“পৰৱৰ্তি প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰি অতি দৰিদ্ৰ আৰু পীড়িতসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ”
“মানুহক অন্তৰত লৈহে যিকোনো ধৰণৰ আন্তঃগাঁথনি বিকাশৰ অভিযান আগবাঢ়িব লাগিব। আমাৰ ভাৰতত আমি ঠিক তাকেই কৰিছো”
“আমি যদি আমাৰ আন্তঃগাঁথনিসমূহ নমনীয়কৈ গঢ়ি তোলো তেন্তে আমি কেৱল আমাৰ বাবেই দুৰ্যোগক প্ৰতিৰোধ নকৰিম, বৰং ভৱিষ্যতৰ বহু প্ৰজন্মৰ বাবেও এই প্ৰতিৰোধ অব্যাহত থাকিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ডিজেষ্টাৰ ৰিজেলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ তাঙৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অধিৱেশনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী সন্মানীয় এমপি, স্কট মৰিছন, ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম নানা এড্ডো ডানকৱৈ একুফো-এড্ডো, জাপানৰ প্ৰধানমন্ত্ৰী মাননীয়, ফিউমিঅ’ কিশ্বিডা আৰু মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি মহামহিম এণ্ড্ৰী নিৰিনা ৰাজোয়েলিনাইয়ো ভাষণ দিয়ে।

ভাষণৰ আৰম্ভণীতে প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সমবেত সকলক সোঁৱৰাই দি কয় যে বহণক্ষম উন্নয়ণৰ লক্ষ্যৰ বাবে গ্ৰহণ কৰা পবিত্ৰ প্ৰতিজ্ঞাই কাকো পিচ পৰি থাকিবলৈ নিদিয়ে। সেয়ে, “আমি পৰৱৰ্তি প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰি অতি দৰিদ্ৰ আৰু পীড়িতসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰ’ব লাগিব। আন্তঃগাঁথনিসমূহ মানুহৰ বাবেহে নিৰ্মাণ কৰা হয়, সেয়ে, ন্যায়সংগত ভাবে উচ্চ মানৰ, নিৰ্ভৰযোগ্য আৰু বহণক্ষম সেৱাসমূহ প্ৰদানত গুৰুত্ব দিব লাগিব”। এই প্ৰসংগত তেওঁ কয়, “মানুহক অন্তৰত লৈহে যিকোনো ধৰণৰ আন্তঃগাঁথনি বিকাশৰ অভিযান আগবাঢ়িব লাগিব। আমাৰ ভাৰতত আমি ঠিক তাকেই কৰিছো”।

শিক্ষা, স্বাস্থ্য, খোৱা পানী, অনাময়, বিদ্যুত, পৰিবহণকে ধৰি বুনিয়াদী সেৱাসমূহ প্ৰদানৰ ক্ষেত্ৰত ভাৰতে অন্য মাত্ৰা লাভ কৰাৰ পৰতে জলবায়ু পৰিৱৰ্তনে উদ্ভৱ কৰা পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মোডীয়ে। এই প্ৰসংগত তেওঁ কয়, “আমি বৰ পোনপোতীয়াকৈয়ে জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা পৰিস্থিতি চম্ভলাৰ পদক্ষেপ গ্ৰহণ কৰিছো। সেয়ে, ‘চিঅ’পি-২৬’ত আমি আমাৰ উন্নয়ণী প্ৰয়াসৰ সমান্তৰালকৈয়ে ২০৭০ চনৰ ভিতৰত ‘নেট জিৰো’-ৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো”।

মানৱীয় সম্ভাৱনীয়তাসমূহৰ স্ফুৰণৰ বাবে আন্তঃগাঁথনিসমূহৰ গুৰুত্বৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনিৰ ক্ষতিয়ে প্ৰজন্মৰ পিচত প্ৰজন্মক দীৰ্ঘম্যাদী ক্ষতিৰ সন্মুখীন কৰায়। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে “আমাৰ হাতত উপলব্ধ আধুনিক প্ৰযুক্তি আৰু জ্ঞনৰ আধাৰত সুদীৰ্ঘদিন ধৰি বৰ্তি থাকিব পৰা নমনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰিব নোৱাৰোনে” বুলি প্ৰশ্নৰ অৱতাৰণা কৰে। এই প্ৰত্যাহ্বানক স্বীকাৰ কৰিয়েই ‘চিডিআৰআই’-ৰ সৃষ্টিৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। “ইতিমধ্যে এই মৰ্চা সম্প্ৰসাৰিত হৈছে আৰু ই বহুমূলীয়া অৱদানো আগবঢ়াবলৈ সক্ষম হৈছে” বুলি তেওঁ অভিমত ব্যক্ত কৰে। তেওঁ ‘চিঅ’পি’ত ঘোষণা কৰা ‘নমনীয় দ্বীপ ৰাষ্ট্ৰৰ বাবে আন্তঃগাঁথনি’ সম্পৰ্কীয় কাৰ্যক্ৰমৰ কথা উল্লেখ কৰাৰ লগতে পৃথিৱীৰ ১৫০টা বিমান বন্দৰৰ আন্তঃগাঁথনি অধ্যয়ণৰে ‘চিডিআৰআই’য়ে নমনীয় বিমানবন্দৰ কামত ব্ৰতী হোৱাৰ কথা উল্লেখ কৰে। ‘চিডিআৰআই’-ৰ নেতৃত্বত চলি থকা ‘গ্লোবেল এছেছমেণ্ট অব ডিজেষ্টাৰ ৰিজেলিয়েন্স অব ইনফ্ৰাষ্ট্ৰাকশ্যাৰ ছিষ্টেমছ’ গোলকীয় জ্ঞান সৃষ্টিৰ ক্ষেত্ৰ সহায়ক হ’ব, যি আক্ষৰিক অৰ্থতে মহামূল্যবান হ’ব বুলি তথ্য দাঙি ধৰে শ্ৰী মোদীয়ে।

তেওঁ ভৱিষ্যতক সুৰক্ষিত কৰাৰ বাবে নমনীয় আন্তঃগাঁথনি ৰূপান্তৰণৰ দিশত কাম কৰাত গুৰুত্ব আৰোপ কৰি কয় যে “আমি যদি আমাৰ আন্তঃগাঁথনিসমূহ নমনীয়কৈ গঢ়ি তোলো তেন্তে আমি কেৱল আমাৰ বাবেই দুৰ্যোগক প্ৰতিৰোধ নকৰিম, বৰং ভৱিষ্যতৰ বহু প্ৰজন্মৰ বাবেও এই প্ৰতিৰোধ অব্যাহত থাকিব”। এই অধিৱেশনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী, সন্মানীয় এমপি, স্কট মৰিছন, ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম নানা এড্ডো ডানকৱৈ একুফো-এড্ডো, জাপানৰ প্ৰধানমন্ত্ৰী মাননীয়, ফিউমিঅ’ কিশ্বিডা আৰু মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি মহামহিম, এণ্ড্ৰী নিৰিনা ৰাজোয়েলিনাইয়ো ভাষণ দিয়ে।

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2026
March 31, 2026

 Building a Resilient Bharat: Record Progress in Banking, Infrastructure, EVs, and Conservation Under PM Modi