টকিঅ’ত ২৪ মে’, ২০২২ত মাৰ্কিন ৰাষ্ট্ৰপতি মহামহিম যোছেফ আৰ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক আন্তৰিকতাপূৰ্ণ আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই বৈঠকে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক গাঢ় কৰাৰ লগতে সহযোগিতাৰ ক্ষেত্ৰখনকো ত্বৰান্বিত কৰি তুলিব।

বৈঠকখন দুয়োগৰাকী নেতাৰ মাজত ২০২১ৰ ছেপ্টেম্বৰ মাহত ৱাশ্বিংটন ডিচি-ত মুখামুখীকৈ হোৱা আলোচনা, আৰু ‘জি-২০’ আৰু তাৰ পৰৱৰ্তি সময়ত ‘চিঅ’পি-২৬’ত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠককেইখনৰ ধাৰাবাহিকতা হিচাপেই চিহ্নিত হৈছে। যোৱা ১১ এপ্ৰিল, ২০২২টো তেওঁলোকৰ মাজত এক ‘ভাৰ্চুৱেল’ বাৰ্তালাপ অনুষ্ঠিত হৈছিল।

গণতান্ত্ৰিক প্ৰমূল্য বোধ, আইনৰ শাসনৰ প্ৰতি থকা আস্থা আৰু নীতিগত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ উত্তৰণৰ প্ৰতি প্ৰদৰ্শন কৰি অহা দায়বদ্ধতাৰ আধাৰতে শক্তিশালী হৈছে ভাৰত-মাৰ্কিন বিস্তৃত ৰণকৌশলগত গোলকীয় সহযোগিতা। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কাৰ্যক্ৰমণিকাৰ আধাৰতে সকলোবোৰ খণ্ডত হোৱা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে।

নেতা দুয়োগৰাকীয়ে স্বাস্থ্যসেৱা, নৱীকৰণযোগ্য শক্তি, ‘এছএমই’, আন্তঃগাঁথনি নিৰ্মাণৰ দৰে দুয়োপক্ষৰ সহমতৰ আধাৰত প্ৰথমিকতা প্ৰদান কৰা খণ্ডসমূহত ‘ইউএছ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন’য়ে ভাৰতত প্ৰদান কৰি অহা বিনিয়োগ অব্যাহত ৰাখিব পৰাকৈ ইনভেষ্টমেণ্ট ইনচেণ্টিভ এগ্ৰীমেণ্ট স্বাক্ষৰিত হোৱা কথাৰো আদৰণি জনায়।

ফলপ্ৰসূ সহযোগিতাক অধিক গতি প্ৰদান কৰিব পৰাকৈ দুয়ো পক্ষই ‘ইণ্ডিয়া-ইউএছ ইনিচিয়েটিভ অন ক্ৰিটিকেল এণ্ড এমাৰ্জিং টেকনলজিছ’ (iCET) শীৰ্ষক উদ্যোগৰ শুভাৰম্ভ কৰিছে। ভাৰতত ‘নেশ্যনেল ছিকিউৰিটী কাউন্সিল ছেক্ৰেটেৰিয়েট’ আৰু আমেৰিকাত ‘ইউএছ নেশ্যনেল ছিকিউৰিটী কাউন্সিল’-য়ে যৌথ ভাবে নেতৃত্ব প্ৰদান কৰা iCET-য়ে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’, ‘কোৱাণ্টাম কম্পিউটিং’, ‘৫জি-৬জি’, ‘বায়’টেক’, ‘স্পে’চ’ আৰু ‘ছেমিকণ্ডাক্তৰ’-ৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰসংগত দুয়োখন দেশৰ চৰকাৰ, বৌদ্ধিক পৰিমণ্ডল আৰু উদ্যোগ খণ্ডক অধিক ঘনিষ্ঠ কৰি তুলিব।

ভাৰত-মাৰ্কিন দ্বিপাক্ষিক কাৰ্যক্ৰমণিকাৰ বাবে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় সহযোগিতা এক অতিকে গুৰুত্বপূৰ্ণ স্তম্ভ বুলি স্বীকাৰ কৰিয়ে দুয়ো পক্ষই তেওঁলোকৰ মাজৰ জোঁট-বন্ধনক কেনেকৈ অধিক কটকটীয়া কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। এই প্ৰসংগতে প্ৰধানমন্ত্ৰীয়ে ‘মে’ক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ কাৰ্যক্ৰমৰ অধীনত ভাৰতত উত্পাদনৰ বাবে অংশীদাৰিত্ব আগবঢ়াবলৈ মাৰ্কিন উদ্যোগ জগতক আমন্ত্ৰণ জনায়। এই সহয়োগিতা ই দুযোখন দেশকে পাৰস্পৰিক ভাবে লাভান্বিত কৰিব।

স্বাস্থ্য খণ্ডত বৃদ্ধি পোৱা জোঁট-বন্ধনক গতি প্ৰদান কৰি ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰতিষেধকৰ বিকাশ তথা এই সম্পৰ্কীয় প্ৰযুক্তিৰ উদ্ভৱন সম্ভৱ কৰাৰ বাবে চলি থকা যুটীয়া জৈৱ-চিকিত্সা সম্পৰ্কীয় গৱেষণা অব্যাহত ৰাখিবলৈ দীৰ্ঘদিনীয়া ‘ভেকচিন একশ্যন প্ৰগ্ৰেম’(ভিএপি)ৰ কাৰ্যকাল ২০২৭ পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।  

দেশ দুখনৰ নাগৰিকসকলৰ মাজত থকা শক্তিশালী পাৰস্পৰিক সম্পৰ্কক আৰু অধিক মাত্ৰা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে উচ্চ শিক্ষা খণ্ডত জোঁট-বন্ধনৰ গোঁহাৰি জনায়। এই উদ্যোগ দুয়োখন দেশৰ বাবে লাভদায়ক সিদ্ধ হ’ব।

নেতা দুগৰাকীয়ে দক্ষিণ এচীয়া আৰু ভাৰত-প্ৰশান্তত মহাসাগৰীয় অঞ্চলৰ দৰে দুয়ো দেশৰ স্বাৰ্থ বিজড়িত প্ৰসংগকে ধৰি আঞ্চলিক প্ৰসংগসমূহৰ ক্ষেত্ৰটো দৃষ্টিভংগীৰ বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডো-পেচিফিক ইক’নমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰছপাৰিটী’(আইপিইএফ)ৰ ঘোষণাক আদৰণি জনোৱাৰ লগতে পৰস্পৰৰ ৰাষ্ট্ৰীয় ঘটনাক্ৰমৰ পৰপ্ৰেক্ষিতত এক নমনীয় আৰু সমাৱেশী ‘আইপিইএফ’-ক গঢ় দিয়াৰ বাবে সকলোবোৰ অংশীদাৰী দেশৰ সৈতে ঘনিষ্ঠ ভাবে কাম কৰি যোৱাৰ বাবে সাজু থকাৰ কথা উল্লেখ কৰে।

ভাৰত-মাৰ্কিন সহযোগিতাক আন এক উচ্চ মাত্ৰালৈ লৈ যোৱাৰ বাবে ফলপ্ৰসূ আলোচনা আৰু তেওঁলোকৰ উমৈহতীয়া দৃষ্টিভংগীৰ বিনিময় অব্যাহত ৰখাৰ বাবে দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership