একত্ৰিত প্ৰয়াস

২০ মাৰ্চ ২০২০ তাৰিখে প্ৰধানমন্ত্ৰীয়ে দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এই প্ৰত্যাহ্বানক ৰোধ কৰাৰ উদ্দেশ্যে সংঘবদ্ধ প্ৰচেষ্টাৰ বাবে আলোচনা কৰিবলৈ ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি এক বৈঠকত মিলিত হয়৷ প্ৰধানমন্ত্ৰীয়ে ভাইৰাছবিধৰ বিস্তৃতিৰ বাবে নিৰৱচ্ছিন্ন নিৰীক্ষণ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দি এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়ে একত্ৰিতভাৱে প্ৰয়াস কৰিব লাগিব বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সংকটৰ এই সন্ধিক্ষণত ৰাজ্যসমূহে নেতৃত্ববাহী ভূমিকা গ্ৰহণ কৰাৰ বিষয়ে সোঁৱৰাই দি তেওঁলোকক আতংকগ্ৰস্ত নহ’বলৈ অনুৰোধ জনায়৷ মুখ্যমন্ত্ৰীসকলক কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰোৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে দেশৰ সামূহিক পৰিস্থিতি ব্যক্তিগতভাৱে নিৰীক্ষণ কৰি আছে বুলি জনোৱা হয়৷ উপস্থাপনৰ সময়ত মুখ্যমন্ত্ৰীসকলে পৰীক্ষণ সুবিধা আৰু সমাজৰ অসুৰক্ষিত অংশৰ বাবে বৃহৎ সাহায্যৰ বাবে অনুৰোধ জনোৱাৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক তেওঁৰ সমৰ্থনৰ বিষয়ে নিশ্চিতি প্ৰদান কৰে আৰু স্বাস্থ্যকৰ্মীসকলৰ সামৰ্থ নিৰ্মাণ তথা স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ আশু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে৷ মুখ্যমন্ত্ৰীসকলে নিজৰ নিজৰ ৰাজ্যত বাণিজ্যিক সংস্থাসমূহৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বৈঠকত মিলিত হৈ ক’লা বজাৰ আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ প্ৰদান কৰে৷ তেওঁ আৱশ্যক হ’লে ৰাজ্যসমূহে নৰম আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মতপোষণ কৰে৷

ছাৰ্ক দেশসমূহৰ ঐক্যতা

প্ৰধানমন্ত্ৰীয়ে প্ৰথম গৰাকী নেতাৰ ভূমিকা গ্ৰহণ কৰি ছাৰ্ক দেশসমূহৰ নেতাসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সৰ আয়োজন কৰে৷ ১৫ মাৰ্চ ২০২০ তাৰিখে ভাৰতৰ নেতৃত্বত ছাৰ্ক দেশসমূহৰ নেতৃবৃন্দৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়৷ শ্ৰী মোদীয়ে বৈঠকখনত নেতৃত্ব প্ৰদান কৰি ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে এক জৰুৰীকালীন নিধি গঠনৰ আৱশ্যকতাৰ বিষয়ে আলোকপাত কৰে৷ প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতে সেই নিধিলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদান কৰে৷ এই নিধিৰ ধন সহযোগী দেশসমূহে তৎকালীন পদক্ষেপ গ্ৰহণৰ বাবে ব্যয় কৰিব পাৰিব৷ নেপাল, ভুটান আৰু মালদ্বীপকে ধৰি অন্যান্য ছাৰ্ক দেশসমূহেও এই জৰুৰীকালীন পুঁজিলৈ ধন যোগান ধৰে৷

আন্তৰ্জাতিক প্ৰয়াস

প্ৰধানমন্ত্ৰীয়ে ১২ মাৰ্চ ২০২০ তাৰিখে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিচ জনছন, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু ১৭ মাৰ্চ ২০২০ তাৰিখে ছৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন ছালমানৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

আৱদ্ধ নাগৰিকক সাহায্য

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে চীন, ইটালী, ইৰাণ আৰু বিশ্বৰ অন্য প্ৰান্তত ক’ৰনা ভাইৰাছৰ বাবে আৱদ্ধ হৈ থকা ২০০০ত কৈও অধিক নাগৰিকক উদ্ধাৰ কৰে৷ 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created

Media Coverage

Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates the first Emergency Landing Facility (ELF) of the northeast in Dibrugarh, Assam
February 14, 2026

The Prime Minister, Shri Narendra Modi inaugurated the first Emergency Landing Facility (ELF) of the northeast in Dibrugarh, Assam. Shri Modi stated that it is a matter of immense pride that the Northeast gets an Emergency Landing Facility, and is of great importance from a strategic point of view and during times of natural disasters.

The Prime Minister posted on X:

"It is a matter of immense pride that the Northeast gets an Emergency Landing Facility. From a strategic point of view and during times of natural disasters, this facility is of great importance."

"উত্তৰ-পূৰ্বাঞ্চলে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি লাভ কৰাটো অপৰিসীম গৌৰৱৰ বিষয়। কৌশলগত দৃষ্টিকোণৰ পৰা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই সুবিধাৰ গুৰুত্ব অতিশয় বেছি।"