“প্রকৃতিৰ বাবে বিজ্ঞানৰ ব্যৱহাৰ আৰু আধ্যাত্মিকতাৰ সৈতে প্রযুক্তিৰ সংমিশ্রণেই হ’ল গতিশীল ভাৰতৰ আত্মা”
“বিশ্বই বৰ্তমান আমাৰ ষ্টার্ট-আপসমূহক ইয়াৰ ভৱিষ্যত হিচাপে প্ৰত্যক্ষ কৰিছে। আমাৰ উদ্যোগ আৰু আমাৰ ‘মেক ইন ইণ্ডিয়া’ বিশ্বৰ বিকাশৰ ক্ষেত্রত আশাৰ ৰেঙণিত পৰিণত হৈছে”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ বার্তাৰ জৰিয়তে শ্রী গণপতি সচ্চিদানন্দ স্বামী জীৰ ৮০সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ প্রধানমন্ত্রীয়ে শ্রী গণপতি সচ্চিদানন্দ স্বামী জী আৰু তেওঁৰ অনুগামীসকলক শুভেচ্ছা জনায়৷ তেওঁ সাধু আৰু বিশিষ্ট অতিথিসকলক ‘হনুমত দ্বাৰ’ উৎসৰ্গাৰ কথা উল্লেখ কৰে৷

ধর্মগ্রন্থৰ উদ্ধৃতি দি প্রধানমন্ত্রী কয় যে সাধুসকলে যে মানৱ কল্যাণৰ বাবেই আৱিৰ্ভাৱ হয় আৰু তেওঁলোকৰ জীৱন যে সামাজিক উন্নয়ন আৰু মানুহৰ কল্যাণৰ সৈতে ওতঃপ্রোতভাৱে জড়িত থাকে শ্রী গণপতি সচ্চিদানন্দ স্বামী জীৰ জীৱন ইয়াৰ জীৱন্ত উদাহৰণ। প্রধানমন্ত্রীয়ে দত্ত পীঠমত আধ্যাত্মিকতাৰ উপৰি আধুনিকতাৰ সহাৱস্থানত সন্তোষ প্রকাশ কৰে। এই প্ৰসংগত তেওঁ হনুমান মন্দিৰত থ্রিডি মেপিং, আধুনিক লাইট এণ্ড ছাউণ্ড শ্ব’ আৰু চৰাই উদ্যানৰ কথা উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে বেদ চর্চাৰ এক মহান কেন্দ্র হোৱাৰ উপৰি দত্ত পীঠমে স্বাস্থ্যৰ বাবে সংগীতৰ ব্যৱহাৰৰ ক্ষেত্রত ফলপ্ৰসূ উদ্ভাৱনৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় “প্রকৃতিৰ বাবে বিজ্ঞানৰ এই ব্যৱহাৰ, আধ্যাত্মিকতাৰ সৈতে প্রযুক্তিৰ এই সংমিশ্রণেই গতিশীল ভাৰতৰ আত্মা। মই সুখী হৈছো যে স্বামীজীৰ দৰে সাধকসকলৰ প্রচেষ্টাত দেশৰ যুৱক-যুৱতীয়সকলে তেওঁলোকৰ ঐতিহ্যৰ শক্তিৰ সৈতে পৰিচিত হৈছে আৰু সেয়া আগুৱাই লৈ গৈছে৷”

আজাদী কা অমৃত মহোৎসৱৰ মাজতে এই শুভ অনুষ্ঠান আয়োজন কৰাৰ বাবে সন্তোষ প্রকাশ কৰি প্রধানমন্ত্রীয়ে কয় যে সাধকসকলে সকলো সময়তে নিজতকৈ বিশ্বক অধিক গুৰুত্ব দিয়াৰ শিক্ষা প্ৰদান কৰিছে৷ তেওঁ কয়, “‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ মন্ত্রৰ লগতে দেশে বৰ্তমান সন্মিলিত প্ৰতিশ্ৰুতিৰ আহ্বান জনাইছে৷ দেশে বৰ্তমান ঐতিহ্য ৰক্ষা কৰাৰ লগতে ইয়াৰ প্রসাৰ ঘটাইছে৷ একেদৰে উদ্ভাৱন আৰু আধুনিকতাকো উৎসাহ যোগাইছে৷” প্রধানমন্ত্রীয়ে কয় যে বৰ্তমান যোগৰ উপৰি যুৱক-যুৱতীসকলো ভাৰতৰ পৰিচয় হৈ পৰিছে। বিশ্বই বৰ্তমান আমাৰ ষ্টার্ট-আপসমূহক নিজৰ ভৱিষ্যত হিচাপে প্ৰত্যক্ষ কৰিছে। আমাৰ উদ্যোগ আৰু আমাৰ ‘মেক ইন ইণ্ডিয়া’ বিশ্বৰ বিকাশৰ ক্ষেত্রত আশাৰ ৰেঙণিত পৰিণত হৈছে। আমি ইয়াৰ যোগ্য হৈ উঠিব লাগিব৷ মই বিচাৰো যে আমাৰ আধ্যাত্মিক কেন্দ্রসমূহ এই লক্ষ্যৰে অনুপ্রেৰণাৰ উৎসত পৰিণত হওক।”

প্রকৃতি সংৰক্ষণ আৰু চৰাইৰ সেৱাৰ প্ৰতি দত্ত পীঠমৰ কামৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে তেওঁলোকক পানী আৰু নদী সংৰক্ষণৰ দিশতো কাম কৰাৰ অনুৰোধ জনায়৷ প্রধানমন্ত্রীয়ে প্রতিখন জিলাত ৭৫টাকৈ অমৃত সৰোবৰ খননৰ যি অভিযান আৰম্ভ হৈছে, দত্ত পীঠমক সেই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ স্বচ্ছ ভাৰত মিচনত দত্ত পীঠমৰ অৱদানৰো প্রশংসা কৰে৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru

Media Coverage

In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
উৎসাহ আৰু ইতিবাচক শক্তিয়ে কেনেদৰে সফলতা লাভ কৰে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
April 30, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে য'ত উল্লেখ কৰা হৈছে যে উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কামত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায়, যিবোৰ এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

কঠোৰ পৰিশ্ৰমী আৰু উদ্যমী দেশবাসীসকল হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি, যাৰ কঠোৰ পৰিশ্ৰমে উন্নয়নৰ নতুন পথ প্ৰশস্ত কৰে। তেওঁলোকৰ প্ৰচেষ্টাত দেশখনে সমৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিৰ শিখৰ স্পৰ্শ কৰে।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।

करोति सफलं जन्तोः कर्म यच्च करोति सः॥"

উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কৰ্মত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায় যাক এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।