প্ৰধানমন্ত্ৰীয়ে ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে শক্তি আৰু অসামৰিক আন্তঃগাঁথনিত কৰা আক্ৰমণৰ নিন্দা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাহৰেইনৰ মহামহিম ৰজা হামাদ বিন ইছা আল খলিফাৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হৈ ঈদৰ শুভেচ্ছা প্ৰদান কৰাৰ লগতে আঞ্চলিক নিৰাপত্তাকলৈ উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা হামাদ বিন ইছা আল খলিফাৰ সৈতে বাৰ্তালাপ কৰি তেওঁৰ লগতে বাহৰেইনৰ জনসাধাৰণক ঈদ আল-ফিটৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই পশ্চিম এছিয়া অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। শক্তি আৰু অসামৰিক আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দি প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ খাদ্য, ইন্ধন আৰু সাৰ সুৰক্ষাৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱক লৈ গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে যাতায়তৰ স্বাধীনতা নিশ্চিত কৰা আৰু জাহাজ পৰিবহণ লাইন মুকলি আৰু সুৰক্ষিত ৰখাৰ কথা পুনৰবাৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বাহৰেইন থকা ভাৰতীয় সমুদায়ৰ মংগলৰ বাবে আগবঢ়োৱা তেওঁৰ অবিৰত সমৰ্থনক লৈ ৰজাক কৃতজ্ঞতা জ্ঞাপন কৰে।

এক্সত প্ৰধানমন্ত্ৰীয়ে লিখেঃ

"প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা হামাদ বিন ইছা আল খলিফাৰ সৈতে বাৰ্তালাপ কৰি তেওঁৰ লগতে বাহৰেইনৰ জনসাধাৰণক ঈদ আল-ফিটৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

আমি পশ্চিম এছিয়া অঞ্চলৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলোঁ। অঞ্চলটোৰ শক্তি আৰু অসামৰিক আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দি বিশ্বৰ খাদ্য, ইন্ধন আৰু সাৰ সুৰক্ষাত পৰা বিৰূপ প্ৰভাৱক লৈ গুৰুত্ব আৰোপ কৰোঁ।

যাতায়াতৰ স্বাধীনতা নিশ্চিত কৰা আৰু জাহাজ পৰিবহণ লাইন মুকলি আৰু সুৰক্ষিত ৰখাৰ গুৰুত্ব সম্পৰ্কে পুনৰবাৰ উল্লেখ কৰিলোঁ।

বাহৰেইনত ভাৰতীয় সমুদায়ৰ মংগলাৰ্থে আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে মহামহিম ৰজাক ধন্যবাদ জনালোঁ।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities

Media Coverage

How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026