প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘শশাংকাসন’ সম্পৰ্কীয় এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে যি কোষ্ঠ-কাঠিন্য উপশম কৰাত সহায় কৰে আৰু পাচন প্ৰক্ৰিয়া উন্নত কৰে।
এই আসনে পিঠিৰ বিষৰ পৰাও সকাহ দিয়ে। উচ্চ ৰক্তচাপ থকা ৰোগীয়ে এই আসনটো কৰোতে সাৱধানতা অৱলম্বন কৰিব লাগে।
‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ দশম সংস্কৰণৰ প্ৰাকমুহূৰ্তত শ্বেয়াৰ কৰা ক্লিপটোত আসনটোৰ ভংগীমা প্ৰদৰ্শনৰ লগতে ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাত এই সম্পৰ্কীয় বৰ্ণনা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"আপুনিনো কিয় নিয়মীয়াকৈ শশাংকাসন অনুশীলন কৰিব লাগে জানো আহকচোন..."
Here is why you must practice Shashankasana regularly… pic.twitter.com/95kwzrKYTD
— Narendra Modi (@narendramodi) June 19, 2024
शशांकासन का नियमित अभ्यास क्यों करना चाहिए, आइए जानते हैं… pic.twitter.com/9ibVIIW5wC
— Narendra Modi (@narendramodi) June 19, 2024


