“We must be ready to prevent, prepare, and respond to the next health emergency”
“Global celebration of the International Day of Yoga is testament to the universal desire for holistic health”
“We are on our way to achieve TB elimination well ahead of the global target of 2030”
“Let us open our innovations for public good. Let us avoid duplication of funding. Let us facilitate equitable availability of technology”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ স্বাস্থ্য মন্ত্ৰীসকলৰ বৈঠকত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ২১ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু ভাৰতৰ স্বাস্থ্যসেৱাৰ সৈতে জড়িত কেইবালাখ লোকৰ হৈ উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়।

জাতিৰ পিতা গান্ধীজীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীয়ে স্বাস্থ্যক ইমানেই গুৰুত্বপূৰ্ণ বিষয় বুলি গণ্য কৰিছিল যে তেওঁ এই বিষয়ত ‘স্বাস্থ্যৰ চাবিকাঠি’ নামৰ এখন গ্ৰন্থ লিখিছিল। তেওঁ কয় যে সুস্থ হ’বলৈ মন আৰু শৰীৰৰ মাজত সমন্বয় আৰু ভাৰসাম্যতা প্ৰয়োজন। আচলতে স্বাস্থ্যই হৈছে জীৱনৰ আধাৰ।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত পদ্য আবৃত্তি কৰে৷ যাৰ অৰ্থ হৈছে ‘স্বাস্থ্যই হৈছে মুল সম্পদ আৰু যিকোনো কাম সুস্বাস্থ্যৰে সম্পন্ন কৰিব পাৰি’।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ক’ভিড-১৯ মহামাৰীয়ে আমাক সোঁৱৰাই দিছে যে স্বাস্থ্য অগ্ৰাধিকাৰৰ কেন্দ্ৰবিন্দু হ’ব লাগে। তেওঁ লগতে কয় যে সেই সময়ে দেখুৱাইছে যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কিমান মূল্যৱান-সেয়া ঔষধ বা ভেকচিন যোগান ধৰাই হওক বা মানুহক ঘৰলৈ ঘূৰাই অনাই হওক।

বিশ্ববাসীক ক’ভিড-১৯ ভেকচিন প্ৰদানৰ বাবে ভাৰত চৰকাৰৰ মানৱীয় পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভেকচিন মৈত্ৰী পদক্ষেপৰ অধীনত ভাৰতে দক্ষিণ বিশ্বকে ধৰি ১০০খনতকৈও অধিক দেশলৈ ৩০ কোটি ভেকচিন প্ৰদান কৰিছে।

মহামাৰীৰ সময়ত হোৱা পৰিস্থিতিক আটাইতকৈ ডাঙৰ শিক্ষা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব স্বাস্থ্য ব্যৱস্থাপনাক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ প্ৰয়োজন আছে। পৰৱৰ্তী স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ বাবে আমি সাজু থাকিব লাগিব। যিটো আজিৰ আন্তঃসংযোগী বিশ্বত বিশেষভাৱে গুৰুত্বপূৰ্ণ। মহামাৰীৰ সময়ত আমি দেখিছিলো যে বিশ্বৰ এটা প্ৰান্তৰ স্বাস্থ্য পৰিস্থিতিয়ে অতি কম সময়ৰ ভিতৰতে আন অঞ্চলত কেনে প্ৰভাৱ পেলাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতত আমি এক সামগ্ৰিক আৰু সৰ্বাংগীন পন্থা অনুসৰণ কৰিছো।’ তেওঁ কয়, আমি স্বাস্থ্যৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিছো। পৰম্পৰাগত চিকিৎসা ব্যৱস্থাপনাক প্ৰসাৰ কৰা আৰু সকলোৰে বাবে সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰা। বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ফলত সামগ্ৰিকভাৱে সু-স্বাস্থ্যৰ ক্ষেত্ৰত সকলোৰে অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় বাজৰা বছৰ হিচাপে পালন কৰা হৈছে। বজৰা বা ‘শ্ৰী অন্না’ ভাৰতত পৰিচিত। ইয়াৰ উপৰিও ইয়াৰ স্বাস্থ্যৰ কেইবাটাও উপকাৰ আছে।

প্ৰধানমন্ত্ৰীয়ে কয়, আমি বিশ্বাস কৰোঁ যে সামগ্ৰিক স্বাস্থ্য আৰু আৰোগ্যতাই সকলোৰে সুস্থিৰতা বৃদ্ধি কৰাত সহায় কৰে। গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগ ঔষধৰ বিশ্ব কেন্দ্ৰ প্ৰতিষ্ঠা এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। জি-২০ স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠকৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা সন্মিলনৰ আয়োজনে ইয়াৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা আৰু অধিক শক্তিশালী কৰিব। তেওঁ লগতে কয় যে পৰম্পৰাগত ঔষধৰ বিশ্ব ভঁৰাল গঢ়ি তোলাৰ বাবে আমি যৌথ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব।

স্বাস্থ্য আৰু পৰিৱেশ জৈৱিক বিষয়ৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশুদ্ধ বায়ু, বিশুদ্ধ খোৱাপানী, পৰ্যাপ্ত পুষ্টি আৰু নিৰাপদ আশ্ৰয় স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ কাৰক। জলবায়ু আৰু স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে গণ্যমান্য ব্যক্তিসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে এণ্টি মাইক্ৰ’বিয়াল ৰেজিষ্টেন্সৰ সমস্যা মোকাবিলা কৰিবলৈ লোৱা পদক্ষেপসমূহ প্ৰশংসনীয়।

শ্ৰী মোদীয়ে কয় যে এএমআৰ এনে এক ভাবুকিস যি বিশ্বৰ জনস্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এতিয়ালৈকে কৰা সকলো সাফল্যক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে। জি-২০ স্বাস্থ্যকৰ্মী গোটে ‘এক স্বাস্থ্য’ৰ ধাৰণাটোক অগ্ৰাধিকাৰ দিয়াত তেওঁ সুখ প্ৰকাশ কৰে। আমাৰ মূলমন্ত্ৰ হৈছে ‘এক বিশ্ব এক স্বাস্থ্য’, যি সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ মংগলৰ ওপৰত আলোকপাত কৰে। ইয়াৰ ভিতৰত মানুহ, জীৱ-জন্তু, উদ্ভিদ আৰু পৰিৱেশ। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংহত পন্থাই গান্ধীজীৰ কাকো পিছুৱাই নাযাবলৈ দিয়া বাৰ্তাক প্ৰতিফলিত কৰিছে।

স্বাস্থ্য খণ্ডৰ সফলতাত মানুহৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ কুষ্ঠ ৰোগ নিৰ্মূল অভিযানৰ সফলতাৰ অন্যতম মূল কাৰণ। তেওঁ কয় যে আমি যক্ষ্মা নিৰ্মূল কাৰ্যসূচীত জনতাৰ অংশগ্ৰহণক উৎসাহিত কৰিছো। প্ৰধানমন্ত্ৰীয়ে কয়, আমি দেশবাসীক ‘নি-ক্ষয় মিত্ৰ’ বা ‘যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে বন্ধু’ হ’বলৈ আহ্বান জনাইছো। ইয়াৰ অধীনত প্ৰায় ১০ লাখ ৰোগীক সাধাৰণ নাগৰিকে দত্তক লৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ২০৩০ চনৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব দি আমি যক্ষ্মা ৰোগ নিৰ্মূলৰ দিশত কাম কৰি আছো।

স্বাস্থ্য সেৱাসমূহ সকলোৰে বাবে সুলভ কৰি তোলাত ডিজিটেল সমাধান আৰু উদ্ভাৱনৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ প্ৰচেষ্টা হৈছে ন্যায্য আৰু সৰ্বাংগীন ব্যৱস্থাপনা। কাৰণ দূৰ্গম অঞ্চলৰ ৰোগীয়ে টেলিমেডিচিনৰ জৰিয়তে মানসম্পন্ন চিকিৎসা সেৱা লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় মঞ্চ ই-সঞ্জীৱনীক প্ৰশংসা কৰি কয় যে এই পৰ্যন্ত ১৪০ কোটি লোক টেলিহেল্থ কনচালটেচনৰ দ্বাৰা উপকৃত হৈছে।

শ্ৰী মোদীয়ে কয় যে ভাৰতৰ কো-উইন মঞ্চ হৈছে মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ টিকাকৰণ অভিযান, যিটো সফলতাৰে সম্পূৰ্ণ হৈছে। তেওঁ কয় যে ২২০ কোটিৰো অধিক ভেকচিন ড’জ যোগান ধৰা হৈছে আৰু তাৎক্ষণিকভাৱে টিকাকৰণৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হৈছে। ডিজিটেল স্বাস্থ্যৰ ওপৰত বিশ্বমানৰ পদক্ষেপে ডিজিটেল স্বাস্থ্য ব্যৱস্থাপনাক এক উমৈহতীয়া মঞ্চলৈ আনে।

প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰে, “ৰাইজৰ মংগলৰ বাবে আমাৰ উদ্ভাৱনসমূহ মুকলি কৰো আহক। বাৰে বাৰে একেটা পুঁজি সৃষ্টিৰ পৰা বিৰত থাকো আহক। আহক আমি সমানে সকলোৰে বাবে প্ৰযুক্তি সুলভ কৰি তোলো।” তেওঁ কয় যে এই পদক্ষেপে বিশ্ব দক্ষিণৰ দেশসমূহৰ স্বাস্থ্য সেৱাৰ ব্যৱধান দূৰ কৰাৰ সুযোগ প্ৰদান কৰিব আৰু সাৰ্বজনীন স্বাস্থ্য কভাৰেজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাক এখোজ আগুৱাই লৈ যাব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সংস্কৃত ভাষাত সনাতন ভাৰতৰ পৰা মানৱতালৈ এক বাৰ্তা আগবঢ়ায়। যাৰ অৰ্থ হৈছে ‘সকলোৱে সুখী হওক, ৰোগমুক্ত হওক’। আপোনালোকৰ আলোচনা সফল কামনা কৰিলোঁ।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!