প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জীয়ে আগবঢ়োৱা অসাধাৰণ ভাষণটো আগবঢ়াই উল্লেখ কৰে যে এয়া  গুৰুত্বপূৰ্ণ তথ্য, ঐতিহাসিক প্ৰসংগ  আৰু বিগত দশকত চৰকাৰৰ প্ৰচেষ্টাৰ বিশদ বিৱৰণেৰে ভৰি থকা ভাষণ । শ্ৰী মোদীয়ে আলোকপাত কৰে যে দশক দশক ধৰি পশ্চাদপসৰণ কৰা  ​​মাওবাদী মতাদৰ্শই কেইবাটাও অঞ্চলৰ উন্নয়নত বিৰূপ প্ৰভাৱ পেলাইছিল, বাওঁপন্থী উগ্ৰবাদে অগণন যুৱকৰ ভৱিষ্যতক ভয়াৱহভাৱে প্ৰভাৱান্বিত কৰিছিল।

তেওঁ লগতে  আঙুলিয়াই দিয়ে যে যোৱা দহ বছৰত চৰকাৰে এই বিপদক উভালি পেলোৱাৰ দিশত কাম কৰিছে, একে সময়তে উন্নয়নৰ সুবিধা যাতে নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত অঞ্চলসমূহত উপনীত হয় সেয়া নিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে পুনৰ দৃঢ়তাৰে কয় যে চৰকাৰে সুশাসন শক্তিশালী কৰাৰ লগতে সকলোৰে শান্তি তথা  সমৃদ্ধি সুনিশ্চিত কৰাত মনোনিৱেশ কৰি যাব।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

‘গুৰুত্বপূৰ্ণ তথ্য, ঐতিহাসিক প্ৰেক্ষাপট আৰু বিগত দশকত আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰে ভৰা এয়া গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহজীৰ এক অসাধাৰণ ভাষণ।

দশক দশক ধৰি  মাওবাদী মতাদৰ্শই কেইবাটাও অঞ্চলৰ উন্নয়নত বিৰূপ প্ৰভাৱ পেলাইছিল। বাওঁপন্থী উগ্ৰবাদে অগণন যুৱকৰ ভৱিষ্যত ধ্বংস কৰি পেলাইছে।

যোৱা দশকত আমাৰ চৰকাৰে এই বিপদক উভালি পেলোৱাৰ দিশত কাম কৰিছে আৰু একে সময়তে উন্নয়নৰ ফল নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত  অঞ্চলসমূহত পোৱাটো নিশ্চিত কৰিছে। আমি সুশাসনক আগুৱাই নিয়াত আৰু সকলোৰে বাবে শান্তি তথা  সমৃদ্ধি নিশ্চিত কৰাত মনোনিৱেশ কৰি যাম।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Not an iota of truth’: PM Modi dismisses report of restriction on foreign travels via tax

Media Coverage

‘Not an iota of truth’: PM Modi dismisses report of restriction on foreign travels via tax
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance