প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ কাৰিআপ্পা পেৰেড গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ(এনচিচি)ৰ ৰেলীত অংশগ্ৰহণ কৰিব৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এনচিচিৰ প্ৰতিনিধি দলবোৰৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে মাৰ্চ পাষ্টৰো নিৰীক্ষণ কৰিব৷ সাংস্কৃতিক কাৰ্যসূচীৰ উপৰি এনচিচি কেডেটসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত দুঃসাহসিক ক্ৰীড়া, সংগীত আৰু অন্যান্য কলা প্ৰদৰ্শনেৰে তেওঁলোকৰ সক্ষমতা দেখুৱাব৷

প্ৰধানমন্ত্ৰীয়ে পাৰদৰ্শী এনচিচি কেডেটসকলক পুৰষ্কাৰ বিতৰণ কৰাৰ পাছত তেওঁলোকক উদ্দেশ্যি ভাষণ আগবঢ়াব৷

প্ৰতিবছৰে গণৰাজ্য দিৱসৰ শিবিৰৰ বাবে শ শ এনচিচি কেডেট নতুন দিল্লীলৈ আহে৷ বিগত বৰ্ষত প্ৰধানমন্ত্ৰীয়ে এনচিচি ৰেলীত আগবঢ়োৱা ভাষণত প্ৰাকৃতিক দুৰ্যোগৰ সময়ৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ লগতে স্বচ্ছ ভাৰত অভিযানৰ দৰে আঁচনিৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰিছিল৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.