প্ৰত্যাহ্বানমূলক পৰিস্থিতিত স্বীকাৰ কৰা ত্যাগক স্বীকৃতি জনাই নিৰাপত্তাৰক্ষীসকলৰ প্ৰতি ৰাষ্ট্ৰৰ সেৱাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু ত্যাগৰ বাবে ১৪০ কোটি নাগৰিকৰ কৃতজ্ঞতা প্ৰকাশ
জোৱানসকলে ভাৰতৰ শক্তি আৰু নিৰাপত্তাৰ নিশ্চয়তাক সূচিত, শক্ৰৰ মাজত ভয়ৰ সৃষ্টি কৰেঃ প্ৰধানমন্ত্ৰী
আজি দেশৰ চৰকাৰে দেশৰ সীমান্তৰ এক ইঞ্চি মাটিৰ ক্ষেত্ৰতো আপোচ কৰিব নোৱাৰেঃ প্ৰধানমন্ত্ৰী
ভাৰত মূলতঃ আমদানিকাৰী ৰাষ্ট্ৰৰপৰা প্ৰতিৰক্ষা আহিলাৰ উল্লেখযোগ্য ৰপ্তানিকাৰীলৈ ৰূপান্তৰিত হৈছে, যোৱা দশকত প্ৰতিৰক্ষা ৰপ্তানি ত্ৰিশগুণ বৃদ্ধি পাইছেঃ প্ৰধানমন্ত্ৰী
সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
সীমান্তৱৰ্তী গাঁওসমূহক দুৰ্গম গাঁও হিচাপে বিবেচনাৰ পৰিৱৰ্তে দেশৰ ‘প্ৰথম গাঁও’ হিচাপে স্বীকৃতি প্ৰদানেৰে দৃষ্টিভংগী পৰিৱৰ্তিত হৈছেঃ প্ৰধানমন্ত্ৰী
সীমান্ত অঞ্চলসমূহত স্বাভাৱিক সুবিধা আছে আৰু সীমান্ত পৰ্যটন তথা অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা আছে, এই অঞ্চলসমূহক ভাইব্ৰেন্ট গাঁও আঁচনিৰ অধীনত এখনি গতিশীল আৰু স্পন্দনশীল ভাৰতক প্ৰতিফলিত কৰিবলৈ গঢ়ি তোলা হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কচ্ছৰ ছাৰ ক্ৰিক অঞ্চলৰ লক্কি নালাত ভাৰত-পাক সীমান্তৰ সমীপস্থ সীমান্ত সুৰক্ষা বাহিনী (BSF), সেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলৰ সৈতে দীপান্বিতা উদযাপন কৰে। এইদৰে ভাৰতৰ সশস্ত্ৰ বাহিনীসমূহৰ সৈতে পোহৰৰ উৎসৱটি উদযাপনৰ পৰম্পৰা অব্যাহত ৰাখে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰিক অঞ্চলৰ এটা বিঅ’পিও পৰিদৰ্শনেৰে সাহসী নিৰাপত্তাৰক্ষীসকলৰ মাজত মিঠাই বিতৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰাপত্তাৰক্ষীসকলৰ সৈতে ছাৰ ক্ৰিকত দীপাৱলী উদযাপনৰ সৌভাগ্য প্ৰকাশেৰে সকলোকে এই উৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ৫০০ বছৰৰ পাছত অযোধ্যাৰ বিশাল মন্দিৰত ভগৱান ৰামৰ প্ৰাণ-প্ৰতিষ্ঠাৰ বাবে এইবাৰৰ উদযাপন বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰে শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল উপস্থিত থকা জোৱানসকলকেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ সকলো সেনা জোৱানলৈয়ো উষ্ম শুভেচ্ছা জ্ঞাপনেৰে ৰাষ্ট্ৰৰ সেৱাৰ ক্ষেত্ৰত নিৰাপত্তাৰক্ষীসকলৰ নিষ্ঠা আৰু ত্যাগৰ বাবে ১৪০ কোটি নাগৰিকৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

 

প্রধানমন্ত্রীগৰাকীয়ে প্রত্যাহ্বানমূলক পৰিস্থিতিত সৈনিকসকলে কৰা ত্যাগক স্বীকাৰেৰে ৰাষ্ট্ৰক সৈনিকসকলৰ সেৱাৰ প্রতি গভীৰ শলাগ লয়। তেওঁলোকৰ সাহস আৰু প্ৰাণোচ্ছলতাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে জোৱানসকলে ভাৰতৰ শক্তি আৰু নিৰাপত্তাৰ নিশ্চয়তাক সূচিত কৰে, শক্ৰপক্ষৰ মাজত ভয়ৰ সৃষ্টি কৰে। “যেতিয়া বিশ্বখনে আপোনাসৱক প্ৰত্যক্ষ কৰে, তেতিয়া ভাৰতৰ শক্তি দেখে আৰু শক্ৰৱে যেতিয়া দেখে, তেতিয়া কু-অভিপ্ৰায়ৰ অন্ত পৰা বুলি গম পায়। আপোনাসৱে যেতিয়া উৎসাহত আনন্দ কৰে, তেতিয়া আতংকৰ সৃষ্টিকাৰীবোৰ কঁপি উঠে। এয়া মোৰ সেনা, মোৰ নিৰাপত্তা বাহিনীৰ শৌৰ্য্য। মই গৌৰৱান্বিত যে আমাৰ জোৱানসকলে প্ৰতিটো কঠিন পৰিস্থিতিতে স্বকীয় দক্ষতা প্ৰমাণ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত বিৰোধী উল্লেখযোগ্য ভাবুকিৰ সন্মুখীন হোৱা কচ্ছৰ কৌশলগত এলেকা বিশেষকৈ ইয়াৰ উপকূলীয় অঞ্চলসমূহক সুৰক্ষিতকৰণৰ ক্ষেত্ৰত নৌসেনাৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। ভাৰতৰ অখণ্ডতাৰ প্ৰতীক ছাৰ ক্ৰিক পূৰ্বে সংঘাত সৃষ্টিৰ বাবে শক্ৰৰ অপচেষ্টাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। নৌসেনাকে প্ৰমুখ্য কৰি সশস্ত্ৰ বাহিনীৰ উপস্থিতি আৰু সতৰ্কতাই ৰাষ্ট্ৰখনৰ আশ্বস্ত কৰে বুলিও শ্ৰী মোদীয়ে লগতে কয়, তেখেতে লগতে ১৯৭১ৰ যুদ্ধত শক্ৰক দিয়া উপযুক্ত উত্তৰৰ কথাও স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে দেশৰ সীমান্ত সুৰক্ষিতকৰণৰ ক্ষেত্ৰত অটল দায়বদ্ধতা অটুট ৰাখিছে। “আজি দেশত এনে এখন চৰকাৰ আছে, যিয়ে দেশৰ সীমান্তৰ এক ইঞ্চি মাটিৰ ক্ষেত্ৰতো আপোচ কৰিব নোৱাৰে। এটা সময় আছিল, যেতিয়া কূটনীতিৰ নামত ছাৰ ক্ৰিকক প্ৰতাৰণা কৰা হৈছিল। মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মাত মাতিছিলোঁ আৰু এই অঞ্চললৈ মই প্ৰথমবাৰৰ বাবে অহা নাই”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চৰকাৰৰ বৰ্তমানৰ নীতিসমূহ সশস্ত্ৰ বাহিনীৰ দৃঢ়তাৰে সংগতিপূৰ্ণ। শক্ৰৰ কথাত নহয়, বৰঞ্চ ভাৰতৰ সশস্ত্ৰ বাহিনীৰ অটল সংকল্পত আস্থা ৰখা হৈছে।

 

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকাৰ চাহিদা পূৰণৰ বাবে ভাৰতৰ সশস্ত্ৰ বাহিনীক আধুনিকীকৰণৰ অৰ্থে চৰকাৰৰ প্ৰচেষ্টাৰাজি সন্দৰ্ভত আলোকপাত কৰে। শেহতীয়া অগ্ৰগতিৰ ভিতৰত আছে বড়োদৰাত চি ২৯৫ বিমান কাৰখানা উদ্বোধন আৰু বিমানবাহী জাহাজ বিক্ৰান্ত, চাবমেৰিন, তেজছ যুঁজাৰু জেটৰ দৰে থলুৱা সামৰিক সম্পত্তিৰ বিকাশ। ভাৰত মূলতঃ আমদানিকাৰী দেশৰপৰা প্ৰতিৰক্ষা আহিলাৰ উল্লেখযোগ্য ৰপ্তানিকাৰীলৈ পৰিৱৰ্তিত হৈছে, বিগত দশকত প্ৰতিৰক্ষা ৰপ্তানি ত্ৰিশগুণ বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

চৰকাৰৰ আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণত সশস্ত্ৰ বাহিনীৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মই দেশৰ নিৰাপত্তা বাহিনীক অভিনন্দন জনাইছোঁ যে তেওঁলোকে ৫০০০ৰো অধিক সামৰিক আহিলাৰ তালিকা প্ৰস্তুত কৰিছে, যিসমূহ তেওঁলোকে আৰু বিদেশৰপৰা ক্ৰয় নকৰে। ইয়াৰ ফলত সামৰিক খণ্ডতো আত্মনিৰ্ভৰ ভাৰত অভিযানে নতুন গতি লাভ কৰিছে।”

আধুনিক যুদ্ধত ড্ৰোন প্ৰযুক্তিৰ তাৎপৰ্য্যত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰোনে পৰম্পৰাগত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰতি নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে প্ৰিডেটৰ ড্ৰোন অধিগ্ৰহণকে প্ৰমুখ্য কৰি ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে সামৰিক সামৰ্থ্য বৃদ্ধি কৰিছে। ড্ৰোন ব্যৱহাৰৰ বাবে এক কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰা হৈছে আৰু থলুৱা ড্ৰোন সমাধান সৃষ্টিৰ ক্ষেত্ৰত ভাৰতীয় কোম্পানী তথা ষ্টাৰ্টআপসমূহ জড়িত হৈ পৰিছে বুলিও তেখেতে লগতে কয়।

 

যুদ্ধৰ বিৱৰ্তনশীল প্ৰকৃতি আৰু নতুন নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ উত্থানৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ মাজত উন্নত সংহতিৰ প্ৰয়োজনীয়তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেখেতে কয় যে এই সংহতিৰ ফলত সামূহিক ফলপ্ৰসূতা যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। সশস্ত্ৰ বাহিনীক শক্তিশালী আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) প্ৰতিষ্ঠা এক মূল অগ্ৰগতি। ইয়াৰ উপৰিও ইন্টিগ্ৰেটেড থিয়েটাৰ কমাণ্ডৰ দিশত আগবাঢ়ি যোৱাৰ লক্ষ্য হৈছে তিনিওটা সেৱাৰ মাজত সমন্বয় আৰু সহযোগিতাৰ বৰ্ধন ঘটোৱা।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ সংকল্প হৈছে ৰাষ্ট্ৰ প্ৰথম। ৰাষ্ট্ৰখনৰ আৰম্ভণি হয় ইয়াৰ সীমাৰপৰা। গতিকে সীমান্তৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন হৈছে দেশৰ অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ।” সীমান্ত পথ সংস্থা (BRO)ত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে লাডাখ আৰু অৰুণাচল প্ৰদেশত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পথকে প্ৰমুখ্য কৰি ৮০ হাজাৰ কিলোমিটাৰৰো অধিক পথ নিৰ্মাণ কৰা হৈছে। যোৱা দশকত প্ৰায় ৪০০ খন গুৰুত্বপূৰ্ণ দলং নিৰ্মাণ কৰা হৈছে, লগতে অটল আৰু চেলা সুৰংগৰ দৰে ডাঙৰ সুৰংগ নিৰ্মাণ কৰা হৈছে, যিসমূহ দুৰ্গম অঞ্চলত সকলো বতৰতে যোগাযোগৰ বাবে বাবে অতিশয় উপযোগী। শ্ৰী মোদীয়ে কয় যে কৌশলগত প্ৰৱেশ বৃদ্ধি আৰু সশস্ত্ৰ বাহিনীক সহায় কৰিবলৈ বিআৰঅ’য়ে সমগ্ৰ দেশতে অধিক সুৰংগ নিৰ্মাণৰ কাম সক্ৰিয়ভাৱে আগবঢ়াই নিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সীমান্তৱৰ্তী গাঁওসমূহক দূৰৈৰ বুলি চোৱাৰপৰা দেশৰ "প্ৰথম গাঁও" হিচাপে স্বীকৃতি প্ৰদানৰ পৰিৱৰ্তিত দৃষ্টিভংগীৰ কথা ব্যক্ত কৰে। ভাইব্ৰেন্ট গাঁও আঁচনিৰ জৰিয়তে এই অঞ্চলসমূহক এখনি গতিশীল আৰু স্পন্দনশীল ভাৰতক প্ৰতিফলিত কৰিবলৈ গঢ়ি তোলা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বহু সীমান্ত অঞ্চলৰ স্বাভাৱিক সুবিধাসমূহত আলোকপাতেৰে সীমান্ত পৰ্যটন আৰু অৰ্থনৈতিক বিকাশৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসকলক ভাইব্ৰেন্ট ভিলেজত সময় কটাবলৈ উৎসাহিতকৰণেৰে সীমান্ত পৰ্যটনক প্ৰোৎসাহিতকৰণৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজিত আলোকপাত কৰে, যাৰ ফলত নাগৰিকৰ মাজত এই অঞ্চলসমূহৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। তেখেতে কচ্ছৰ চহকী ঐতিহ্য, আকৰ্ষণ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা উল্লেখেৰে পৰ্যটন স্থলী হিচাপে সম্ভাৱনাত গুৰুত্ব আৰোপ কৰে। গুজৰাটৰ কচ্ছ আৰু খাম্ভাট উপসাগৰৰ কাষৰীয়া মেংগ্ৰোভ বনাঞ্চল আৰু সামুদ্ৰিক পৰিবেশ তন্ত্ৰ এই ভূ-প্ৰকৃতিৰ অতিশয় গুৰুত্বপূৰ্ণ উপাদান। মিষ্টি যোজনাৰ দৰে পদক্ষেপৰ জৰিয়তে এই মেংগ্ৰোভ বনাঞ্চলসমূহ সম্প্ৰসাৰণৰ বাবে চৰকাৰে সক্ৰিয়ভাৱে কাম কৰি আছে বুলি শ্ৰী মোদীয়ে কয়।

 

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ধোলাভিৰাৰ তাৎপৰ্য্যৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া ভাৰতৰ প্ৰাচীন শক্তি আৰু সিন্ধু উপত্যকা সভ্যতাৰ সংগঠিত বসতিৰ প্ৰমাণ। কচ্ছৰ চহকী সাংস্কৃতিক আৰু ঐতিহাসিক আকৰ্ষণত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ইয়াত গুজৰাটত, সাগৰৰপৰা অলপ দূৰত্বত, লোথালৰ দৰে বাণিজ্য কেন্দ্ৰসমূহেও এটা সময়ত ভাৰতৰ সমৃদ্ধিৰ অধ্যায় লিখিছিল। লাখপটত গুৰু নানক দেৱজীৰ পদচিহ্ন আছে। কচ্ছৰ কোটেশ্বৰ মহাদেৱ মন্দিৰ আছে। মাতা আশাপুৰা মন্দিৰেই হওঁক বা কালা ডুংগাৰ পাহাৰত ভগৱান দত্তাত্ৰেয়ৰ দৰ্শনেই হওঁক বা কচ্ছৰ ৰান উৎসৱেই হওঁক বা ছাৰ ক্ৰিক চোৱাৰ উত্তেজনাই হওঁক, কচ্ছ মাত্ৰ এখন জিলাতে পৰ্যটনৰ ইমানেই সম্ভাৱনা আছে গোটেই সপ্তাহটো এজন পৰ্যটকৰ বাবে যথেষ্ট নহ’ব।” এনে পদক্ষেপে কেনেদৰে ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তুলিব পাৰে তাৰ উদাহৰণ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে নাদাবেটৰ দৰে স্থানত সীমান্ত পৰ্যটনৰ সফলতাৰ কথা কয়। একেদৰে কচ্ছ আৰু অন্যান্য সীমান্ত অঞ্চলৰ উন্নয়নে বাসিন্দা আৰু জোৱান উভয়ৰে জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধন কৰিব, শেষত ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰিব আৰু দেশৰ ভিন্ন অংশক সংযোগ কৰিব।

কচ্ছত নিৰাপত্তাৰক্ষীসকলক উদ্দেশ্যি ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰখনক এক জীৱন্ত চেতনাৰে তুলনা কৰে যাক আমি ভাৰত মাতা হিচাপে পূজা কৰোঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰগতিৰ বাবে অপৰিহাৰ্য্য ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিতকৰণৰ ক্ষেত্ৰত জোৱানসকলৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমক স্বীকাৰ কৰে। “আজি দেশৰ প্ৰতিজন নাগৰিকে নিজৰ ১০০% প্ৰদানেৰে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাইছে, কাৰণ তেওঁলোকৰ আপোনাসৱৰ ওপৰত বিশ্বাস আছে। আপোনালোকৰ এনে বীৰত্বই এইদৰে ভাৰতৰ উন্নয়নক শক্তিশালী কৰি ৰাখিব বুলি মোৰ বিশ্বাস”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি কৈ তেখেতৰ ভাষণৰ সামৰণি মাৰে।

 

 

 Click here to read full text speech

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.