"পূজ্য শাস্ত্ৰীজী মহাৰাজৰ জীৱনীয়ে এক মহান ব্যক্তিত্বৰ নিস্বাৰ্থ জীৱনৰ বিষয়ে কয়, যি জ্ঞানৰ সন্ধান আৰু সমাজ সেৱাৰ প্ৰতি সদায়ে সমৰ্পিত"
"শাস্ত্ৰীজীয়ে সময়ৰ দাবী অনুসৰি প্ৰাচীন মেধাৰ প্ৰয়োগ আৰু জড়তা ত্যাগ কৰাৰ ওপৰত জোৰ দিছিল"
"সন্তসকল আৰু ভক্তি আন্দোলনে স্বাধীনতা আন্দোলনৰ আধাৰশিলা স্থাপনত প্ৰধান ভূমিকা পালন কৰিছিল"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমদাবাদ, গুজৰাট স্থিত এছজিভিপি গুৰুকুলৰ ভাৱ বন্দনা পৰৱ উপলক্ষে ভাষণ দিয়ে। এই কাৰ্যক্ৰমৰ আয়োজন পূজ্য শাস্ত্ৰীজী মহাৰাজৰ জীৱনী 'শ্ৰী ধৰ্মজীৱন গাথা'ৰ উন্মোচন উপলক্ষে কৰা হৈছিল।

 

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে মহান ব্যক্তিত্বৰ কৰ্ম আৰু জীৱন লিপিবদ্ধ হোৱাৰ সলনি বহুতো স্মৃতি আৰু ব্যৱহাৰিক পৰম্পৰাত বিদ্যমান হৈ থাকে। তেওঁ কয় যে পূজ্য শাস্ত্ৰীজী মহাৰাজৰ জীৱনীয়ে এক মহান ব্যক্তিত্বৰ নিস্বাৰ্থ জীৱনৰ বিষয়ে কয়, যি জ্ঞানৰ সন্ধান আৰু সমাজ সেৱাৰ প্ৰতি সদায় সমৰ্পিত আছিল। এই জীৱনীক লিপিবদ্ধ কৰা হৈছে। পূজ্য শাস্ত্ৰীজী মহাৰাজৰ 'সকলোৰে কল্যাণ' মূল মন্ত্ৰৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ তেওঁৰ পৰিকল্পনা শাস্ত্ৰীজী মহাৰাজৰ দৰে মহান ব্যক্তিসকলৰ দ্বাৰা অনুপ্ৰাণিত তথা 'সৰ্বজন হিতায়, সৰ্বজন সুখায়'ৰ দৰ্শনৰ ওপৰত আধাৰিত।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাচীন ভাৰতৰ গুৰুকুল পৰম্পৰাই 'সৰ্বজন হিতায়'ক সাৰোগত কৰি ৰাখিছিল, কিয়নো গুৰুকুলৰ শিষ্য সকলো শ্ৰেণীৰ আছিল আৰু সকলোৱে একেলগে বিদ্যা গ্ৰহণ কৰিছিল। এই পৰম্পৰাতে তাৰ গৌৰৱশালী অতীত আৰু ভব্য ভৱিষ্যতৰ বীজ সমাহিত হৈ আছে।এই পৰম্পৰাই দেশৰ সাধাৰণ নাগৰিকক ধাৰ্মিক, সাংস্কৃতিক আৰু সামাজিক প্ৰেৰণা প্ৰদান কৰে। শাস্ত্ৰীজীয়ে নিজৰ গুৰুকুলৰ মাধ্যমত বিশ্বজুৰি বহু লোকৰ জীৱনক আকাৰ দিছে। প্ৰধানমন্ত্ৰীয়ে কয়, "তেওঁৰ জীৱন কেৱল উপদেশাত্মক বা ব্যৱস্থামূলকেই নাছিল, বৰং তেওঁ অনুশাসন আৰু তপস্যাৰ নিৰন্তৰ প্ৰবাহ আছিল।...আৰু তেওঁ কৰ্তব্য পথত নিৰন্তৰ আমাৰ পথ প্ৰদৰ্শন কৰে।"

 

এছজিভিপি গুৰুকুলৰ সৈতে নিজৰ ব্যক্তিগত সম্পৰ্ক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহান সংস্থাসমূহত প্ৰাচীন মেধাত আধুনিকতাৰ তত্ত্বৰ সমাৱেশ হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে শাস্ত্ৰীজীয়ে সময়ৰ দাবী অনুসৰি প্ৰাচীন মেধাৰ প্ৰয়োগ আৰু জড়তা ত্যাগ কৰাৰ ওপৰত জোৰ দিছিল।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্তসকল আৰু ভক্তি আন্দোলনে স্বাধীনতা আন্দোলনৰ আধাৰশিলা স্থাপনত প্ৰধান ভূমিকা পালন কৰিছিল। তেওঁ কয় যে গুৰুকুল পৰিয়ালে স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু অমৃত কালত যোগদান কৰিবৰ বাবে আগবাঢ়ি আহিব পাৰে। মহামাৰী আৰু ইউক্ৰেইনৰ দৰে সংকটৰ বাবে সৃষ্টি হোৱা অনিশ্চয়তাৰ স্থিতিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰতাৰ গুৰুত্ব দোহাৰে। তেওঁ গুৰুকুল পৰিয়ালক আহ্বান জনাই কয় যে তেওঁলোকে 'ভোকেল ফৰ লোকেল'ক প্ৰয়োগ কৰক। তেওঁ সকলোকে কয় যে তেওঁলোকে দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীৰ তালিকা বনাওক আৰু আমদানিকৃত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা কম কৰক। যদি কোনো উপলব্ধ সামগ্ৰীত কোনো ভাৰতীয়ৰ পৰিশ্ৰম জড়িত হৈ আছে, তেন্তে তাক সদায়েই অগ্ৰাধিকাৰ দিব লাগে। এনেকৈয়ে, গুৰুকুল পৰিয়ালে ছিংগল-ইউজ প্লাষ্টিকৰ ব্যৱহাৰ নকৰি স্বচ্ছ ভাৰত অভিযানতো যোগদান কৰিব পাৰে। তেওঁ সকলোকে কয় যে তেওঁলোকে নিয়মীয়াকৈ 'ষ্টেচ্যু অফ ইউনিটী' বা স্থানীয় প্ৰতিমা স্থলীলৈ গৈ তাত চাফ-চিকুনতাৰ ব্যৱস্থা কৰিব পাৰে। তেওঁ কয় যে গুৰুকুল পৰিয়ালে ৰসায়ন আৰু অন্য লোকচানৰ পৰা ধৰিত্ৰী আইৰ ৰক্ষাৰ বাবে প্ৰাকৃতিক কৃষিক উৎসাহিত কৰক। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰুকুলে এই দিশত প্ৰধান ভূমিকা পালন কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ শেষত গুৰুকুল পৰিয়ালক আহ্বান জনায় যে তেওঁলোকে পূজ্য শাস্ত্ৰীজী মহাৰাজৰ শিক্ষাৰাজি পালন কৰি অভিনৱ পদ্ধতিৰে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰক।

https://www.narendramodi.in/text-of-prime-minister-narendra-modi-s-message-on-the-occasion-of-bhavvandna-parv-at-sgvp-gurukul-in-ahmedabad-gujarat-560720

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Trust of Global South in BRICS has grown’: PM Narendra Modi

Media Coverage

‘Trust of Global South in BRICS has grown’: PM Narendra Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”