প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্কিন ৰাষ্ট্ৰপতি শ্ৰীযুত যোশেফ আৰ. বাইডেনে আজি ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত ভাৰত-মাৰ্কিন হাই-টেক হেণ্ডশ্বেক ইভেণ্টত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ আঁত ধৰে আমেৰিকাৰ বাণিজ্য সচিব শ্ৰীমতী জিনা ৰাইমণ্ডোই আৰু অনুষ্ঠানত প্ৰযু্ক্তি কোম্পানী আৰু ষ্টাৰ্টআপৰ আগশাৰীৰ ভাৰতীয় আৰু আমেৰিকান চিইঅ’সকলৰ অংশগ্ৰহণ কৰে। মঞ্চৰ মুল কেন্দ্ৰবিন্দু আছিল ‘সকলোৰে বাবে এআই’ আৰু ‘মানৱজাতিৰ বাবে উৎপাদন’।

এই অনুষ্ঠান দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকাৰ মাজত গভীৰ হৈ অহা প্ৰযুক্তিগত সহযোগিতা পৰ্যালোচনা কৰাৰ এক সুযোগ। আলোচনাত ভাৰত-আমেৰিকা প্ৰযুক্তি অংশীদাৰিত্বৰ ভূমিকা আৰু সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাতে তেওঁলোকৰ নাগৰিক আৰু বিশ্বৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ সৰ্বাংগীন অৰ্থনীতি সক্ষম কৰা এআই গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰে। মুখ্য কাৰ্যবাহী বিষয়াসকলে দুয়োটা প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰ, ভাৰতৰ প্ৰতিভাৱান কৰ্মশক্তি আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিত ভাৰতে কৰা অগ্ৰগতিৰ মাজত বৰ্তমানৰ সংযোগৰ সহায় লৈ বিশ্ব সহযোগিতা গঢ়ি তোলাৰ উপায় অন্বেষণ কৰে। তেওঁলোকে কৌশলগত সহযোগিতা আৰম্ভ কৰিবলৈ, মানদণ্ডৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আৰু উদ্ভাৱনক লাভান্বিত কৰিবলৈ নিজ নিজ উদ্যোগসমূহৰ মাজত নিয়মীয়াকৈ সংযোগ স্থাপনৰ আহ্বান জনায়।

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে আৰ্থ-সামাজিক বৃদ্ধিৰ বাবে ভাৰত-আমেৰিকাৰ প্ৰযুক্তি সহযোগিতাৰ ব্যৱহাৰৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলাত ভাৰতৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ অৱদানৰ শলাগ লয়। ৰাষ্ট্ৰপতি বাইডেনে চিইঅ’সকলক ভাৰত-আমেৰিকাৰ প্ৰযুক্তি অংশীদাৰক জৈৱ প্ৰযুক্তি আৰু কোৱাণ্টামকে ধৰি নতুন ক্ষেত্ৰলৈ সম্প্ৰসাৰণত সহায় কৰিবলৈ আহ্বান জনায়। দুয়োগৰাকী নেতাই এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বই আমাৰ জনসাধাৰণৰ বাবে আৰু বিশ্বৰ বাবে এক উন্নত ভৱিষ্যত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

অনুষ্ঠানত নিম্নোলিখিত ব্যৱসায়িক মুৰব্বীয়ে অংশগ্ৰহণ কৰে।

আমেৰিকাৰ প্ৰতিনিধিঃ

১/ ৰেৱতী অদ্বৈতি, চিইঅ’, ফ্লেক্স

২/ ছেম অল্টমেন, অ’পেনএআইৰ চিইঅ’

৩/ মাৰ্ক ডগলাছ, এফএমচি কৰ্প’ৰেশ্যনৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া

৪/ লিজা ছু, চিইঅ’, এএমডি

৫/ উইল মাৰ্শ্বেল, প্লেনেট লেবছৰ চিইঅ’

৬) সত্য নাডেলা, মাইক্ৰ’ছফ্টৰ চিইঅ’

৭) সুন্দৰ পিচাই, গুগলৰ চিইঅ’

৮) হেমন্ত তানেজা, মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক, জেনেৰেল কেটালিষ্ট

৯) থমাছ টুল, প্ৰতিষ্ঠাপক, টালকো এল এল চি

১০) সুনীতা উইলিয়ামছ, নাছাৰ মহাকাশচাৰী

ভাৰতৰ প্ৰতিনিধিঃ

১. শ্ৰীযুত আনন্দ মহিন্দ্ৰ,  মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ

২. শ্ৰীযুত মুকেশ আম্বানী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ আৰু এম ডি

৩. শ্ৰীযুত নিখিল কামাথ, সহ-প্ৰতিষ্ঠাপক, জিৰোধা এণ্ড ট্ৰু বিকন

৪. শ্ৰীমতী বৃন্দা কাপুৰ, সহ-প্ৰতিষ্ঠাপক, ৩ৰ্ডি টেক

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's coconut product exports explode in FY26, mark a spurt of 62% on year

Media Coverage

India's coconut product exports explode in FY26, mark a spurt of 62% on year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of benevolent actions and welfare of others
August 19, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that the true fulfilment of human life lies in constantly working for the welfare and well-being of other living beings.

The Prime Minister shared a Sanskrit Subhashitam-

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”

The Subhashitam conveys that the ultimate fulfillment of human life in this world lies in constantly performing benevolent and welfare-oriented actions toward other living beings through one's physical capabilities, wealth, intellect, and speech.

The Prime Minister wrote on X;

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”