শিশুসকলৰ ব্যতিক্ৰমী মনোভাৱ আৰু ধৈৰ্য্যৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে
যোগ আৰু সু-অভ্যাসৰ জৰিয়তে সুস্বাস্থ্য বজাই ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে
পৃথিৱী মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে শিশুসকলক ‘এক পেড় মা কে নাম’ অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰৰ শ্ৰী সত্য সাই সঞ্জীৱনী চিকিৎসালয়ত দিল কি বাত অনুষ্ঠানৰ অধীনত  ‘জীৱনৰ উপহাৰ’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি জন্মগত হৃদৰোগৰ সমস্যাত ভুগি থকা আৰু   সফলতাৰে চিকিৎসা কৰা ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰে।

 

এগৰাকীহকী চেম্পিয়নে  যুৱতীয়ে শ্বেয়াৰ কৰিছে যে তেওঁ পাঁচটা পদক লাভ কৰিছিল আৰু স্কুলৰ চেকআপৰ সময়ত হৃদৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছিল। ছমাহ পূৰ্বে অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু এতিয়া তেওঁ  হকী খেলি আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আকাংক্ষাৰ বিষয়ে সোধাত তেওঁ কয় যে তেওঁ চিকিৎসক হৈ সকলো শিশুৰ চিকিৎসা কৰিব বিচাৰে। বয়োজ্যেষ্ঠসকলৰো চিকিৎসা কৰিব নেকি বুলি সোধাত তেওঁ কৰিব বুলি  আত্মবিশ্বাসেৰে  আৰু দৃঢ়তাৰে কয়। তেওঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ পাই  আনন্দ প্ৰকাশ কৰে।

 

আন এগৰাকী শিশুৱে কয় যে তেওঁৰ অস্ত্ৰোপচাৰ এবছৰৰ আগতে কৰা হৈছিল । তেওঁ সকলোকে সেৱা আগবঢ়াবলৈ চিকিৎসক হোৱাৰ আকাংক্ষাৰ কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে চিকিৎসাৰ সময়ত কান্দিছে নেকি বুলি সোধাত তেওঁ  উত্তৰ দিয়ে  যে কন্দা নাছিল। তেওঁ এটা প্ৰেৰণাদায়ক কবিতা শুনায় , যাৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে।

এজন ল’ৰাই কয় যে ২০১৪ চনত ১৪ মাহ বয়সত তেওঁৰ অস্ত্ৰোপচাৰ হৈছিল আৰু এতিয়া তেওঁ সুস্থ আৰু ক্ৰিকেট খেলে । নিয়মীয়াকৈ পৰীক্ষা-নিৰীক্ষা কৰে নেকি বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰাত তেওঁ এতিয়া  আৰু স্বাস্থ্যজনিত কোনো সমস্যা নাই বুলি কোৱাত প্ৰধানমন্ত্ৰী  আনন্দিত হয়। নিয়মীয়াকৈ ক্ৰিকেট খেলাৰ কথাও কয়   শিশুটিয়ে। তেওঁ প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা সাক্ষাৎ কৰিবলৈ  পাই আনন্দ প্ৰকাশ কৰে।

 

আন এটি  সৰু ল’ৰাৰে  মত বিনিময় কৰি শ্ৰী মোদীয়ে চিকিৎসালয়লৈ যোৱা  আৰু বেজী দিয়াৰ সময়ত কেনে অনুভৱ  হৈছিল বুলি সোধে ।  সৰু ল’ৰাটিয়ে    উত্তৰ দিয়ে  যে তেওঁ ভয় কৰা নাছিল, চিকিৎসাই তেওঁক ভালদৰে সুস্থ হোৱাত সহায় কৰিছে। শিক্ষকসকলৰ  বিষয়ে সোধাত তেওঁ কয় যে তেওঁলোকে তেওঁৰ শৈক্ষিক দিশৰ প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সততাক উৎসাহিত কৰে।

 

আন এগৰাকী ছোৱালীয়ে  কয় যে তেওঁ সপ্তম শ্ৰেণীত পঢ়ি আছে আৰু শিক্ষাই দেশখনক  আগুৱাই লৈ যাব বুলি বিশ্বাস ৰাখি  বিনামূলীয়াকৈ দৰিদ্ৰ শিশুক শিক্ষিত কৰি  তুলিবলৈ  শিক্ষয়িত্ৰী হ’ব বিচাৰে।

 

 প্ৰধানমন্ত্ৰীয়ে সোধে   যে শিশুসকলে জানেনে কাৰ শতবৰ্ষ আৰম্ভ হৈছে, আৰু তেওঁলোকক জনাই দিয়ে  যে সেয়া শ্ৰী সত্য সাই বাবাৰ। তেওঁ কয়  যে বাবাই কেনেকৈ পুট্টাপাৰ্থী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ভয়াৱহ পানীৰ অভাৱৰ সমাধান কৰিছিল, প্ৰায় ৪০০ খন গাঁৱত খোৱাপানী যোগান ধৰিছিল। শ্ৰী মোদীয়ে জল সংৰক্ষণ আৰু বৃক্ষৰোপণৰ বাৰ্তাত গুৰুত্ব আৰোপ কৰি তেওঁৰ অভিযান “এক পেড় মা কে নাম” ৰ বিষয়ে উল্লেখ  কৰি পৃথিৱী মাতৃ আৰু নিজৰ মাতৃ উভয়কে শ্ৰদ্ধা  জনাই সকলোকে মাতৃৰ নামত এজোপা গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰে।

 

পশ্চিম বংগৰ অভিক নামৰ এটি শিশুৱে সেনাবাহিনীত যোগদান কৰি জাতিৰ সেৱা কৰাৰ সপোন দেখাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কিয় বুলি সোধাত অভিকে উত্তৰ দিয়ে  যে  তেওঁ দেশৰ সৈন্যই কৰাৰ দৰে দেশখনক ৰক্ষা কৰিব বিচাৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মনোভাৱৰ শলাগ লয়।

 

এগৰাকী কণমানি ছোৱালীয়ে প্ৰধানমন্ত্ৰীক লগ পোৱাৰ দীৰ্ঘদিনীয়া সপোনৰ কথা  প্ৰকাশ কৰি বাতৰিত প্ৰধানমন্ত্ৰীক দেখা বুলি কয়।

 

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে শিশুসকলৰ সৈতে মত বিনিময় কৰি আনন্দ প্ৰকাশ কৰে আৰু   কয় যে যিকোনো ভাল কাম সম্পন্ন কৰিবলৈ এটা সুস্থ শৰীৰ অতি প্ৰয়োজনীয়।তেওঁ  যোগাসন আৰু  টোপনিৰ নিয়মৰ জৰিয়তে স্বাস্থ্য বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে। তেওঁ তেওঁলোকক নিজৰ মংগলৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায় আৰু এই ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধ হোৱাটো  বিচাৰে। মত-বিনিময়ৰ সামৰণি মাৰি তেওঁ সকলো শিশুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Social Media Corner 26th July 2026
July 26, 2026

Nari Shakti, Border Villages & UNESCO Glory: India’s Pride Under Modi’s Leadership