ইজিপ্তৰ ৰাষ্ট্রপতি আব্দেল ফতেহ আল-চিচিয়ে আল-ইত্তিহাদিয়া প্রাসাদত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক আদৰণি জনায়।

ইজিপ্তৰ ৰাষ্ট্রপতি বিগত জানুৱাৰী মাহত সাধাৰণতন্ত্র দিৱস উদযাপন অনুষ্ঠানৰ প্রধান অতিথি হৈ ভাৰতলৈ আহিছিল। দুয়োজন নেতাই সেই ভ্ৰমণৰ স্মৃতিচাৰণ কৰি ইয়াৰ আঁতধৰি দ্বিপাক্ষিক সম্পর্কত যি গতিৰ সঞ্চাৰ হৈছেসেয়া আদৰণি জনায়। ইজিপ্তৰ মন্ত্রীসভাত সম্প্রতি যি ইণ্ডিয়া ইউনিট’ গঠন কৰা হৈছেসি দ্বিপাক্ষিক সহযোগিতাৰ দিক-নির্দেশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি উভয় নেতা সহমত হয়।

দুয়োজন নেতাই দ্বিপাক্ষিক অংশীদাৰিত্বক আৰু নিবিড় কৰাৰ পন্থা-পদ্ধতি সম্পৰ্কে আলোচনা কৰে। বিশেষকৈবাণিজ্য আৰু বিনিয়োগতথ্য প্রযুক্তিপ্রতিৰক্ষা আৰু নিৰাপত্তাপুনর্নবীকৰণযোগ্য শক্তিকৃষিস্বাস্থ্যসংস্কৃতি তথা নাগৰিকসকলৰ মাজত সংযোগ বৃদ্ধিক লৈ মতবিনিময় হয়।

জি-২০ মঞ্চত সহযোগিতা বৃদ্ধিক লৈও প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রপতি চিচিয়ে আলোচনা কৰে। খাদ্য আৰু ইন্ধন সুৰক্ষাজলবায়ু পৰিৱর্তন তথা দক্ষিণৰ দেশসমূহৰ সমন্বিত কন্ঠস্বৰে আলোচনাত গুৰুত্ব পায়। চলিত বছৰৰ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ শীর্ষ সন্মিলনত ৰাষ্ট্রপতি চিচিক আদৰণি জনাবলৈ তেওঁ অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে বুলি প্রধানমন্ত্রীয়ে জনায়।

দ্বিপাক্ষিক সম্পর্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ লক্ষ্যত দুয়োজন নেতাই এক চুক্তি স্বাক্ষৰ কৰে। কৃষিপ্রত্নতত্ত্ব আৰু পুৰাকীর্তি তথা প্রতিযোগিতামূলক আইন সংক্রান্তীয় তিনিখন বুজাবুজি পত্ৰ স্বাক্ষৰিত হয়।

ইজিপ্তৰ প্রধানমন্ত্রী মোস্তাফা মেডবাউলি আৰু তেওঁৰ মন্ত্রীসভাৰ কেইবাজনো সদস্য চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত আছিল। ভাৰতৰ হৈ উপস্থিত আছিল বিদেশ মন্ত্রী ডঃ এছ জয়শঙ্কৰজাতীয় নিৰাপত্তা উপদেষ্টা শ্রী অজিত দোভাল আৰু অন্য পদস্থ বিষয়াসকল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership