PM to also interact with delegates participating in the Kautilya Economic Conclave

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ জুলাই, ২০২২ৰ সন্ধিয়া ৬.৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰথম ‘অৰুণ জেটলি স্মাৰক বক্তৃতা’(এজেএমএল)ত অংশগ্ৰহণ কৰিব৷ এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

প্ৰথম এজেএমএলত “অন্তৰ্ভুক্তিৰ জৰিয়তে বৃদ্ধি, বৃদ্ধিৰ জৰিয়তে অন্তৰ্ভুক্তি’ বিষয়ত মূল ভাষণ প্ৰদান কৰিব ছিংগাপুৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী থাৰ্মান সানমুগাৰত্নমে। বক্তৃতাৰ পিছতে শ্ৰী মেথিয়াছ কৰ্মান (অ’ইচিডিৰ সচিব প্ৰধান) আৰু শ্ৰী অৰবিন্দ পানাগাৰিয়া (কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক) পেনেল আলোচনাত মিলিত হ’ব।

বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে শ্ৰী অৰুণ জেটলীয়ে ৰাষ্ট্ৰলৈ আগবঢ়োৱা অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰথম ‘অৰুণ জেটলী স্মাৰক বক্তৃতা’ৰ আয়োজন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ৮ জুলাইৰ পৰা ১০ জুলাইলৈ আয়োজন কৰা তিনিদিনীয়া অনুষ্ঠান কৌটিল্য অৰ্থনৈতিক কনক্লেভ (কেইচি)ত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিবলগীয়া বিশিষ্ট অৰ্থনীতিবিদসকলৰ ভিতৰত জন হপকিন্স বিশ্ববিদ্যালয়ৰ শ্ৰীমতী এন্নে ক্ৰুগাৰ; লণ্ডন স্কুল অৱ ইকন’মিক্সৰ শ্ৰীযুত নিকোলাছ ষ্টাৰন; হাৰ্ভাৰ্ড কেনেডি স্কুলৰ শ্ৰীযুত ৰবাৰ্ট লৰেন্স; আইএমএফৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালক জন লিপস্কি, ভাৰতস্থিত বিশ্ব বেংকৰ দেশীয় সঞ্চালক শ্ৰীজুনাইদ আহমেদ অন্যতম। বিত্ত মন্ত্ৰালয়ৰ সহযোগত অৰ্থনৈতিক বিকাশ প্ৰতিষ্ঠানৰ উদ্যোগত কেইচিয়ে এই বক্তৃতাৰ আয়োজন কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period

Media Coverage

India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Smt. Bhavnaben Patel
June 22, 2026

The Prime Minister, Shri Narendra Modi has expressed sadness over the passing of Smt. Bhavnaben Patel, wife of Shri Prabhulbhai Patel, Administrator of the Union Territory of Dadra and Nagar Haveli and Daman and Diu.

The Prime Minister said that he had shared a close acquaintance and cordial relationship with the family for many years.

Shri Modi extended his heartfelt condolences to the bereaved family and prayed that the Almighty grants peace to the departed soul.

The Prime Minister wrote on X;