লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক উত্তৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ভাষণত আশাৰ সঞ্চাৰ হোৱাৰ লগতে আগন্তুক সময়ত দেশক নতুন অৱস্থানত উপনীত কৰোৱাৰ ৰোডমেপ প্ৰদৰ্শিত হৈছে৷

‘‘আমাৰ দেশে এই শতিকাৰ তৃতীয়টো দশকত প্ৰৱেশ কৰাৰ মুহূৰ্তত তেওঁৰ ভাষণে প্ৰাসংগিকতা লাভ কৰিছে৷ ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণত আশাৰ সঞ্চাৰ হৈছে আৰু দেশক নতুন স্থানত উপনীত কৰোৱাৰ ৰোডমেপ প্ৰদৰ্শিত হৈছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ জনতাই এতিয়া অপেক্ষা কৰিব নোৱাৰে৷ তেওঁলোকে বিচাৰে গতি, স্কেল, নিৰ্ধাৰণ আৰু নিৰ্ণয়, সংবেদনশীলতা আৰু সমাধান৷ আমাৰ চৰকাৰে দ্ৰুত গতিত ত্বৰান্বিত হৈছে আৰু ফলস্বৰূপে পাঁচ বছৰত ৩৭ মিলিয়ন লোকৰ বেংক একাউণ্ট মুকলি হৈছে, ১১ মিলিয়ন লোকৰ ঘৰত টয়লেট হৈছে, ১৩ মিলিয়ন লোকৰ ঘৰত ৰন্ধন গেছৰ সংযোগ হৈছে৷ আজি ২ কোটি লোকৰ নিজৰ ঘৰৰ সপোন বাস্তৱায়িত হৈছে৷ দিল্লীৰ ১৭০০ অবৈধ কল’নীৰ ৪০ লাখ লোকৰ দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটিছে৷

কৃষি বাজেট পাঁচ বাৰলৈ বৃদ্ধি হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাই হ’ল আমাৰ অগ্ৰাধিকাৰ৷ দশকজুৰি উচ্চ এমএছপি, শস্য বীমা আৰু জলসিঞ্চন সম্পৰ্কীয় আঁচনিসমূহ ওলমি আছিল৷ আমি এমএছপি এক তৃতীয়াংশলৈ বৃদ্ধি কৰিলো আৰু জলসিঞ্চন প্ৰকল্পসমূহ এক লাখ কোটি টকা ব্যয় কৰি সম্পূৰ্ণ কৰিলো৷

‘‘চাৰে পাঁচ কোটিতকৈও অধিক কৃষকে প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিত অন্তৰ্ভুক্ত হৈছে; কৃষকসকলক চাৰে তেৰ কোটিৰ টকাৰ প্ৰিমিয়াম প্ৰদান কৰা হৈছে; ৫৬ হাজাৰ কোটি টকাৰ বীমা দাবী নিষ্পত্তি কৰা হৈছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই চৰকাৰৰ সময়ছোৱাত কৃষি বাজেট পাঁচ বাৰলৈ বৃদ্ধি কৰা হৈছে৷ ‘‘পিএম–কিষাণ সন্মান যোজনাই বহু কৃষকৰ জীৱন পৰিৱৰ্তিত কৰিছে৷ ৪৫০০০ কোটি টকাৰ পৰিমাণ স্থানান্তৰিত কৰা হৈছে আৰু বহু কৃষক ইয়াৰ দ্বাৰা উপকৃত হৈছে৷ এই আঁচনিত কোনো মধ্যভোগী অথবা অতিৰিক্ত ফাইলৰ কৰ্ম হোৱা নাই’’, তেওঁ এইদৰে কয়৷

বৃহৎ বিনিয়োগউন্নত আন্তঃগাঁথনি আৰু সৰ্বাধিক কৰ্ম সংস্থাপন সৃষ্টিয়েই হল আমাৰ লক্ষ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত কয় যে তেওঁৰ চৰকাৰে বিত্তীয় ঘাটিৰ পুনৰীক্ষণ কৰি আছে৷ ‘‘মূল্যবৃদ্ধি পৰীক্ষা কৰা হৈছে আৰু সুক্ষ্ম–অৰ্থনীতিলৈ স্থিৰতা আহিছে’’, তেওঁ এইদৰে কয়৷ শ্ৰী মোদীয়ে বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি আৰু দেশৰ অৰ্থনীতি সৱলীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ ‘‘আমি ঔদ্যোগিক জলসিঞ্চন, সামাজিক আন্তঃগাঁথনি, গ্ৰামীণ আন্তঃগাঁথনি আৰু বন্দৰসমূহৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো’’, তেওঁ এইদৰে কয়৷

‘‘ষ্টেণ্ড আপ ইণ্ডিয়া আৰু মুদ্ৰাই বহুতৰে জীৱন উত্তৰণ কৰিছে৷ মুদ্ৰা হিতাধিকাৰীসকলৰ অধিকাংশই হ’ল মহিলা৷ মুদ্ৰা যোজনাৰ অধীনত ২২ কোটি টকাতকৈও অধিক টকাৰ অনুমোদন জনোৱা হৈছে যিয়ে দেশৰ কোটি কোটি তৰুণক উপকৃত কৰিছে৷’’

‘‘চৰকাৰে শ্ৰমিক ইউনিয়নসকলৰ সৈতে আলোচনাত বহি শ্ৰমিক উন্নয়নৰ বাবে বিভিন্ন কৰ্ম কৰিছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমাৰ বাবে আন্তঃগাঁথনি হ’ল প্ৰত্যাশা আৰু সফলতাৰ সংমিশ্ৰণ যাৰ দ্বাৰা জনসাধাৰণক তেওঁলোকৰ সপোনৰ সৈতে সংযোজিত কৰোৱা হয়, মানৱ উৎপাদন গ্ৰাহকক যোগান ধৰা হয়৷ আন্তঃগাঁথনিয়ে শিশুক বিদ্যালয়ৰ সৈতে, কৃষকক বজাৰৰ সৈতে আৰু ব্যৱসায়ীক গ্ৰাহকৰ সৈতে সংযোজিত কৰে৷ এয়া জনতাক জনতাৰ সৈতে সংযোজিত কৰাৰ প্ৰক্ৰিয়া৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপসমূহৰ জৰিয়তে ভাৰতৰ উন্নতি পৰৱৰ্তী পৰ্যায়ৰ প্ৰজন্মৰ আন্তঃগাঁথনিলৈ প্ৰসাৰিত হ’ব৷

‘‘পূৰ্বে ক্ৰয় কৰা আন্তঃগাঁথনিসমূহে কিছুমানৰ বাবে ‘সৌভাগ্য’ কঢ়িয়াই আনিছিল৷ কিন্তু এতিয়া এনে নহয়৷ আমি এই প্ৰক্ৰিয়া স্বচ্ছ কৰি তুলিছো আৰু যোগাযোগ বৃদ্ধিৰ বাবে কাম কৰিছো’’, তেওঁ এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আগন্তুক দিনসমূহত আমি আন্তঃগাঁথনি খণ্ডত ১০০ লাখ কোটি টকা বিনিয়োগ কৰিব আৰু ইয়াৰ জৰিয়তে বিকাশ, অৰ্থনীতি আৰু কৰ্ম সংস্থাপন বিকশিত হ’ব৷’’ 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India