প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধাৰ্থ অমৃত ভাৱছাৰে সংগীত কৰা আৰু দিব্য কুমাৰে কণ্ঠদান কৰা “হৰ ঘৰ মন্দিৰ, হৰ ঘৰ উৎসৱ” আধ্যাত্মিক ভজন শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয় যে কেইবা শতিকাৰ অপেক্ষাৰ পাছত অযোধ্যা ধামত সেই পবিত্ৰ ক্ষণ সমাগত হৈছে। এই শুভক্ষণত উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈকে সকলোতে ভগৱান ৰামৰ প্ৰশংসা প্ৰতিধ্বনিত হৈ আছে বুলি শ্ৰী মোদীয়ে লগতে কয়।
সংশ্লিষ্ট আধ্যাত্মিক গীতটো শ্বেয়াৰ কৰি তেওঁ কয় যে এই উপস্থাপনৰ জৰিয়তে আপুনি বিশ্বাস আৰু ভক্তিৰ পৰিৱেশ অনুভৱ কৰিব।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ এক পোষ্টত কয়;
“কেইবা শতিকাৰ অপেক্ষাৰ পাছত অযোধ্যা ধামত সেই পবিত্ৰ ক্ষণ সমাগত হৈছে। এই শুভক্ষণত উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈকে সকলোতে ভগৱান ৰামৰ প্ৰশংসা গুঞ্জৰিত হৈ আছে। এই উপস্থাপনৰ জৰিয়তে আপুনি এনে এক বিশ্বাস আৰু ভক্তিৰ পৰিৱেশ অনুভৱ কৰিব। #ShriRamBhajan”
सदियों के इंतजार के बाद अयोध्या धाम में सुमंगल की घड़ी नजदीक है। इस पुण्य अवसर को लेकर उत्तर से दक्षिण और पूरब से पश्चिम तक, हर ओर प्रभु श्री राम का जयकारा गूंज रहा है। आस्था और भक्ति के इसी वातावरण का अनुभव आपको इस प्रस्तुति से होगा।#ShriRamBhajan https://t.co/2gsNXgUpBc
— Narendra Modi (@narendramodi) January 13, 2024


