"চৰ্দাৰ পেটেল কেৱল এজন ঐতিহাসিক ব্যক্তিয়েই নহয়, বৰঞ্চ তেওঁৰ স্থান প্ৰতিজন দেশবাসীৰ হৃদয়ত"
"১৩০ কোটি ভাৰতীয়ই বসবাস কৰা এই ভূমি আমাৰ আত্মা, সপোন আৰু আকাংক্ষাৰ এক অবিচ্ছেদ্য অংগ"
"চৰ্দাৰ পেটেলে এখনি শক্তিশালী, সামগ্ৰিক, সংবেদনশীল আৰু সতৰ্ক ভাৰতৰ কামনা কৰিছিল"
"চৰ্দাৰ পেটেলৰদ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতে বাহ্যিক আৰু অভ্যন্তৰীণ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম হৈ উঠিছে"
"পানী, আকাশ, ভূমি আৰু মহাকাশত দেশৰ সংকল্প আৰু সামৰ্থ্য অভূতপূৰ্ব আৰু ৰাষ্ট্ৰখনে আত্মনিৰ্ভৰতাৰ নতুন অভিযানৰ পথত অগ্ৰসৰ হ’বলৈ আৰম্ভ কৰিছে"
"এই 'আজাদী কা অমৃত কাল' হৈছে অভূতপূৰ্ব বিকাশৰ, কঠিন লক্ষ্যত উপনীত হোৱা আৰু চৰ্দাৰ চাহেবৰ সপোনৰ ভাৰত গঢ়ি তোলাৰ ক্ষণ"
"যদি চৰকাৰৰ সৈতে, জনসাধাৰণৰ 'গতিশক্তি'ও সংযুক্ত হয়, তেতিয়া একো অসম্ভৱ নহয়"

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰি দেশবাসীক  শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ আদৰ্শৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা চৰ্দাৰ পেটেললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেখেতে কয় যে চৰ্দাৰ পেটেল কেৱল এজন ঐতিহাসিক ব্যক্তিয়েই নহয়, বৰঞ্চ তেওঁৰ স্থান প্ৰতিজন দেশবাসীৰ হৃদয়ত আৰু যিসকল লোকে তেওঁৰ ঐক্যৰ বাৰ্তাক আগুৱাই নিছে তেওঁলোক হৈছে একতাৰ এক অক্ষত অনুভূতিৰ মূৰ্ত প্ৰতীক। দেশখনৰ প্ৰতিটো কোণত ৰাষ্ট্ৰীয় একতা পেৰেড আৰু একতাৰ প্ৰতিমূৰ্তিস্থলীত কাৰ্য্যসূচীসমূহে একেই উদ্দীপনা প্ৰতিফলিত কৰিছে, তেখেতে কয়।

তেখেতে কয়, ভাৰত কেৱল ভৌগোলিক ঐক্যই নহয় বৰঞ্চ আদৰ্শ, বিশ্বাস, সভ্যতা আৰু সংস্কৃতিৰ উদাৰ মানদণ্ডৰে পৰিপূৰ্ণ এখনি ৰাষ্ট্ৰ। তেখেতে কয়, "১৩০ কোটি ভাৰতীয়ই বসবাস কৰা এই ভূমি আমাৰ আত্মা, সপোন আৰু আকাংক্ষাৰ এক অবিচ্ছেদ্য অংগ।"

এক ভাৰতৰ উদ্দীপনাৰে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাক সুদৃঢ়কৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰতিজন নাগৰিকৰ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰ্দাৰ পেটেলে এখনি শক্তিশালী, সামগ্ৰিক, সংবেদনশীল আৰু সতৰ্ক ভাৰতৰ কামনা কৰিছিল বুলি গুৰুত্ব আৰোপ কৰে। নম্ৰতা বিশিষ্ট তথা একেদৰে উন্নয়ন সমৃদ্ধ এখন ভাৰত। "চৰ্দাৰ পেটেলৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতে বাহ্যিক আৰু অভ্যন্তৰীণ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম হৈ উঠিছে", তেখেতে লগতে কয়।

যোৱা ৭ বছৰত দেশখনক সুদৃঢ়কৰণৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপৰাজিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনে অপ্ৰয়োজনীয় পুৰণি আইনসমূহৰপৰা মুক্তি লাভ, ঐক্যৰ আদৰ্শ শক্তিশালী আৰু ভৌগোলিক আৰু সাংস্কৃতিক দূৰত্ব হ্ৰাস কৰা যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি অৱগত কৰে।

আজি সামাজিক, অৰ্থনৈতিক আৰু সাংবিধানিক সংহতকৰণৰ 'এক ভাৰত- শ্ৰেষ্ঠ ভাৰত'ৰ অনুভূতি সুদৃঢ় কৰি তোলাৰ এক ‘মহাযজ্ঞ’ অব্যাহত আছে আৰু পানী, আকাশ, ভূমি আৰু মহাকাশত দেশখনৰ সংকল্প আৰু সামৰ্থ্য অভূতপূৰ্ব আৰু ৰাষ্ট্ৰখনে আত্মনিৰ্ভৰতাৰ নতুন অভিযানৰ পথত অগ্ৰসৰ হ’বলৈ আৰম্ভ কৰিছে। তেখেতে স্বাধীনতাৰ এই অমৃত কালত 'সবকা প্ৰয়াস' অধিক প্ৰাসংগিক বুলি গুৰুত্ব আৰোপ কৰে। "এই 'আজাদী কা অমৃত কাল' হৈছে অভূতপূৰ্ব বিকাশৰ, কঠিন লক্ষ্যত উপনীত হোৱা আৰু চৰ্দাৰ চাহেবৰ সপোনৰ ভাৰতখনি গঢ়ি তোলাৰ ক্ষণ", তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিমত আগবঢ়াই কয় যে চৰ্দাৰ পেটেলৰ বাবে 'এক ভাৰত'ৰ অৰ্থ হৈছে সকলোৰে বাবে সমান সুযোগ। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ধাৰণাটোৰ ব্যাখ্যা আগবঢ়াই আৰু কয় 'এক ভাৰত' হৈছে এনে এখনি ভাৰত যিয়ে মহিলা, দলিত, বঞ্চিত, জনজাতি আৰু বনবাসীসকললৈ সমান সুযোগ আগবঢ়ায়। য'ত গৃহ, বিদ্যুৎ আৰু পানীৰ ক্ষেত্ৰত বৈষম্যবিহীনভাৱে সকলোৱে লাভ কৰিবপৰা সীমাৰ ভিতৰত থাকে। তেখেতে লগতে কয়, দেশখনে 'সবকা প্ৰয়াস'ৰ ক্ষেত্ৰটো একেদৰে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত 'সবকা প্ৰয়াস'ৰ শক্তিৰ কথা দোহাৰে য'ত প্ৰতিজন নাগৰিকৰ সামূহিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত নতুন ক’ভিড চিকিৎসালয়, অত্যাৱশ্যকীয় ঔষধ, ১০০ কোটি ভেকছিন পালি সম্ভৱ হৈছে।

শেহতীয়াভাৱে চৰকাৰী বিভাগসমূহৰ সমন্বিত শক্তি ব্যৱহাৰৰ অৰ্থে শুভাৰম্ভ কৰা প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যদি চৰকাৰৰ লগতে জনসাধাৰণৰ 'গতিশক্তি'ও সংযুক্ত হয়, তেন্তে একোৱেই অসম্ভৱ নহয়। সেয়েহে, তেখেতে কয় যে আমাৰ প্ৰতিটো কাৰ্যক বিস্তৃত ৰাষ্ট্ৰীয় লক্ষ্যৰ অৰ্থে বিবেচনাৰে চিহ্নিত কৰা উচিত। তেখেতে এনে শিক্ষাৰ্থীৰ উদাহৰণ দাঙি ধৰে যিয়ে তেওঁলোকৰ অধ্যয়নৰ শাখা বাছনি কৰোতে খণ্ড নিৰ্দিষ্ট উদ্ভাৱনৰাজি বিবেচনা কৰিব পাৰে বা বজাৰ কৰাৰ সময়ত, জনতাই তেওঁলোকৰ ব্যক্তিগত পছন্দৰ সৈতে আত্মনিৰ্ভৰতাৰ লক্ষ্যৰ কথা মনত ৰাখিব লাগে। একেদৰে, উদ্যোগ আৰু কৃষক, সমবায় প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ পছন্দ কৰাৰ সময়ত দেশখনৰ লক্ষ্যৰাজি মনত ৰাখিব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বচ্ছ ভাৰত অভিযানৰ উদাহৰণ দাঙি ধৰে আৰু কয় যে চৰকাৰখনে জনসাধাৰণৰ অংশগ্ৰহণক ৰাষ্ট্ৰৰ শক্তিলৈ পৰিণত কৰিছে। "যেতিয়াই 'এক ভাৰত' অগ্ৰসৰ হয়, তেতিয়াই আমি সফলতা লাভ কৰো আৰু 'শ্ৰেষ্ঠ ভাৰত'ৰ অৰ্থে বৰঙণিও আগবঢ়াওঁ", বুলি কৈ তেখেতে ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates GalaxEye on the successful launch of Mission Drishti
May 03, 2026

Prime Minister Shri Narendra Modi has congratulated the founders and the entire team of GalaxEye on the successful launch of Mission Drishti.

The Prime Minister noted that Mission Drishti by GalaxEye marks a major achievement in India's space journey. Shri Modi highlighted that the successful launch of the world’s first OptoSAR satellite and the largest privately-built satellite in India is a testament to the youth’s passion for innovation and nation-building. He also extended his heartiest congratulations and best wishes to the founders and the entire team of GalaxEye.

The Prime Minister posted on X:

"Mission Drishti by GalaxEye marks a major achievement in our space journey. The successful launch of the world’s first OptoSAR satellite and the largest privately-built satellite in India is a testament to our youth’s passion for innovation and nation-building.

Heartiest congratulations and best wishes to the founders and the entire team of GalaxEye."