প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে পৃথিৱী মাতৃয়ে সকলো মানুহকে এটা পৰিয়াল হিচাপে গণ্য কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ বাবে এই সমগ্ৰ পৃথিৱীখন এখন ঘৰৰ দৰে, য’ত প্ৰতিটো সংস্কৃতিৰ নিজ নিজ গুৰুত্ব আৰু সন্মান আছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘পৃথিৱী মাতৃয়ে সকলো মানুহক এটা পৰিয়াল হিচাপে গণ্য কৰে। তেওঁৰ বাবে সমগ্ৰ বিশ্ব এখন ঘৰৰ দৰে, য’ত প্ৰতিটো সংস্কৃতিৰ নিজ নিজ গুৰুত্ব আৰু সন্মান আছে।
जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम्।
सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥’
পৃথিৱী মাতৃয়ে বিভিন্ন ভাষা কোৱা আৰু বিভিন্ন ধৰ্ম তথা পৰম্পৰা পালন কৰা লোকসকলক এটা পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰে। এটা শান্ত আৰু মৰমিয়াল গৰুৱে গাখীৰ যোগান ধৰাৰ দৰে এই পৃথিৱীয়েও আমাৰ বাবে সমৃদ্ধিৰ হাজাৰ হাজাৰ ধাৰা কঢ়িয়াই আনক।
धरती माता पूरी मानवता को एक परिवार मानती हैं। उनके लिए यह पूरा संसार एक घर की तरह है, जहां हर संस्कृति का अपना महत्त्व और सम्मान है।
— Narendra Modi (@narendramodi) May 19, 2026
जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम्।
सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥ pic.twitter.com/slfA4fI6rw


