কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ দিশত এই সন্মিলন এক উল্লেখনীয় পদক্ষেপ হ’ব
তিনিটা বিষয়বস্তুৰ ওপৰত বিশদ আলোচনা: এন ই পি ৰূপায়ণ, নগৰীয়া শাসন আৰু শস্য বৈচিত্ৰ্যকৰণ আৰু কৃষি-পণ্যত আত্মনিৰ্ভৰশীলতা লাভ কৰা
উপস্থাপন কৰিব লগা প্ৰতিটো থীমৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সৰ্বশ্ৰেষ্ঠ পদ্ধতি
‘আজাদী কা অমৃত মহোৎসৱ: ২০৪৭ চনলৈ ৰোডমেপ’ বিষয়ক বিশেষ অধিৱেশন
ব্যৱসায় কৰাৰ সৰলতাৰ ওপৰত চাৰিটা অতিৰিক্ত বিষয়ভিত্তিক অধিৱেশন; আঁচনিবোৰৰ সংপৃক্ততা আৱৰণ প্ৰাপ্ত কৰা আৰু দূৰৱৰ্তী অঞ্চললৈ বিতৰণ নিশ্চিত কৰা; প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনিৰ জৰিয়তে ভাৰতৰ আন্তঃগাঁথনি সলনি কৰা; আৰু সামৰ্থ্য বিকাশ
আকাংক্ষিত জিলা কাৰ্যসূচীক লৈও অধিৱেশন
তিনি দিনধৰি চলিবলগীয়া সন্মিলনে ৰাজ্যসমূহৰ সৈতে অংশীদাৰীত্বত দ্ৰুত আৰু নিৰন্তৰ অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১৬ আৰু ১৭ জুনত হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ এইচপিচিএ ষ্টেডিয়ামত মুখ্য সচিবসকলৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিত্ব কৰিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।

মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২২ চনৰ ১৫ তাৰিখৰ পৰা ১৭ জুনলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰ, সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্য আৰু ডমেইন বিশেষজ্ঞক প্ৰতিনিধিত্ব কৰি সন্মিলনখনত ২০০ৰো অধিক লোকে অংশগ্ৰহণ কৰিব। তিনি দিনধৰি চলিবলগীয়া সন্মিলনে ৰাজ্যসমূহৰ সৈতে অংশীদাৰীত্বত দ্ৰুত আৰু নিৰন্তৰ অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিব।

টিম ইণ্ডিয়া হিচাপে কাম কৰি এই সন্মিলনে কৃষিৰ ক্ষেত্ৰত বহনক্ষমতা, কৰ্মসংস্থাপন সৃষ্টি, শিক্ষা, জীৱন-যাপনৰ সহজতা আৰু আত্মনিৰ্ভৰতাৰ সৈতে উচ্চ বৃদ্ধিৰ বাবে সহযোগিতামূলক কাৰ্য্যৰ ভেটি স্থাপন কৰিব। সন্মিলনত জনসাধাৰণৰ আকাংক্ষা পূৰণৰ বাবে এক উমৈহতীয়া উন্নয়ন কাৰ্যসূচী আৰু সংহত কাৰ্য্যৰ ব্লুপ্ৰিণ্টৰ বিৱৰ্তন আৰু ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

ছমাহ ধৰিপ্ৰায় ১০০ৰো অধিক ৰাউণ্ডৰ আলোচনাৰ অন্তত এই সন্মিলনৰ ধাৰণা আৰু কাৰ্যসূচী ধাৰ্য কৰা হৈছে। সন্মিলনত বিশদ আলোচনাৰ বাবে তিনিটা বিষয়বস্তু চিনাক্ত কৰা হৈছে: (ক) ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ; (খ) নগৰীয়া শাসন; আৰু (গ) শস্যৰ বৈচিত্ৰ্যতা আৰু তৈলবীজ, মাহজাতীয় শস্য আৰু অন্যান্য কৃষিজাত সামগ্ৰীত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত বিদ্যালয় আৰু উচ্চ শিক্ষা উভয়ৰে ওপৰত আলোচনা কৰা হ’ব। প্ৰতিটো বিষয়বস্তুৰ অধীনত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা উত্তম পদ্ধতিসমূহ পাৰস্পৰিক শিক্ষণৰ বাবে সন্মিলনত উপস্থাপন কৰা হ’ব।

আকাংক্ষিত জিলা কাৰ্যসূচীৰ ওপৰত এখন অধিৱেশন থাকিব, যিয়ে এতিয়ালৈকে অৰ্জন কৰা সাফল্যৰ ওপৰত আলোচনা কৰিব, তথ্যভিত্তিক শাসনকে ধৰি সফল কেছ ষ্টাডিৰ সৈতে, নিৰ্দিষ্ট জিলাৰ যুৱ সংগ্ৰাহকসকলে উপস্থাপন কৰিব।

‘আজাদী কা অমৃত মহোৎসৱঃ ২০৪৭ চনলৈ ৰোডমেপ’ শীৰ্ষক বিশেষ অধিৱেশন আৰু ব্যৱসায় সহজতাৰ বাবে অনুপালন বোজা হ্ৰাস কৰা আৰু সৰু অপৰাধৰ অপৰাধমুক্তকৰণৰ ওপৰত চাৰিটা অতিৰিক্ত বিষয়ভিত্তিক অধিবেশন অনুষ্ঠিত হ’ব।

পৰৱৰ্তী সময়ত নিটি আয়োগৰ শাসকীয় পৰিষদৰ বৈঠকত সন্মিলনৰ ফলাফলসমূহ আলোচনা কৰা হ’ব, য’ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু প্ৰশাসক উপস্থিত থাকিব, যাতে উচ্চ পৰ্যায়ত বিস্তৃত ঐকমত্যৰে এক কাৰ্য্য পৰিকল্পনা চূড়ান্ত কৰিব পৰা যায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision