আজি ‘ৰাষ্ট্ৰীয় ভোটদাতা দিৱস’ত মই মোৰ যুৱ বন্ধুসকলক ১৮ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে নিজকে ভোটদাতা হিচাপে পঞ্জীয়ন কৰিবলৈ পুনৰবাৰ আহ্বান জনাব খুজিছোঁ: প্ৰধানমন্ত্ৰী মোদী
আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ ইক’ছীষ্টেমত পৰিণত হৈছে: প্ৰধানমন্ত্ৰী মোদী
আহক আমি যিয়েই নিৰ্মাণ কৰো তাৰ মান উন্নত কৰাৰ সংকল্প লওঁ। আমাৰ বস্ত্ৰই হওক, প্ৰযুক্তিয়েই হওক বা ইলেক্ট্ৰনিকছেই হওক... আনকি পেকেজিঙেই হওক: প্ৰধানমন্ত্ৰী মোদী
আজমগড়েই হওক, অনন্তপুৰেই হওক, অথবা দেশৰ যিকোনো ঠাইতে হওক, মানুহে একত্ৰিত হৈ কৰ্তব্যবোধেৰে ডাঙৰ ডাঙৰ সংকল্প পূৰণ কৰা দেখিবলৈ পাই আনন্দিত হৈছোঁ: প্ৰধানমন্ত্ৰী মোদী
আজিৰ যুৱক-যুৱতীসকলে নিজৰ অভিজ্ঞতা আৰু জীৱনশৈলীত ভক্তিৰ মনোভাৱ সন্নিৱিষ্ট কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী
ভাৰতীয় উৎসৱসমূহ বিশ্বৰ প্ৰতিটো কোণতে অতি উলহ-মালহেৰে উদযাপন কৰা হয়: প্ৰধানমন্ত্ৰী মোদী
ইউ এ ইৰ মহামহিম ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে মোক জানিবলৈ দিছিল যে ইউ এ ইয়ে ২০২৬ বৰ্ষটো ‘পৰিয়ালৰ বছৰ’ হিচাপে উদযাপন কৰিছে: প্ৰধানমন্ত্ৰী মোদী
‘এক পেড় মা কে নাম’ অভিযানৰ জৰিয়তে দেশত এই পৰ্যন্ত ২০০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী
মিলেট (শ্ৰী আন্না)-য়ে কেৱল কৃষকসকলৰ আয় বৃদ্ধি কৰাই নহয় মানুহৰ স্বাস্থ্যৰ উন্নতিৰ নিশ্চয়তাও প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী
অহা মাহত অনুষ্ঠিত হ’ব ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’, এই সন্মিলনৰ বাবে সমগ্ৰ বিশ্বৰ পৰা, বিশেষকৈ প্ৰযুক্তি ক্ষেত্ৰৰ বিশেষজ্ঞসকল ভাৰতলৈ আহিব: প্ৰধানমন্ত্ৰী মোদী

মোৰ প্ৰিয় দেশবাসীসকল

নমস্কাৰ

২০২৬ চনৰ প্ৰথমটো 'মন কি বাত'।কাইলৈ ​​২৬ জানুৱাৰীত আমি সকলোৱে গণৰাজ্য দিৱস পালন কৰিম। এই দিনটোতে আমাৰ সংবিধান কাৰ্যকৰী হৈছিল। এই দিনটোত; ২৬ জানুৱাৰীত আমাৰ সংবিধানৰ প্ৰতিষ্ঠাপক পিতৃসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ লাভ কৰো। আজি ২৫ জানুৱাৰীৰ দিনটোও অতি উল্লেখযোগ্য দিন। আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস... মতাদাতা দিৱস। এগৰাকী ভোটাৰ হৈছে গণতন্ত্ৰৰ আত্মা।

বন্ধুসকল,

সাধাৰণতে কোনোবাই যেতিয়া ১৮ বছৰ সম্পূৰ্ণ কৰে, তেওঁ ভোটাৰ হয়, তেতিয়া ইয়াক তেওঁৰ জীৱনৰ এক স্বাভাৱিক মাইলৰ খুঁটি বুলি গণ্য কৰা হয়। দৰাচলতে  এই অনুষ্ঠানটো যিকোনো ভাৰতীয়ৰ জীৱনৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি। সেয়ে আমাৰ দেশত ভোটাৰ হোৱাৰ আনন্দ উদযাপন কৰিব লাগিব। আমি যেনেকৈ জন্মদিনৰ শুভেচ্ছা জনাও আৰু উদযাপন কৰো... একেদৰে যেতিয়াই কোনো যুৱক-যুৱতীয়ে  প্ৰথমবাৰৰ বাবে ভোটাৰ হয়, তেতিয়াই সমগ্ৰ চুবুৰী, গাঁও, বা চহৰখনে একত্ৰিত হৈ তেওঁলোকক অভিনন্দন জনাব লাগে আৰু মিঠাই বিতৰণ কৰিব লাগে। তেনে কথাই ভোটদানৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব আৰু ভোটাৰ হোৱাটো কিমান গুৰুত্বপূৰ্ণ সেই অনুভৱক শক্তিশালী কৰিব।

বন্ধুসকল,

নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত আৰু আমাৰ গণতন্ত্ৰক সজীৱ কৰি ৰখাৰ বাবে তৃণমূল পৰ্যায়ত কাম কৰা দেশৰ সেই সকলো লোকলৈ মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজি 'ভোটাৰ দিৱস'ত মই মোৰ যুৱ বন্ধুসকলক ১৮ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে নিজকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ পুনৰবাৰ আহ্বান জনাইছো।ইয়াৰ দ্বাৰা সংবিধানে প্ৰতিজন নাগৰিকৰ পৰা যি কৰ্তব্যবোধৰ আশা কৰিছে, সেয়া পূৰণ হ'ব আৰু লগতে ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ'ব।

মোৰ প্ৰিয় দেশবাসীসকল,

আজিকালি ছচিয়েল মিডিয়াত এটা আকৰ্ষণীয় ট্ৰেণ্ড দেখিবলৈ পাইছো। মানুহে ২০১৬ বৰ্ষৰ স্মৃতিবোৰ পুনৰ সজীৱ কৰি তুলিছে।একে মনোভাৱেৰে আজি ময়ো মোৰ এটা স্মৃতি আপোনালোকৰ লগত ভাগ-বতৰা কৰিব বিচাৰিছো। দহ বছৰৰ আগতে ২০১৬ চনৰ জানুৱাৰী মাহত আমি এক অভিলাষী যাত্ৰাত নামিছিলোঁ। আমি তেতিয়াই উপলব্ধি কৰিছিলোঁ যে সেয়া  সৰু হ’লেও যুৱ প্ৰজন্মৰ বাবে, দেশৰ ভৱিষ্যতৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। সেই সময়ত কিছুমান মানুহে বুজিব পৰা নাছিল যে সেয়া কি আছিল! বন্ধুসকল, মই যিটো যাত্ৰাৰ কথা কৈছো, সেয়া হৈছে ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ যাত্ৰা। এই আচৰিত যাত্ৰাৰ নায়ক আমাৰ যুৱ বন্ধুসকল। তেওঁলোকে নিজৰ আৰমদায়ক ক্ষেত্ৰৰ পৰা ওলাই আহি যিবোৰ উদ্ভাৱন কৰিছিল, সেইবোৰ ইতিহাসত লিপিবদ্ধ হৈ আছে।

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰত পৰিণত হৈছে। এই ষ্টাৰ্ট-আপবোৰ বৃত্তৰ বাহিৰলৈ গৈছে; তেওঁলোকে এনে খণ্ডত কাম কৰি আছে যিবোৰ ১০ বছৰৰ আগতে কল্পনাতীত আছিল।এআই, মহাকাশ, পাৰমাণৱিক শক্তি, অৰ্ধপৰিবাহী, গতিশীলতা, সেউজ হাইড্ৰজেন, জৈৱ প্ৰযুক্তি... আপোনালোকে নাম কৈ যাওক আৰু   কোনোবাই কোনো ভাৰতীয় ষ্টাৰ্ট-আপ বা আন  খণ্ডত কাম কৰা দেখিব। মোৰ সকলো যুৱ বন্ধুক চেলুট জনাইছো,  যিসকল এটা ষ্টাৰ্ট-আপ বা ইয়াৰ  সৈতে জড়িত নতুবা  নিজৰেই এটা আৰম্ভ কৰিব বিচাৰে।

বন্ধুসকল,

আজি 'মন কি বাত'ৰ জৰিয়তে মই দেশবাসীক আহ্বান জনাব বিচাৰিছো; বিশেষকৈ উদ্যোগ আৰু ষ্টাৰ্ট-আপৰ সৈতে জড়িত যুৱক-যুৱতীসকলক-ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে। বিশ্বই ভাৰতবৰ্ষলৈ চাই আছে। এনে সন্ধিক্ষণত আমি সকলোৱে  এক বৃহৎ দায়িত্ব কান্ধ পাতি  লৈছো। সেই দায়িত্ব হ’ল গুণগত মানৰ বিষয়ত গুৰুত্ব আৰোপ কৰা । ‘কেৱল হয়... কাম কৰে... কেনেবাকৈ পাৰ হ’ব’ৰ যুগ শেষ হ’ল৷ আহক, এই বছৰ আমি আমাৰ সকলো শক্তিৰে গুণগত মানক অগ্ৰাধিকাৰ দিওঁ। আমাৰ একমাত্ৰ মন্ত্ৰ গুণগত মান, গুণগত মান আৰু সেয়া আমাৰ একমাত্ৰ গুণ হওঁক। কালিৰ তুলনাত আজি উন্নত মানৰ বাবে কাম কৰো আহক। আহক আমি যিয়েই নিৰ্মাণ কৰো তাৰ মান উন্নত কৰাৰ সংকল্প লওঁ। আমাৰ বস্ত্ৰশিল্পই হওক, প্ৰযুক্তিয়েই  হওক বা ইলেক্ট্ৰনিকছেই হওক... আনকি পেকেজিঙো; ভাৰতীয় সামগ্ৰীৰ অৰ্থ হ’ব লাগে – ‘শীৰ্ষ মান’। আহক, আমি উৎকৃষ্টতাক আমাৰ মাপকাঠী কৰি লওঁ। আমি সংকল্প লওঁ যে গুণগত মানৰ ক্ষেত্ৰত কোনো শিথিলতা নাথাকিব, গুণগত মানৰ ক্ষেত্ৰতো কোনো আপোচ কৰা নহ'ব। আৰু মই লালাকিল্লাৰ  পৰা প্ৰকাশ কৰিছিলোঁ - 'জিৰ' ডিফেক্ট জিৰ' ইফেক্ট'ৰ বিষয়ে । এনে কৰিলেহে আমি ‘বিকশিত ভাৰত’ৰ যাত্ৰা ত্বৰান্বিত কৰিব পাৰিম।

মোৰ প্ৰিয় দেশবাসীসকল,

আমাৰ দেশৰ জনসাধাৰণ অতি উদ্ভাৱনীমূলক শক্তিৰ অধিকাৰী। সমস্যাৰ সমাধান বিচৰাটো আমাৰ দেশবাসীৰ স্বভাৱৰ অংশ৷ কিছুমানে ষ্টাৰ্ট-আপৰ জৰিয়তে এই কাম কৰে; আনহাতে আন কিছুমানে সমাজৰ সামূহিক শক্তিৰ জৰিয়তে সমাধান বিচাৰিবলৈ চেষ্টা কৰে। উত্তৰ প্ৰদেশৰ আজমগড়ত এনে এক প্ৰচেষ্টাৰ উন্মেষ ঘটিছে। তাত থকা মানুহবোৰে এই ঠাইৰ মাজেৰে বৈ যোৱা তামছা নদীক নতুনকৈ জীৱন দান কৰিছে। তামছা কেৱল এখন নদী নহয়; ই আমাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ এক জীৱন্ত  ধাৰাবাহিকতা। অযোধ্যা পাৰ হৈ গংগাৰ লগত মিলি যোৱা এই নদীখন এসময়ত এই অঞ্চলৰ মানুহৰ জীৱনৰেখা আছিল। কিন্তু প্ৰদূষণৰ বাবে ইয়াৰ নিৰৱচ্ছিন্ন প্ৰবাহত বাধা আহিছিল। পলস, আৱৰ্জনা আৰু লেতেৰা বস্তুবোৰে এই নদীখনৰ সোঁত বন্ধ কৰি দিছিল। ইয়াৰ পিছত ইয়াৰ মানুহে ইয়াক নতুন জীৱন দিবলৈ অভিযান আৰম্ভ কৰিলে। নদীখন পৰিষ্কাৰ কৰি তাৰ পাৰত ছাঁ দিব পৰা , ফলমূলৰ গছ ৰোপণ কৰা হ’ল। স্থানীয় মানুহে কৰ্তব্য বোধৰ পৰিচয় দি  কামটোত নিজকে নিয়োজিত কৰিলে... আৰু সকলোৰে প্ৰচেষ্টাত নদীখন পুনৰ সজীৱ হৈ উঠিল।

বন্ধুসকল,

জনসাধাৰণৰ অংশগ্ৰহণৰ একেধৰণৰ প্ৰচেষ্টা অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰতো দেখা গৈছে। ভয়াৱহ খৰাঙৰ সৈতে যুঁজি আহিছিল এই অঞ্চলটো।  ইয়াৰ মাটি ৰঙা আৰু বালিচহীয়া, যাৰ বাবে মানুহে পানীৰ অভাৱৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বহু অঞ্চলত দীৰ্ঘদিন ধৰি বৰষুণ নহয় । আনকি মানুহে কেতিয়াবা অনন্তপুৰক মৰুভূমিৰ খৰাঙৰ লগতো তুলনা কৰে।

বন্ধুসকল,

এই সমস্যাৰ সমাধানৰ বাবে স্থানীয় ৰাইজে জলাশয়সমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। ইয়াৰ পিছত প্ৰশাসনৰ সহযোগত ‘অনন্ত নীৰু সংৰক্ষনম প্ৰকল্প’ৰ শুভাৰম্ভ কৰা হয়। এই প্ৰচেষ্টাৰ অধীনত ১০টাতকৈও অধিক জলাশয় পুনৰুজ্জীৱিত কৰা হৈছে। এই জলাশয়বোৰ এতিয়া পানীৰে ভৰি পৰিছে। সমান্তৰালভাৱে ৭ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। অৰ্থাৎ পানী সংৰক্ষণৰ সমান্তৰালকৈ অনন্তপুৰৰ সেউজীয়া আৱৰণো বৃদ্ধি পাইছে। এতিয়াৰ ল’ৰা-ছোৱালীয়েও, ইয়াত সাঁতুৰি আনন্দ লভিব পাৰে। এক প্ৰকাৰে ইয়াৰ সমগ্ৰ পৰিৱেশতন্ত্ৰক পুনৰ সজীৱ কৰি তোলা হৈছে।

বন্ধুসকল,

আজমগড়েই হওক, অনন্তপুৰেই হওক, দেশৰ যিকোনো ঠাইতে হওক, মানুহে একত্ৰিত হৈ কৰ্তব্যবোধেৰে ডাঙৰ ডাঙৰ সংকল্প পূৰণ কৰা দেখিবলৈ পোৱাটো আনন্দদায়ক কথা। জনসাধাৰণৰ অংশগ্ৰহণ আৰু সামূহিক প্ৰচেষ্টাৰ  এনে মনোভাৱ আমাৰ দেশৰ সৰ্বোচ্চ শক্তি।

মোৰ প্ৰিয় দেশবাসীসকল,

আমাৰ দেশত যুগ যুগ ধৰি ভজন আৰু কীৰ্তন সংস্কৃতিৰ আত্মা হৈ আহিছে। আমি মন্দিৰত, কথাৰ সময়ত ভজন শুনিছো আৰু প্ৰতিটো যুগে নিজ নিজ সময় অনুসৰি ভক্তিক মূৰ্ত কৰি তুলিছো। আজিৰ প্ৰজন্ময়ো কিবা এটা দৰ্শনীয় সাফল্য লাভ কৰিছে। আজিৰ যুৱক-যুৱতীসকলে নিজৰ অভিজ্ঞতা আৰু জীৱনশৈলীত ভক্তিৰ মনোভাৱ সন্নিৱিষ্ট কৰিছে। এই চিন্তাধাৰাই এক নতুন সাংস্কৃতিক ধাৰাৰ জন্ম দিছে। ছচিয়েল মিডিয়াত এনে বহু ভিডিঅ' হয়তো দেখিছে। দেশৰ বিভিন্ন চহৰত বৃহৎ সংখ্যক যুৱক-যুৱতী গোট খাইছে। মঞ্চখন সজাই তোলা হৈছে... লাইটিং আছে, সংগীত আছে... সকলো আড়ম্বৰ আছে, আৰু পৰিৱেশটো কনচাৰ্টতকৈ কম নহয়। ইয়াক এটা বিশাল কনচাৰ্ট যেন লাগে, কিন্তু তাত যি  গোৱা হৈছে সেয়া হৈছে সম্পূৰ্ণ একাগ্ৰতা, নিষ্ঠা, ছন্দৰে গোৱা ভজন । এই ধাৰাটোক আজি ‘ভজন ক্লাবিং’ বুলি কোৱা হৈছে, আৰু ই ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে, বিশেষকৈ জেন জেডৰ মাজত। এই অনুষ্ঠানসমূহত ভজনৰ মৰ্যাদা আৰু বিশুদ্ধতা বজাই ৰখাটো দেখিবলৈ পাই আনন্দ লভিছো। ভক্তিক সহজভাৱে লোৱা নহয়; এইক্ষেত্ৰত শব্দৰ শিষ্টাচাৰী ব্যৱহাৰ  বা আবেগৰ কোনো আপোচ কৰা নহয়। মঞ্চ আধুনিক হ’ব পাৰে, সংগীতৰ উপস্থাপন বেলেগ হ’ব পাৰে, কিন্তু মূল আত্মা একেই আছে; তাত আধ্যাত্মিকতাৰ এক অহৰহ প্ৰবাহ অনুভৱ কৰা হয়।

মোৰ প্ৰিয় দেশবাসীসকল,

আজি আমাৰ সংস্কৃতি আৰু উৎসৱসমূহে সমগ্ৰ বিশ্বতে নিজৰ স্থান দখল কৰিছে। ভাৰতীয় উৎসৱসমূহ বিশ্বৰ প্ৰতিটো কোণত অতি উৎসাহ আৰু আনন্দৰে পালন কৰা হয়। আমাৰ ভাৰতবংশী, ভাৰতীয় মূলৰ ভাই-ভনীসকলে সকলো ধৰণৰ সাংস্কৃতিক সজীৱতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। য'তেই নাথাকক কিয়, তেওঁলোকে নিজৰ সংস্কৃতিৰ সাৰমৰ্মৰ সংৰক্ষণ আৰু প্ৰচাৰ কৰি আছে। মালয়েছিয়াত থকা আমাৰ ভাৰতীয় সমাজেও এই ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰি আছে।

 

আপোনালোকে জানি সুখী হ’ব যে মালয়েছিয়াত ৫০০ৰো অধিক তামিল বিদ্যালয় আছে। তামিল ভাষাৰ পাঠদানৰ উপৰি আন বিষয়সমূহো তামিল ভাষাত পাঠদান কৰা হয়। তদুপৰি তেলেগু আৰু পাঞ্জাৱীৰ লগতে অন্যান্য ভাৰতীয় ভাষাৰ বিষয়তো বহু গুৰুত্ব দিয়া হৈছে।

বন্ধুসকল,

ভাৰত আৰু মালয়েছিয়াৰ মাজত ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এখন সমাজে মুখ্য ভূমিকা পালন কৰে। ইয়াৰ নাম ‘মালয়েছিয়া ইণ্ডিয়া হেৰিটেজ ছ’চাইটি’। বিভিন্ন কাৰ্যসূচীৰ উপৰি  এই সংস্থাটোৱে ঐতিহ্য ৱাকৰো আয়োজন কৰে। এই কাৰ্যসূচীয়ে দুয়োখন দেশক সংযোগ কৰা সাংস্কৃতিক স্থানসমূহক সামৰি লয়। যোৱা মাহত মালয়েছিয়াত আয়োজন কৰা হৈছিল "লাল পাড় শাৰী" আইকনিক ৱাক। আমাৰ বংগ সংস্কৃতিৰ লগত এই শাৰীৰ এক বিশেষ সম্পৰ্ক আছে। এই অনুষ্ঠানত বহু লোকে শাৰী পিন্ধাৰ অভিলেখ গঢ়িছিল, যিটো মালয়েছিয়াৰ বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ হৈছিল। এই উপলক্ষ্যে পৰিবেশিত  অডিচি নৃত্য আৰু বাউল সংগীতে জনসাধাৰণৰ হৃদয় জয় কৰিছিল। মই ক’ব পাৰো:

ছায়া বেৰবাংগা /ডেংগান ডিছপোৰা ইণ্ডিয়া/মালয়েছিয়া //

মেৰেকা মাম্বাৱা /ইণ্ডিয়া ডেন মালয়েছিয়া /ছেমাকিন ৰাপা //

“মালয়েছিয়াত ভাৰতীয় প্ৰব্ৰজনকাৰীক লৈ মই গৌৰৱান্বিত;তেওঁলোকে ভাৰত আৰু মালয়েছিয়াক ওচৰলৈ লৈ আহিছে।”

মালয়েছিয়াত থকা আমাৰ ভাৰতীয় প্ৰব্ৰজনকাৰীসকললৈ মোৰ শুভেচ্ছা।

মোৰ প্ৰিয় দেশবাসীসকল,

ভাৰতবৰ্ষত আমি য’তেই যাওঁ তাতেই আমি কিবা এটা অসাধাৰণ আৰু অভূতপূৰ্ব বিষয়ৰ সাক্ষী হোৱাটো নিশ্চিত। প্ৰায়ে এইবোৰ পৰিঘটনা সংবাদ মাধ্যমৰ চকুৰ পৰা দূৰৈত থাকে।  কিন্তু সেইবোৰে আমাৰ সমাজৰ প্ৰকৃত শক্তিক উন্মোচন কৰে। আমাৰ মূল্যবোধৰ ব্যৱস্থাসমূহৰ আভাসো সেইবোৰে  প্ৰদান কৰে, য’ত সংহতিৰ  সৰ্বোচ্চ মনোভাৱ প্ৰতফলিত হয়। গুজৰাটৰ বেহাৰজীৰ চান্দাকী গাঁৱৰ পৰম্পৰা অনন্য। আপোনালোক আচৰিত হ’ব যদি মই আপোনালোকক কওঁ যে ইয়াৰ মানুহবোৰে; বিশেষকৈ বৃদ্ধসকলে ঘৰত ৰন্ধা-বঢ়া নকৰে। ইয়াৰ কাৰণ গাঁওখনৰ সামূহিক পাকঘৰ। এই সামূহিক পাকঘৰত গোটেই গাঁৱৰ খাদ্য ৰন্ধা হয়, আৰু মানুহে একেলগে বহি খায়। এই পৰম্পৰা বিগত ১৫ বছৰ ধৰি অব্যাহত আছে। কেৱল সেয়াই নহয়, কোনোবা অসুস্থ হ’লে টিফিন সেৱা উপলব্ধ, অৰ্থাৎ - ঘৰতে খাদ্য যোগানৰ ব্যৱস্থাও আছে।এই সামূহিক খাদ্যই মানুহৰ মন  আনন্দৰে ভৰাই তোলে। এই পদক্ষেপে কেৱল মানুহক সংযোগ কৰাই নহয়; ই পৰিয়ালৰ সকলোৰে মাজত একতাৰ অনুভূতিও জগাই তোলে। বন্ধুসকল, ভাৰতৰ পৰিয়াল ব্যৱস্থা আমাৰ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ। বিশ্বৰ বহু দেশত ইয়াক অতি কৌতুহলৰ দৃষ্টিৰে  সৈতে চোৱা হয়। বহু দেশত এনে পৰিয়াল ব্যৱস্থাক অতিশয় সন্মান কৰা হয়। মাত্ৰ কেইদিনমানৰ আগতে মোৰ ভাই ইউ এ ইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিল। তেওঁ কৈছিল যে ইউ এ ইয়ে ২০২৬ চনক পৰিয়ালৰ বছৰ হিচাপে উদযাপন কৰিছে। ইয়াৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত সমন্বয় আৰু সামাজিক মনোভাৱ শক্তিশালী কৰা – সঁচাকৈয়ে, ই সঁচাকৈয়ে এক প্ৰশংসনীয় পদক্ষেপ।

বন্ধুসকল,

পৰিয়াল আৰু সমাজৰ শক্তি একত্ৰিত হ’লে আমি অতিক্ৰম কৰিব নোৱাৰা প্ৰত্যাহ্বানকো অতিক্ৰম কৰিব পাৰো। অনন্তনাগৰ শ্বেখগুণ্ড গাঁৱৰ কথা জানিব পাৰিছো৷ তাত ড্ৰাগছ, ধঁপাত, চিগাৰেট আৰু মদৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ যথেষ্ট বৃদ্ধি পাইছিল। এই সকলোবোৰ দেখি তাৰ পৰাই অহা মিৰ জাফৰ জীয়ে ইমানেই বিচলিত হৈ পৰিল যে তেওঁ এই সমস্যাটোৰ সমাধানৰ বাবে  সংকল্প ল’লে। গাঁৱৰ যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সকলোকে একত্ৰিত কৰিলে। তেওঁৰ এই পদক্ষেপৰ প্ৰভাৱ এনে আছিল যে তাত থকা দোকানবোৰে ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰি দিলে। এই প্ৰচেষ্টাই ড্ৰাগছৰ বিপদ সম্পৰ্কেও জনসচেতনতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

বন্ধুসকল,

আমাৰ দেশৰ বিভিন্ন সংগঠনে বছৰ বছৰ ধৰি নিঃস্বাৰ্থভাৱে সমাজ সেৱাত নিয়োজিত হৈ আহিছে। উদাহৰণস্বৰূপে পশ্চিমবংগৰ পূব মেদিনীপুৰৰ ফৰিদপুৰত এটা সংগঠন আছে। ইয়াৰ নাম ‘বিবেকানন্দ লোক শিক্ষা নিকেতন’। এই সংস্থাটোৱে যোৱা চাৰিটা দশক ধৰি শিশু আৰু বৃদ্ধসকলৰ যত্ন লোৱাৰ কামত নিয়োজিত হৈ আহিছে। গুৰুকুল ব্যৱস্থাৰ জৰিয়তে শিক্ষা প্ৰদান আৰু শিক্ষকক প্ৰশিক্ষণ দিয়াৰ সমান্তৰালকৈ এই সংস্থাটোৱে সমাজ কল্যাণৰ বাবে বহু  উদাৰ কামত নিয়োজিত হৈ আছে। এই নিঃস্বাৰ্থ সেৱাৰ মনোভাৱে যাতে দেশবাসীৰ মাজত শক্তিশালী হৈ থাকে সেয়াই  কামনা কৰিছো।

মোৰ প্ৰিয় দেশবাসীসকল,

'মন কি বাত'ত আমি ধাৰাবাহিকভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়টো উত্থাপন কৰি আহিছো। আমাৰ যুৱক-যুৱতীসকলে নিজৰ চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি অতি সচেতন হোৱাটো দেখি গৌৰৱ অনুভৱ কৰিছো। অৰুণাচল প্ৰদেশৰ এনে এটা অনন্য প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰিছো।

দেশৰ ভিতৰতে সূৰ্যৰ ৰশ্মি প্ৰথমে পৰা ভূমি হৈছে অৰুণাচল। ইয়াত মানুহে ইজনে সিজনক "জয় হিন্দ" বুলি সম্ভাষণ জনায়। ইটানগৰত এদল যুৱক-যুৱতীয়ে একত্ৰিত হৈ ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ আহিছিল। এই যুৱক-যুৱতীসকলে বিভিন্ন চহৰৰ ৰাজহুৱা স্থান পৰিষ্কাৰ কৰাটো নিজৰএক অভিযান কৰি লৈছিল। পৰৱৰ্তী সময়ত ইটানগৰ, নাহৰলগুণ, দৈমুখ, চেপ্পা, পেলিন, পাছিঘাটতো এই অভিযান আৰম্ভ কৰা হয়। এই যুৱকসকলে এতিয়ালৈকে ১১ লাখ কিলোগ্ৰামৰো অধিক জাবৰ পৰিষ্কাৰ কৰিছে। কল্পনা কৰকচোন- বন্ধু-বান্ধৱী, যুৱক-যুৱতীসকলে একেলগে ১১ লাখ কিলোগ্ৰাম জাবৰ আঁতৰাই পেলাইছে।

বন্ধুসকল,

আন এক উদাহৰণ অসমৰ। অসমৰ নগাঁৱত মানুহৰ আবেগিকভাৱে আকৰ্ষিত হৈ পৰিছে তাত থকা পুৰণি পথবোৰকলৈ। ইয়াত একাংশ লোকে একেলগে নিজৰ ৰাস্তা চাফা কৰাৰ সংকল্প লৈছে। লাহে লাহে তেওঁলোকৰ লগত আৰু অধিক লোকে যোগদান কৰিলে। এনেদৰে এটা দল গঠন কৰা  হৈছে,  যিয়ে ৰাজপথৰ পৰা বহু জাবৰ আঁতৰাই পেলাইছে। বন্ধুসকল, বাংগালুৰুতো একেধৰণৰ প্ৰচেষ্টা চলি আছে। বাংগালুৰুত চোফাৰ আৱৰ্জনা এটা ডাঙৰ সমস্যা হৈ পৰিছে, সেয়েহে কিছুমান পেছাদাৰী ব্যক্তিয়ে একত্ৰিত হৈ সেই সমস্যাটো নিজৰ ধৰণেৰে সমাধান কৰিছে।

বন্ধুসকল,

আজি বহু চহৰত লেণ্ডফিলৰ আৱৰ্জনা পুনঃব্যৱহাৰৰ বাবে উৎসৰ্গিত দল আছে। চেন্নাইৰ তেনে এটা দলে উৎকৃষ্ট কাম কৰিছে। এনে উদাহৰণে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত প্ৰতিটো প্ৰচেষ্টাৰ গুৰুত্বৰ কথা প্ৰমাণ কৰিছে। আমি ব্যক্তিগতভাৱে বা দলবদ্ধভাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে আমাৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব... তেতিয়াহে আমাৰ চহৰবোৰ সুন্দৰ হ’ব।

মোৰ প্ৰিয় দেশবাসীসকল,

পৰিৱেশ সুৰক্ষাৰ কথা কওঁতে আমি প্ৰায়ে বিশাল পৰিকল্পনা , বিশাল প্ৰচাৰ , বৃহৎ সংগঠনৰ কথা ভাবো। কিন্তু বহু সময়ত পৰিৱৰ্তন আৰম্ভ হয় অতি সাধাৰণভাৱে। এজন ব্যক্তিৰ পৰা, এটা অঞ্চলৰ পৰা, এটা খোজৰ পৰা, আনকি সৰু সৰু, স্থায়ী প্ৰচেষ্টায়ো উল্লেখযোগ্য পৰিৱৰ্তন সাধিব  পাৰে। পশ্চিমবংগৰ কোচবিহাৰৰ নিবাসী বেনয় দাসৰ  প্ৰচেষ্টাই ইয়াৰ নিদৰ্শন। বিগত কেইবাবছৰ ধৰি তেওঁ এককভাৱে নিজৰ জিলাখনক সেউজীয়া কৰি তুলিছে। বেনয় দাস জীয়ে হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰিছে। গছপুলি ক্ৰয়, ৰোপণ আৰু যত্ন লোৱাৰ সমগ্ৰ খৰচ তেওঁ প্ৰায়ে নিজে বহন কৰিছে। প্ৰয়োজন সাপেক্ষে স্থানীয় লোক, ছাত্ৰ-ছাত্ৰী, পৌৰসভাৰ সংস্থাসমূহে সহযোগিতা আগবঢ়াইছে। তেওঁৰ প্ৰচেষ্টাৰ ফলত পথৰ কাষ সেউজীয়া আৰু অধিক উন্নত হৈ পৰিছে।

বন্ধুসকল,

মধ্যপ্ৰদেশৰ পান্না জিলাৰ জগদীশ প্ৰসাদ অহিৰৱাৰ জীৰ প্ৰচেষ্টাও অতিশয় প্ৰশংসনীয়। তেওঁ অৰণ্যত  বিট-গাৰ্ড হিচাপে কাম কৰে। এবাৰ টহল দিওঁতে তেওঁ উপলব্ধি কৰিলে যে অৰণ্যৰ বহু ঔষধি উদ্ভিদৰ তথ্য ক’তো পদ্ধতিগতভাৱে লিপিবদ্ধ কৰা হোৱা নাই। জগদীশ জীয়ে এই জ্ঞান পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াব বিচাৰিছিল। সেইবাবেই তেওঁ ঔষধি উদ্ভিদ চিনাক্ত কৰি সেইবোৰৰ বিষয়ে লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ এশ পঁচিশবিধৰো অধিক ঔষধি উদ্ভিদ চিনাক্ত কৰিলে। তেওঁ সেইবোৰৰ ফটো আৰু প্ৰতিটো উদ্ভিদৰ নাম, ব্যৱহাৰ আৰু স্থানৰ তথ্য সংগ্ৰহ কৰিছিল।

বন বিভাগে তথ্যসমূহ সংকলন কৰি কিতাপ হিচাপে প্ৰকাশ কৰিছে। এই গ্ৰন্থখনত সন্নিবিষ্ট তথ্যসমূহ এতিয়া গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু বন বিষয়াসকলৰ বাবে অতি উপযোগী হৈ পৰিছে।

বন্ধুসকল,

পৰিৱেশ সুৰক্ষাৰ এই একে মনোভাব আজিও বৃহৎ পৰিসৰত দেখা গৈছে। সেই মনোভাবৰপ্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে চলি আছে ‘এক পেড় মা কে নাম’ অভিযান। আজি কোটি কোটি লোকে এই অভিযানত যোগদান কৰিছে। দেশত এই পৰ্যন্ত ২০০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। ইয়াৰ পৰা দেখা যায় যে মানুহে এতিয়া পৰিৱেশ সুৰক্ষাৰ প্ৰতি অধিক সচেতন হৈ পৰিছে আৰু কিবা  নহয় কিবা প্ৰকাৰে ইয়াত  অৰিহণা যোগাব বিচাৰিছে।

মোৰ প্ৰিয় দেশবাসীসকল,

আৰু এটা কথাৰ বাবে আপোনালোক সকলোকে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সেয়া হৈছে  বাজৰা অৰ্থাৎ শ্ৰী অন্না। শ্ৰী অন্নাৰ প্ৰতি দেশৰ জনসাধাৰণৰ প্ৰেম অহৰহ বাঢ়িছে। যদিও আমি ২০২৩ চনক বাজৰা বছৰ হিচাপে ঘোষণা কৰিছিলোঁ; আজিও; তিনি বছৰৰ পাছত দেশ আৰু বিশ্বত ইয়াৰ প্ৰতি থকা আবেগ তথা দায়বদ্ধতা অতি উৎসাহজনকভাবে বৃদ্ধি পাইছে।

বন্ধুসকল,

তামিলনাডুৰ কল্লা-কুৰিচি জিলাৰ মহিলা কৃষকৰ এটা দল প্ৰেৰণাৰ উৎস হৈ পৰিছে। ইয়াত প্ৰায় ৮০০গৰাকী  মহিলা কৃষক পেৰিয়াপালয়াম বাজৰা এফ পি চিৰ সৈতে জড়িত হৈ আছে। বাজৰাৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখি এই মহিলাসকলে বাজৰাৰ প্ৰক্ৰিয়াকৰণ গোট স্থাপন কৰিছে। এতিয়া তেওঁলোকে বাজৰাৰ পৰা তৈয়াৰী সামগ্ৰীসমূহ পোনপটীয়াকৈ বজাৰলৈ যোগান ধৰিছে।

বন্ধুসকল,

ৰাজস্থানৰ ৰামছাৰৰ কৃষকসকলেও শ্ৰী অন্নাৰ সৈতে নতুনত্বৰ সংযোগ ঘটাইছে। ৰামছাৰ জৈৱিক কৃষক উৎপাদক কোম্পানীৰ সৈতে ৯০০ৰো অধিক কৃষক জড়িত হৈ আছে। এই কৃষকসকলে মূলতঃ মুকুতা বাজৰাৰ খেতি কৰে। ইয়াত পাৰ্ল মিলেট প্ৰক্ৰিয়াকৰণ কৰি ৰেডি টু ইট লাড়ু প্ৰস্তুত কৰা হয়। বজাৰত এইবোৰৰ চাহিদা অতি বেছি। তদুপৰি বন্ধুসকল, আজিকালি বহু মন্দিৰত প্ৰসাদত কেৱল বাজৰাহে ব্যৱহাৰ কৰা বুলি জানি আনন্দিত হৈছোঁ। এই পদক্ষেপৰ বাবে এই মন্দিৰসমূহৰ সকলো প্ৰশাসকক আন্তৰিকতাৰে অভিনন্দন জনাইছো।

বন্ধুসকল,

বাজৰা শ্ৰী অন্নাই কেৱল কৃষকৰ আয় বৃদ্ধি কৰাই নহয় , মানুহৰ স্বাস্থ্যৰ উন্নতিৰো নিশ্চয়তা প্ৰদান কৰিছে। বাজৰাৰ পুষ্টি প্ৰচুৰ আৰু ই এক ছুপাৰফুড। আমাৰ দেশত শীতকালক  খাদ্য খোৱাৰ বাবে অতি উত্তম সময় বুলি গণ্য কৰা হয়। গতিকে এই সময়ত শ্ৰী অন্না আমি নিশ্চয়কৈ গ্ৰহণ কৰা উচিত।

মোৰ প্ৰিয় দেশবাসীসকল,

‘মন কি বাত’ত আমি আকৌ এবাৰ অসংখ্য বিষয় স্পৰ্শ কৰাৰ সুযোগ পাইছো। এই কাৰ্যসূচীয়ে আমাৰ সকলোকে আমাৰ দেশৰ কৃতিত্বসমূহ উপলব্ধি তথা উদযাপনৰ সুযোগ প্ৰদান কৰি আহিছে। এনে আন এক অনুষ্ঠান ফেব্ৰুৱাৰী মাহত আহি আছে। অহা মাহত অনুষ্ঠিত হ’ব ভাৰত এ আই ইমপেক্ট ছামিট। এই শীৰ্ষ সন্মিলনৰ বাবে সমগ্ৰ বিশ্বৰ পৰা বিশেষকৈ প্ৰযুক্তি ক্ষেত্ৰৰ বিশেষজ্ঞসকল ভাৰতলৈ আহিব। এই সন্মিলনত ভাৰতৰ এ আই জগতত অগ্ৰগতি আৰু সাফল্যৰ বিষয়তো  আলোকপাত কৰা হ’ব।

ইয়াত অংশগ্ৰহণ কৰা সকলোকে আন্তৰিক অভিনন্দন জনাইছো। আমি নিশ্চিতভাৱে অহা মাহত ‘মন কি বাত’ত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ কথা ক’ম। লগতে দেশবাসীৰ আন কিছুমান কৃতিত্বৰ বিষয়েও আলোচনা কৰিম। তেতিয়ালৈকে 'মন কি বাত'ৰ এই খণ্ডটোত আপোনালোকৰ পৰা বিদায় লৈছো। আকৌ এবাৰ কাইলৈ ​​গণৰাজ্য দিৱসৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event

Media Coverage

‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value and transformative power of knowledge
September 09, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that wisdom teaches the art of living in harmony with society. He said that knowledge imparts wisdom and prosperity, fills the heart with joy and enhances one’s dignity.

The Prime Minister shared a Sanskrit Subhashitam-

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”

The Subhashitam conveys that wisdom teaches the art of living in harmony with society. It grants knowledge and prosperity, fills the heart with joy, and raises one's dignity. Thus, wisdom is as precious as service to righteous governance, beloved by the heart, and a force that uplifts life.

The Prime Minister wrote on X;

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”