নৱবৰ্ষ তথা নতুন দশকৰ ‘মন কী বাত’ৰ প্ৰথম খণ্ডত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰু-ৰিয়াং চুক্তিৰ জৰিয়তে দুই দশক পুৰণি শৰণাৰ্থীৰ সমস্যা সমাধানৰ দ্বাৰা মিজোৰামৰ ৩৪,০০০ত কৈও অধিক শৰণাৰ্থীয়ে সকাহ পালে বুলি মন্তব্য কৰে৷

সমস্যাটোৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰি শ্ৰী মোদীয়ে কয়, ‘‘এই সমস্যাটো নব্বৈৰ দশকত আৰম্ভ হৈছিল৷ ১৯৯৭ চনত জাতিগত সংঘৰ্ষৰ ফলত ব্ৰু ৰিয়াং জনজাতিৰ লোকসকলে মিজোৰামৰ পৰা ত্ৰিপুৰাত শৰণ ল’বলগীয়া হৈছিল৷ এই শৰণাৰ্থীসকলক উত্তৰ ত্ৰিপুৰাস্থিত কাঞ্চনপুৰৰ এক অস্থায়ী শিবিৰত ৰখা হৈছিল৷ এয়া অতিশয় পীড়াদায়ক যে ব্ৰু ৰিয়াং জনজাতিৰ লোকে শৰণাৰ্থীৰ ৰূপত নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় হেৰুৱাই পেলালে৷ তেওঁলোকৰ বাবে শিবিৰত জীৱন অতিবাহিত কৰাৰ অৰ্থ আছিল- প্ৰতিটো মৌলিক সুবিধাৰ পৰা বঞ্চিত হোৱা৷ ২৩ বছৰলৈ ঘৰ-পৰিয়ালৰ বাবে, ৰোগৰ চিকিৎসাৰ ব্যৱস্থা আৰু সন্তানৰ বাবে শিক্ষা বা তেওঁলোকৰ সুবিধাৰ একো চিন্তা কৰিব পৰা নাছিল৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে বহুকেইখন চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছতো সমস্যাৰ সমাধান হোৱা নাছিল৷ এই ক্ষেত্ৰত শৰণাৰ্থীসকলে ভাৰতীয় সংবিধান প্ৰতি দেখুওৱা আস্থাৰ বাবে তেওঁ প্ৰশংসা কৰে৷ তেওঁ কয় যে এই আস্থাৰ বাবেই চলিত মাহত দিল্লীত এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হ’ল৷

‘‘এই বিশ্বাসৰ ফলতেই তেওঁলোকৰ জীৱনত নতুন সুৰুয উদিত হ’ল৷ চুক্তিৰ অধীনত এতিয়া তেওঁলোকৰ গৰিমাপূৰ্ণ জীৱনৰ পথ মুকলি হ’ল৷ অৱশেষত ২০২০ৰ নতুন দশকে ব্ৰু ৰিয়াং জনজাতিৰ জীৱনলৈ এক নতুন আশা আৰু উৎসাহৰ কিৰণ কঢ়িয়াই আনিলে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

চুক্তিখনৰ দ্বাৰা হ’বলগীয়া লাভসমূহৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘প্ৰায় ৩৪০০০ ব্ৰু ৰিয়াং শৰণাৰ্থীক ত্ৰিপুৰাত সংস্থাপন কৰা হ’ব৷ এয়াই নহয়, তেওঁলোকৰ পুনৰ্বাসন আৰু সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰ চৰকাৰে প্ৰায় ৬০০ কোটি টকাৰ সাহায্য প্ৰদানো কৰিব৷ প্ৰত্যেক বিস্থাপিত পৰিয়ালক ভূমি প্ৰদান কৰা হ’ব৷ ঘৰ নিৰ্মাণত সহায় কৰা হ’ব৷ ইয়াৰ লগতে তেওঁলোকৰ ৰেচনৰো ব্যৱস্থা কৰা হ’ব৷ এতিয়াৰে পৰা তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জন কল্যাণকাৰী যোজনাসমূহৰ সুবিধা লাভ কৰিব৷’’

প্ৰধানমন্ত্ৰীয়ে উক্ত চুক্তিক বিশেষ বুলি অভিহিত কৰে কিয়নো ই সহযোগিতামূলক মৈত্ৰীতন্ত্ৰক প্ৰতিনিধিত্ব কৰিছে৷

তেওঁ কয়, ‘‘এই চুক্তিয়ে ভাৰতীয় সংস্কৃতিৰ কৰুণা তথা সংবেদনশীলতাক প্ৰতিফলিত কৰিছে৷’’
হিংসা পৰিহাৰ- মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন

প্ৰধানমন্ত্ৰীয়ে কয় যে হিংসাই কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে৷ অসমৰ আঠটা সন্ত্ৰাসবাদী গোটৰ ৬৪৪ গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি অহা পৰিঘটনাক তেওঁ প্ৰশংসা কৰে৷

তেওঁ কয়, ‘‘‘খেলো ইণ্ডিয়া ক্ৰীড়া’ৰ সফল আয়োজক অসমত আন এক ডাঙৰ কাম সম্পন্ন হৈছে৷ কিছুদিন পূৰ্বে অসমত আঠটা বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ ৬৪৪ জন লোকে অস্ত্ৰ-শস্ত্ৰ পৰিত্যাগ কৰি আত্মসমৰ্পণ কৰিছে৷ যিসকলে পূৰ্বে হিংসাৰ পথত অগ্ৰসৰ হৈছিল তেওঁলোকে শান্তিত বিশ্বাস কৰি দেশৰ বিকাশৰ অংশীদাৰ হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে, মূলসুঁতিলৈ ঘূৰি আহিল৷’’

সেইদৰে ত্ৰিপুৰাতো আশীজন লোকে হিংসাৰ পথ পৰিত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহা আৰু উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য ধৰণে বিদ্ৰোহৰ পৰিমাণ হ্ৰাস পোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ কয়, ‘‘ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ এয়ে যে এই ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিটো বিষয়কে শান্তিৰ সৈতে, নিষ্ঠাৰে, আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰি৷’’

যিসকলে এতিয়াও হিংসাৰ পথ খামুচি আছে, প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়৷
‘‘দেশৰ যিকোনো প্ৰান্তত আজিও হিংসা আৰু অস্ত্ৰৰ বলত সমস্যাৰ সমাধান সন্ধান কৰি থকা লোকসকলক আজি এই গণতন্ত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত আহ্বান জনাইছো যে আপোনালোক ঘূৰি আহক৷ সমস্যাসমূহ শান্তিপূৰ্ণ ধৰণে সমাধান কৰাত নিজৰ আৰু দেশৰ ক্ষমতাত বিশ্বাস ৰাখক’’, তেওঁ এইদৰে কয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India