New Year is starting today and during the next few days in different states of our country: PM Modi
If any organisation, school or social institution or science centre is organising summer activities, do share it with #MyHolidays: PM Modi
Urge children and their parents as well to share their holiday experiences with #HolidayMemories: PM Modi
During the last 7-8 years, over 11 billion cubic metres of water has been conserved through newly built tanks, ponds and other water recharge structures: PM Modi
Textile waste has become a major cause of worry for the whole world: PM Modi
I am happy that many commendable efforts are being undertaken in our country to deal with the challenge of textile waste: PM Modi
Now less than 100 days are left for Yoga Day. If you have not yet included yoga in your life, do it now: PM Modi
Cookies being made from Mahua flowers by four sisters of Rajakhoh village in Chhindwara district of Madhya Pradesh are becoming very popular: PM Modi
Krishna Kamal flowers have become the centre of attraction in Arogya Van, Ekta Nursery, Vishwa Van and Miyawaki forest of Ekta Nagar: PM Modi

মোৰ প্ৰিয় দেশবাসী,

নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-

প্ৰধানমন্ত্ৰী (কানাড়া ভাষাত) – সকলোকে উগাড়ী উৎসৱৰ শুভেচ্ছা জনালোঁ।

পৰৱৰ্তী বাৰ্তাটো হ’ল- প্ৰধানমন্ত্ৰী (তেলেগু ভাষাত) – সকলোকে উগাড়ী উৎসৱৰ শুভেচ্ছা জনালোঁ।

এতিয়া আন এখন চিঠিত লিখা হৈছে – প্ৰধানমন্ত্ৰী (কংকনী ভাষাত) – সংচাৰ পড়ৱাৰ শুভেচ্ছা জনালোঁ।

পৰৱৰ্তী বাৰ্তাত লিখা আছে- প্ৰধানমন্ত্ৰী (মাৰাঠী ভাষাত) – গুড়ি পড়ৱা উপলক্ষে আন্তৰিক শুভেচ্ছা।

আমাৰ এগৰাকী সহকৰ্মীয়ে লিখিছে: প্ৰধানমন্ত্ৰী (মালয়ালম ভাষাত) – সকলোকে বিষুৱ উৎসৱৰ শুভেচ্ছা জনালোঁ।

আন এক বাৰ্তা- প্ৰধানমন্ত্ৰী (তামিল ভাষাত) – সকলোকে নতুন বছৰৰ (পুথান্দু) শুভেচ্ছা জনালোঁ।

বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পাইছে যে এইবোৰ বিভিন্ন ভাষাত প্ৰেৰণ কৰা বাৰ্তা। কিন্তু ইয়াৰ কাৰণ কি জানেনে? এই বিশেষ কথাটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।

আমাৰ দেশৰ বিভিন্ন ৰাজ্যত আজি আৰু অহা কেইদিনমানৰ পাছতে নতুন বছৰ আৰম্ভ হ’ব আৰু এই সকলোবোৰ বাৰ্তা নতুন বছৰ আৰু বিভিন্ন উৎসৱৰ শুভেচ্ছা। গতিকে মানুহে মোলৈ বিভিন্ন ভাষাত শুভেচ্ছা পঠিয়াইছিল।

বন্ধুসকল,

আজি কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত গুড়ি পৰ্ব উদযাপন কৰা হৈছে। আমাৰ বৈচিত্ৰ্যপূৰ্ণ দেশত অনাগত দিনত বিভিন্ন ৰাজ্যত বিভিন্ন উৎসৱ পালন কৰা হ'ব, যেনে- অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ।

এইদৰে ১৩ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন উৎসৱ উদযাপনৰ কৰিব। ইয়াৰ ফলত সমগ্ৰ দেশত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালভাৱে ঈদ উৎসৱ আহি আছে। অৰ্থাৎ এই গোটেই মাহটো উৎসৱ আৰু উদযাপনৰ মাহ। এই উৎসৱ উপলক্ষে সমগ্ৰ দেশবাসীক মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশৰ বিভিন্ন প্ৰান্তত যিমানে উৎসৱ উদযাপন কৰিব, সেইটোৱে ভাৰতত বৈচিত্ৰ্যৰ মাজত কিদৰে ঐক্য বিদ্যমান সেই কথাকে প্ৰকাশ কৰে। প্ৰতি মুহূৰ্ততে শক্তিশালী হৈ থকা এই ঐক্যৰ ধাৰণাটো লৈ আমি আগবাঢ়িব লাগিব।

বন্ধুসকল,

পৰীক্ষা আহিলে মই মোৰ তৰুণ বন্ধুবৰ্গৰ সৈতে 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানৰ আয়োজন কৰোঁ। এতিয়া পৰীক্ষা শেষ হৈছে। ইতিমধ্যে বহু বিদ্যালয়ে পুনৰ নতুন বৰ্ষৰ পাঠদান আৰম্ভ কৰাৰ প্ৰস্তুতিও আৰম্ভ কৰিছে। ইয়াৰ পিছত গ্ৰীষ্ম বন্ধৰ সময়। বছৰৰ এই সময়খিনিলৈ শিশুসকলে আগ্ৰহেৰে বাট চাই থাকে। মোৰ নিজৰ শৈশৱৰ দিনবোৰ মনত আছে, যেতিয়া মোৰ বন্ধু আৰু মই গোটেই দিনটো কিবা এটা দুষ্টামি কৰি আছিলো। একেসময়তে কিন্তু আমি তেওঁলোকৰ লগত গঠনমূলক কিবা এটা শিকিছিলোঁ। গৰমৰ দিনবোৰ বেছি দীঘল হয়, গতিকে এই সময়ত ল’ৰা-ছোৱালীয়ে বহুত কাম কৰিব পাৰে। এটা নতুন চখ আৰম্ভ কৰাৰ লগতে নিজৰ প্ৰতিভা বিকাশ কৰাৰ সময় আহি পৰিছে। যুৱক-যুৱতীসকলৰ বাবে এতিয়া বিভিন্ন কথা শিকিব পৰা মঞ্চৰ অভাৱ নাই। উদাহৰণস্বৰূপে, কিছুমান সংস্থাই প্ৰযুক্তি শিবিৰ চলাই আছে, য’ত শিশুৱে অ’পেন ছৰ্চ ছফটৱেৰৰ বিষয়ে জানিব পৰাৰ লগতে এপ নিৰ্মাণৰ বিষয়েও জানিব পাৰে।

পৰিৱেশ, থিয়েটাৰ বা লিডাৰশ্বিপৰ কথা যদি কোৱা হয়, তেনেহ’লে আন বহুতো বিষয় সামৰি ল’ব পাৰি আৰু তেওঁলোকক ইয়াৰ সৈতে সংযোগ কৰিব পাৰি। বিদ্যালয়ত বক্তৃতা বা নাটক পাঠদান কৰা হয়, যিবোৰ যুৱক-যুৱতীসকলৰ বাবে অতি উপকাৰী।

এইবোৰৰ উপৰি এই বন্ধৰ দিনত বিভিন্ন ঠাইত চলি থকা স্বেচ্ছাসেৱী কাৰ্য্যকলাপ আৰু সেৱাৰ কামত যোগদান কৰাৰ সুযোগো আছে। এনেধৰণৰ কাম-কাজৰ প্ৰতি মোৰ বিশেষ আগ্ৰহ আছে। যদি কোনো সংগঠন, বিদ্যালয়, সামূহিক সংগঠন বা বিজ্ঞান কেন্দ্ৰই এনে গ্ৰীষ্মকালীন কাৰ্যসূচী আয়োজন কৰিছে, তেন্তে তেওঁলোকে নিশ্চিতভাৱে #MyHolidays লিখি শ্বেয়াৰ কৰা উচিত। যাতে সমগ্ৰ দেশৰ শিশু আৰু তেওঁলোকৰ পিতৃ-মাতৃয়ে এই বিষয়ে সহজে জানিব পাৰে।

মোৰ তৰুণ বন্ধুসকল,

আজি আপোনালোকৰ সৈতে এই গ্ৰীষ্ম বন্ধৰ বাবে প্ৰস্তুত কৰা MY-Bharat ৰ বিশেষ কেলেণ্ডাৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। মোৰ সন্মুখত এতিয়া এই কেলেণ্ডাৰখনৰ কপি এটা আছে। এই কেলেণ্ডাৰৰ কিছুমান উদ্ভাৱনীমূলক প্ৰচেষ্টাৰ বিষয়ে মই শ্বেয়াৰ কৰিব বিচাৰিছো। ঠিক MY-Bharat ৰ অধ্যয়ন ভ্ৰমণৰ দৰেই আমাৰ 'জন ঔষধি কেন্দ্ৰ'সমূহে কেনেদৰে কাম কৰে আপোনালোকে জানিব পাৰিব। সজীৱ গাঁও অভিযানৰ অংশ হৈ সীমান্তৱৰ্তী গাঁৱৰ এক অনন্য অভিজ্ঞতা লাভ কৰিব পাৰিব। ইয়াৰ লগতে তাত সাংস্কৃতিক আৰু ক্ৰীড়া কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব পাৰিব। একেদৰে আম্বেদকাৰ জয়ন্তীৰ এই পদযাত্ৰাত যোগদান কৰি সংবিধানৰ গুৰুত্ব সম্পৰ্কে সজাগতা প্ৰচাৰ কৰিব পাৰিব। শিশু আৰু তেওঁলোকৰ পিতৃ-মাতৃলৈ মোৰ বিশেষ অনুৰোধ যে তেওঁলোকে নিজৰ ছুটীৰ অভিজ্ঞতা #HolidayMemories লিখি শ্বেয়াৰ কৰিব। পৰৱৰ্তী মন কী বাতত মই আপোনালোকৰ সেই অভিজ্ঞতা সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিম।

মোৰ প্ৰিয় দেশবাসী,

গ্ৰীষ্ম অহাৰ লগে লগে চহৰ, নগৰ, গাঁৱত পানী সংৰক্ষণৰ প্ৰস্তুতি আৰম্ভ হয়। বহু ৰাজ্যত পানী সংগ্ৰহ আৰু পানী সংৰক্ষণৰ সৈতে জড়িত কামবোৰ নতুন উদ্যমেৰে আৰম্ভ হৈছে। জল শক্তি মন্ত্ৰালয়ৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে এই লক্ষ্যৰ দিশত কাম কৰি আছে। দেশত হাজাৰ হাজাৰ কৃত্ৰিম জলাশয়, বান্ধ, কুঁৱা পুনৰভৰ্তিকৰণ, কমিউনিটি ছ’ক পিট নিৰ্মাণ কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো ‘বৰষুণৰ পানী সংগ্ৰহ’ অভিযানৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই অভিযান কেৱল চৰকাৰৰ বাবেই নহয় সমাজ তথা জনসাধাৰণৰ বাবেও গুৰুত্বপূৰ্ণ। জল সংৰক্ষণৰ ক্ষেত্ৰত অধিক লোকক জড়িত কৰিবলৈ ৰাজহুৱা পানী সংৰক্ষণ অভিযানো হাতত লোৱা হৈছে। এয়া আমাৰ হাতত থকা প্ৰাকৃতিক সম্পদসমূহ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ এক প্ৰচেষ্টা।

বন্ধুসকল,

বৰষুণৰ পানী সংৰক্ষণ কৰি আমি বহু পানী অপচয় হোৱাৰ পৰা ৰক্ষা কৰিব পাৰো। যোৱা কেইবছৰমানৰ পৰা এই অভিযানে দেশৰ বিভিন্ন প্ৰান্তত কিছু অভূতপূৰ্ব জল সংৰক্ষণৰ কাম কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ আগত এখন আমোদজনক ছবি দাঙি ধৰিছো। যোৱা ৭-৮ বছৰত নতুনকৈ নিৰ্মাণ কৰা টেংক, পুখুৰী আৰু অন্যান্য পানী পুনৰভৰ্তিকৰণ প্ৰচেষ্টাৰ জৰিয়তে ১১ বিলিয়ন ঘনমিটাৰতকৈ অধিক পানী ৰাহি কৰা হৈছে। এতিয়া আপুনি হয়তো ভাবিছে, ১১ বিলিয়ন ঘনমিটাৰ পানীৰ আয়তন কিমান?

বন্ধুসকল, ভাক্ৰা নাংগল বান্ধত জমা হোৱা পানীৰ ছবিবোৰ নিশ্চয় দেখিছে। এই পানীয়েই সৃষ্টি কৰিলে গোবিন্দসাগৰ হ্ৰদ। এই হ্ৰদটোৰ দৈৰ্ঘ্য ৯০ কিলোমিটাৰতকৈও অধিক। এই হ্ৰদত ৯-১০ বিলিয়ন ঘনমিটাৰতকৈ অধিক পানী জমা কৰিব নোৱাৰি। মাত্ৰ ৯-১০ বিলিয়ন ঘনমিটাৰহে পাৰি। কিন্তু দেশবাসীয়ে নিজৰ ক্ষুদ্ৰ প্ৰচেষ্টাৰে দেশৰ বিভিন্ন প্ৰান্তত ১১ বিলিয়ন ঘনমিটাৰ পানী সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে। এয়া এক উল্লেখযোগ্য প্ৰচেষ্টা নহয়নে?

বন্ধুসকল,

এই সন্দৰ্ভত কৰ্ণাটকৰ গোডোক জিলাৰ ৰাইজেও এক নজিৰ সৃষ্টি কৰিছে। কেইবছৰমান আগতে এই জিলাৰ দুখন গাঁৱৰ বিল সম্পূৰ্ণ শুকাই গৈছিল। এটা সময় আহিল যেতিয়া তাত থকা জীৱ-জন্তুবোৰে খাব পৰাকৈ পানীও নাছিল। লাহে লাহে বিলবোৰ বন আৰু ঘাঁহেৰে ভৰি পৰিল। কিন্তু গাঁৱৰ একাংশ লোকে বিলবোৰ পুনৰ সজীৱ কৰাৰ সিদ্ধান্ত লৈ একেলগে কাম কৰিবলৈ ধৰিলে। আৰু কথাতে কোৱা নহয়নে মন কৰিলেই চন। গাঁওবাসীৰ এই প্ৰচেষ্টা দেখি চৌপাশৰ সামাজিক সংগঠনবোৰেও তেওঁলোকৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলে। সকলোৱে বিলৰ সকলো জাবৰ আৰু বোকা চাফা কৰিবলৈ আৰম্ভ কৰিলে আৰু কিছুদিনৰ পাছত বিলবোৰ সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিল। এইবাৰ মানুহে বাৰিষাৰ বাবে অপেক্ষা কৰি আছিল। এয়া প্ৰকৃতাৰ্থত ‘বৰষুণৰ পানী সংগ্ৰহ’ অভিযানৰ এক ডাঙৰ উদাহৰণ।

বন্ধুসকল,

আপোনালোকেও নিজৰ আঞ্চলিক পৰ্যায়ত এনে প্ৰচেষ্টাত যোগদান কৰিব পাৰে। এই গণ আন্দোলনক আগুৱাই নিয়াৰ বাবে আপুনি এতিয়াই পৰিকল্পনা কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব-সম্ভৱ হ’লে গৰমৰ দিনত ঘৰৰ সন্মুখত মাটিৰ পাত্ৰ এটাত ঠাণ্ডা পানী ৰাখক। আপোনাৰ ঘৰৰ চাদ বা বেলকনিত চৰাইৰ বাবে সামান্য পানী ৰাখক। এই কামটো কৰি মনত কিমান ভাল অনুভৱ কৰিব আপুনি দেখিব!

বন্ধুসকল,

আপোনালোকে বাৰু কি ভাৱি আছে? এতিয়া আমি সাহসৰ উদাহৰণৰ কথা ক’ম! প্ৰতিকূলতাৰ মাজতো নিজৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰবল ইচ্ছা প্ৰদৰ্শন কথা ক’ম। কিছুদিন পূৰ্বে অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছত খেলুৱৈসকলে পুনৰবাৰ নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰে সকলোকে আচৰিত কৰি তুলিলে। এইবাৰ এই ক্ৰীড়া প্ৰতিযোগিতাত পূৰ্বতকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পৰাই বুজা যায় যে পেৰা স্প’ৰ্টছ কিমান জনপ্ৰিয় হৈ পৰিছে। খেলো ইণ্ডিয়া পেৰা গেমছত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছো। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰাৰ বাবে হাৰিয়ানা, তামিলনাডু আৰু উত্তৰপ্ৰদেশৰ খেলুৱৈসকললৈ অভিনন্দন জনাইছো। আমাৰ বিশেষভাৱে সক্ষম খেলুৱৈসকলে এই প্ৰতিযোগিতাত ১৮টা ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিছিল। ইয়াৰে ১২টা অভিলেখ আমাৰ মহিলা খেলুৱৈয়ে ৰচিছিল। এইবাৰ খেলো ইণ্ডিয়া পেৰা গেমছৰ স্বৰ্ণ পদক বিজয়ী মল্লযোদ্ধা জাভি মেথিউৱে মোলৈ এখন চিঠি লিখিছিল। তেওঁৰ চিঠিখনৰ কিছু অংশ পঢ়িব বিচাৰিছো। তেওঁ লিখিছে, “পদক জয় কৰাটো এটা বিশেষ অনুভৱ, কিন্তু আমাৰ যুঁজখন কেৱল প’ডিয়ামত থিয় হোৱাতে সীমাবদ্ধ নহয়। আমি প্ৰতিদিনে সংগ্ৰাম কৰি থাকোঁ। জীৱনে আমাক বহু দিশত পৰীক্ষা কৰে, আমাৰ সংগ্ৰামবোৰ কম সংখ্যক লোকেহে বুজি পায়। তথাপি আমি সাহসেৰে আগবাঢ়ি যাওঁ। আমি আমাৰ সপোন পূৰণৰ দিশত আগবাঢ়িছো। আমি বিশ্বাস কৰোঁ যে আমি কোনো লোকতকৈ কম নহয়।"

বাঃ বাঃ! জাভি মেথিউ, আপুনি ব্যতিক্ৰমী ধৰণে, অতি সুন্দৰকৈ চিঠিখন লিখিছে। এই চিঠিখনৰ বাবে আপোনাক ধন্যবাদ জনাইছো। জাভি মেথিউ আৰু আমাৰ সকলো প্ৰতিবন্ধী বন্ধুক ক'ব বিচাৰিছো যে আপোনাৰ প্ৰচেষ্টা আমাৰ বাবে এক বৃহৎ প্ৰেৰণা।

বন্ধুসকল,

দিল্লীত আন এক অনুষ্ঠানৰ আয়োজন কৰাটোৱে মানুহক বহুখিনি অনুপ্ৰাণিত আৰু সবল কৰি তুলিছে। এক অভিনৱ ধাৰণাৰ আধাৰত আয়োজন কৰা হৈছিল প্ৰথমটো ফিট ইণ্ডিয়া কাৰ্নিভেল। ইয়াত বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে। তেওঁলোকৰ প্ৰত্যেকৰে এটাই লক্ষ্য আছিল: ফিট হৈ থকা আৰু ফিটনেছৰ বিষয়ে সজাগতা প্ৰচাৰ কৰা। অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক স্বাস্থ্য আৰু পুষ্টিৰ বিষয়সমূহৰ ওপৰত জ্ঞান প্ৰদান কৰা হয়। মোৰ আহ্বান আপোনাৰ নিজৰ অঞ্চলতো এনে কাৰ্নিভেলৰ আয়োজন কৰক। এই পৰিকল্পনাত MY-Bharat য়ে আপোনাক যথেষ্ট সহায় কৰিব পাৰে।

বন্ধুসকল,

আমাৰ থলুৱা খেলবোৰ এতিয়া জনপ্ৰিয় সংস্কৃতিৰ লগত মিলি গৈছে। বিখ্যাত ৰেপাৰ হনুমানকাইণ্ড(Hanumankind)ক আপোনালোক সকলোৱে চিনি পায়। আজিকালি তেওঁৰ নতুন গীত ‘ৰান ইট আপ’ যথেষ্ট বিখ্যাত হৈ পৰিছে। ইয়াত কলাৰিপট্টা, গটকা, থাংটা আদি পৰম্পৰাগত যুদ্ধ কলা অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ পৰম্পৰাগত যুদ্ধ কলাক সমগ্ৰ বিশ্বৰ মানুহৰ মাজত পৰিচিত কৰি তোলাৰ বাবে হনুমানকাইণ্ডক অভিনন্দন জনাইছো।

মোৰ প্ৰিয় দেশবাসী,

প্ৰতিমাহে আপোনালোকৰ পৰা MyGov আৰু NaMo apps ত বহুত বাৰ্তা আহে। ইয়াৰ বহু বাৰ্তাই মোৰ হৃদয় চুই যায় আৰু কিছুমান বাৰ্তাই মোক গৌৰৱান্বিত কৰে। কেতিয়াবা, এই বাৰ্তাবোৰে আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে অনন্য তথ্য প্ৰদান কৰে। এইবাৰ এনে এটা বাৰ্তাই মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। সেই সম্পৰ্কে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। বাৰাণসীৰ অথৰ্ব কাপুৰ, মুম্বাইৰ পৰা আৰ্য্য লিখা আৰু অত্ৰেয়া মানে মোৰ শেহতীয়া মৰিচাছ ভ্ৰমণৰ বিষয়ে তেওঁলোকৰ অনুভৱ ব্যক্তি কৰিছে। তেওঁলোকে লিখিছে যে এই ভ্ৰমণত গীত গোৱাইৰ লগতে অভিনয় অতিশয় উপভোগ্য আছিল। পূব উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা পোৱা বহু চিঠিতো একেধৰণৰ আৱেগ দেখিছিলো। মৰিচাছত গীত গোৱাইৰ অসাধাৰণ অভিনয়ৰ সময়ত যিখিনি অনুভৱ কৰিলোঁ সেয়া সঁচাকৈয়ে অসাধাৰণ আছিল।

বন্ধুসকল,

যেতিয়া আমি আমাৰ শিপাৰ লগত সংযুক্ত হৈ থাকোঁ, যিমান ডাঙৰ ধুমুহাই নাহক কিয়, ই আমাক উভালি পেলাব নোৱাৰে। এবাৰ ভাবি চাওকচোন, আজিৰ পৰা প্ৰায় ২০০ বছৰ আগতে ভাৰতৰ পৰা বহু লোক মৰিচাছলৈ গিৰমিটীয়া শ্ৰমিক হিচাপে গৈছিল। ইয়াৰ পিছত কি হ’ব কোনেও গম পোৱা নাছিল। কিন্তু সময়ৰ লগে লগে তেওঁলোক তাত স্থায়ী বাসিন্দা হৈ পৰিল। মৰিচাছত তেওঁলোকে উল্লেখযোগ্য নাম উজলাইছে। তেওঁলোকে নিজৰ পৰম্পৰা ৰক্ষা কৰি নিজৰ শিপাৰ লগত সংযুক্ত হৈ থাকিল। কিন্তু কেৱল মৰিচাছেই নহয় যোৱা বছৰ গায়ানালৈ যোৱাৰ সময়ত তাত চৌটালৰ অভিনয় দেখি আপ্লুত হৈছিলোঁ। বন্ধুসকল, এতিয়া মই আপোনালোকৰ বাবে এটা অডিঅ' বজাই শুনাইছো।

অডিঅ' ক্লিপ ফিজি

আপুনি নিশ্চয় ভাবিছে যে ই আমাৰ দেশৰ কোনোবা এটা অঞ্চলৰ, কিন্তু আপুনি জানি আচৰিত হ'ব যে এয়া ফিজিৰ সৈতে জড়িত। এইটো ফিজিৰ অতি জনপ্ৰিয় "ফাগোয়া চৌটাল"। এই গীতটোৱে সকলোকে উৎসাহেৰে মন ভৰাই তোলে। মই আপোনালোকক আৰু এটা অডিঅ' বজাই শুনাইছো।

অডিঅ' ছুৰিনাম

এই অডিঅ'টো ছুৰিনামৰ চৌতালৰ। টিভিত এই অনুষ্ঠানটো চোৱাসকলে ছুৰিনামৰ ৰাষ্ট্ৰপতি তথা মোৰ বন্ধু চান সান্তোখীজীয়ে উপভোগ কৰা প্ৰত্যক্ষ কৰিছিল। এনে সমাৱেশ আৰু গীত ত্ৰিনিদাদ আৰু ট’বাগোতো অতি জনপ্ৰিয়। এই সকলো দেশতে মানুহে ৰামায়ণ বেছিকৈ পঢ়ে। ইয়াত ফাগোয়া অতি জনপ্ৰিয় আৰু ভাৰতীয় সকলো উৎসৱ অতি উৎসাহেৰে পালন কৰা হয়। তেওঁলোকৰ বেছিভাগ গীত ভোজপুৰী, তেলেগু বা মিশ্ৰিত ভাষাত। কেতিয়াবা ব্ৰজ আৰু মৈথিলিও ব্যৱহাৰ কৰা হয়। এই দেশসমূহত আমাৰ পৰম্পৰা ৰক্ষা কৰি থকাসকলে প্ৰশংসাৰ পাত্ৰ।

বন্ধুসকল,

বছৰ বছৰ ধৰি ভাৰতীয় সংস্কৃতি ৰক্ষাৰ বাবে বিশ্বত বহুতো সংগঠন আছে। তেনে এটা সংস্থা হৈছে ছিংগাপুৰ ইণ্ডিয়ান ফাইন আৰ্টছ ছ’চাইটি। ভাৰতীয় নৃত্য, সংগীত, সংস্কৃতি সংৰক্ষণৰ বাবে উৎসৰ্গিত এই সংস্থাটোৱে নিজৰ গৌৰৱোজ্জল ৭৫টা বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি মহামহিম থাৰমান শানমুগাৰত্নম ডাঙৰীয়াই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি এই সংস্থাৰ প্ৰচেষ্টাক অতিশয় শলাগ লয়। এই দলটোক বহুত বহুত শুভকামনা জনাইছো।

বন্ধুসকল, "মন কী বাত"ত আমি প্ৰায়ে দেশবাসীয়ে বুজি পোৱাকৈ সামাজিক বিষয়ৰ কথা কওঁ। প্ৰত্যাহ্বানৰ বিষয়েও বহু ক্ষেত্ৰত আলোচনা কৰা হৈছে। এইবাৰ মন কী বাতত আমি আমাৰ সৈতে পোনপটীয়াকৈ জড়িত এটা প্ৰত্যাহ্বানমূলক বিষয়ৰ ওপৰত কথা পাতিম। এই প্ৰত্যাহ্বান "বস্ত্ৰ আৱৰ্জনা"ৰ সৈতে জড়িত। এইবাৰ হয়তো আপুনি ভাবিছে, এই বস্ত্ৰ আৱৰ্জনাবোৰৰ লগত কি নতুন অসুবিধাৰ সৃষ্টি হৈছে? দৰাচলতে এই বস্ত্ৰ আৱৰ্জনা সমগ্ৰ বিশ্বৰ বাবে এক নতুন চিন্তাৰ বিষয় হৈ পৰিছে। আজিকালি পুৰণি কাপোৰৰ ঠাইত নতুন কাপোৰ দ্ৰুতগতিত সলনি কৰাটো সমগ্ৰ বিশ্বতে এটা ধাৰা হৈ পৰিছে। আপুনি কেতিয়াবা ভাবিছেনে আপুনি পিন্ধিবলৈ এৰা পুৰণি কাপোৰবোৰৰ কি হয়? সেইবোৰ বস্ত্ৰ আৱৰ্জনা হৈ পৰে। এই বিষয়ত বিশ্বজুৰি গৱেষণা চলি আছে। এক গৱেষণামূলক অধ্যয়নত দেখা গৈছে যে বস্ত্ৰ আৱৰ্জনা এক শতাংশতকৈও কম পুনঃব্যৱহাৰ কৰা হয়। এক শতাংশতকৈও কম! বস্ত্ৰ আৱৰ্জনা সৰ্বাধিক উৎপাদন কৰা বিশ্বৰ তৃতীয়খন দেশ হৈছে ভাৰত। অৰ্থাৎ প্ৰত্যাহ্বানটোও বৃহৎ পৰিসৰৰ। কিন্তু মই সুখী যে আমাৰ দেশে এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশংসনীয় প্ৰচেষ্টা চলাইছে। বহু ভাৰতীয় ষ্টাৰ্ট-আপে বস্ত্ৰ উদ্ধাৰৰ সুবিধাৰ কাম আৰম্ভ কৰিছে। আৱৰ্জনা সংগ্ৰহ কৰা আমাৰ ভাই-ভনীসকলক সবলীকৰণৰ বাবে বিভিন্ন সংগঠনে কাম কৰি আছে। বহু যুৱকে বহনক্ষম ফেশ্বনৰ ওপৰত কাম কৰি আছে। পুৰণি কাপোৰ-কানি আৰু জোতা পুনঃব্যৱহাৰ কৰি আৰ্তজনলৈ প্ৰেৰণ কৰে। বস্ত্ৰৰ আৱৰ্জনাৰে গহনা, হেণ্ডবেগ, ষ্টেচনাৰী, খেলনা আদি বহু ধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হৈছে। বহু কোম্পানীয়ে আজিকালি "চাৰ্কুলাৰ ফেশ্বন ব্ৰেণ্ড"ক জনপ্ৰিয় কৰাৰ বাবে কাম কৰি আছে। নতুন ভাড়াৰ মঞ্চ মুকলি হৈছে য’ত ডিজাইনাৰ কাপোৰ ভাড়াৰ বাবে উপলব্ধ। কিছুমান সংগঠনে পুৰণি কাপোৰ পুনঃব্যৱহাৰ কৰি দৰিদ্ৰ লোকসকললৈ প্ৰেৰণ কৰে।

বন্ধুসকল,

বস্ত্ৰ আৱৰ্জনাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ কিছুমান চহৰে নতুন পৰিচয় সৃষ্টি কৰিছে। হাৰিয়ানাৰ পানীপাট বস্ত্ৰ পুনঃব্যৱহাৰৰ এক বৈশ্বিক কেন্দ্ৰত পৰিণত হৈছে। উদ্ভাৱনীমূলক প্ৰযুক্তি সমাধানৰ জৰিয়তে বেংগালুৰুয়ে নতুন পথ দেখুৱাইছে। আমাৰ বস্ত্ৰ আৱৰ্জনাসমূহৰ অধিকাংশ ইয়াত জমা হয়, যিয়ে আন চহৰসমূহৰ বাবে আদৰ্শ দাঙি ধৰিছে। এইদৰে তামিলনাডুৰ তিৰুপুৰে বর্জ্য পানী পৰিশোধন আৰু নবীকৰণযোগ্য শক্তিৰ জৰিয়তে বস্ত্ৰ আৱৰ্জনা ব্যৱস্থাপনাৰ কাম কৰি আছে৷

মোৰ প্ৰিয় দেশবাসী, আজিকালি ফিটনেছৰ লগতে গণনাৰ ভূমিকাও বৃহৎ। এটা নতুন কাউণ্টডাউন আৰম্ভ হ’বলৈ ওলাইছে, দিনটোত কিমান খোজ খোজ কাঢ়িছে, দিনটোত কিমান কেলৰি খাব, কিমান কেলৰি বাৰ্ণ কৰিছে, ইত্যাদি ধৰণৰ গণনা। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউণ্টডাউন। যোগ দিৱস আৰম্ভ হ’বলৈ ১০০ দিন বাকী আছে। যদি আপুনি এতিয়াও যোগাসনক আপোনাৰ জীৱনত সন্নিৱিষ্ট কৰা নাই, তেতিয়াও সময় আছে, বহু দেৰি হোৱা নাই। দহ বছৰ পূৰ্বে অৰ্থাৎ ২০১৫ চনৰ ২১ জুনত প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছিল।এতিয়া এই দিনটোৱে এটা ডাঙৰ উৎসৱৰ ৰূপ ধাৰণ কৰিছে। এয়া ভাৰতৰ পৰা মানৱতালৈ এক বহুমূলীয়া উপহাৰ, যি ভৱিষ্যত প্ৰজন্মৰ বাবে যথেষ্ট উপযোগী হ’ব। যোগ দিৱস ২০২৫ৰ বিষয়বস্তু হৈছে এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ। অৰ্থাৎ যোগৰ জৰিয়তে সমগ্ৰ বিশ্বৰ বাবে সুস্বাস্থ্য বজাই ৰখাৰ কামনা কৰিছোঁ।

বন্ধুসকল, আমাৰ সকলোৰে বাবে অতি গৌৰৱৰ বিষয় যে আমাৰ যোগাসন আৰু সাৰ্বজনীন নিৰাময় পদ্ধতিয়ে সমগ্ৰ বিশ্বতে কৌতুহল জগাই তুলিছে। বৃহৎ সংখ্যক যুৱকে যোগ আৰু আয়ুৰ্বেদক সুস্থ হৈ থকাৰ এক উত্তম উপায় হিচাপে আকোৱালি লৈছে। উদাহৰণস্বৰূপে দক্ষিণ আমেৰিকাৰ দেশ চিলিৰ কথাই ধৰক। তাত আয়ুৰ্বেদ দ্রুত গতিত জনপ্ৰিয় হৈ পৰিছে। যোৱা বছৰ ব্ৰাজিল ভ্ৰমণৰ সময়ত চিলিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলোঁ। আয়ুৰ্বেদৰ এই জনপ্ৰিয়তা সম্পৰ্কে আমাৰ মাজত দীঘলীয়া আলোচনা হৈছিল। ছমছ ইণ্ডিয়া নামৰ এটা দলৰ কথা জানিব পাৰিলোঁ। যাৰ অৰ্থ স্পেনিছ ভাষাত "আমি ভাৰত"। এই দলটোৱে বিগত দশক ধৰি যোগ আৰু আয়ুৰ্বেদৰ প্ৰচাৰৰ কামত জড়িত হৈ আছে। তেওঁলোকে শিক্ষামূলক কাৰ্যসূচীৰ লগতে চিকিৎসাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আয়ুৰ্বেদ আৰু যোগৰ তথ্যও স্পেনিছ ভাষালৈ অনুবাদ কৰি আছে। মাত্ৰ যোৱা বছৰ তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী আৰু পাঠ্যক্ৰমত প্ৰায় ন হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। এই দলৰ সৈতে জড়িত সকলোকে তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো।

মোৰ প্ৰিয় দেশবাসী,

এতিয়া ‘মন কী বাত’ত এটা আমোদজনক অথচ অদ্ভুত প্ৰশ্ন উত্থাপন হৈছে! ফুলৰ যাত্ৰাৰ কথা কেতিয়াবা ভাবিছেনে? বাগিচাৰ পৰা মন্দিৰলৈ কিছুমান ফুলৰ যাত্ৰা। কিছুমান ফুলে ঘৰ এখনক সুন্দৰ কৰি তোলে, আন কিছুমানে চৌপাশে সুগন্ধি বিয়পাই দিয়ে। কিন্তু আজি মই আপোনালোকক ক'ম ফুলৰ আন এক যাত্ৰাৰ কথা। মহুৱা ফুলৰ বিষয়ে নিশ্চয় জানে। আমাৰ গাঁৱৰ বিশেষকৈ জনজাতীয় অঞ্চলৰ সকলোৱে ইয়াৰ গুৰুত্বৰ বিষয়ে ভালদৰেই জানে। দেশৰ বহু ঠাইত মহুৱা ফুলৰ যাত্ৰাই নতুন গতি লৈছে৷ মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাত মহুৱা ফুলেৰে কুকিজ প্ৰস্তুত কৰা হৈছে। ৰাজখো গাঁৱৰ চাৰিগৰাকী ভগ্নীয়ে তৈয়াৰ কৰা এই কুকিজবোৰ অতি জনপ্ৰিয় হৈ পৰিছে। এই মহিলাসকলৰ উৎসাহ দেখি এটা বৃহৎ কোম্পানীয়ে তেওঁলোকক কাৰখানাত কাম কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিলে। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ গাঁৱৰ বহু মহিলাই তেওঁলোকৰ লগত যোগ দিছে। তেওঁলোকৰ মহুৱা কুকিজৰ চাহিদা বাঢ়িছে। তেলেংগানাৰ আদিলাবাদ জিলাৰ দুগৰাকী ভগ্নীয়েও মহুৱা ফুলৰ নতুন পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে। ফুলেৰে বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰি আছে, যিবোৰ সকলোৰে প্ৰিয় হৈ পৰিছে। তেওঁলোকৰ খাদ্যত থলুৱা সংস্কৃতিৰ স্পৰ্শ আছে।

বন্ধুসকল,

আন এটা আচৰিত ফুলৰ বিষয়ে ক'ব বিচাৰিছো, যাৰ নাম কৃষ্ণ কমল। গুজৰাটৰ একতা নগৰত থকা ষ্টেছ্যু অফ ইউনিটী দৰ্শন কৰিছেনে? ষ্টেছ্যু অৱ ইউনিটীৰ চাৰিওফালে বহুতো কৃষ্ণ কমল দেখা পাব। এই ফুলে পৰ্যটকসকলক মুগ্ধ কৰিছে। একতা নগৰত কৃষ্ণ কমল আৰোগ্য বান, একতা নাৰ্চাৰী, বিশ্ববান আৰু মিয়াৱকী অৰণ্য হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সুপৰিকল্পিতভাৱে ইয়াত লাখ লাখ কৃষ্ণ কমল গছ ৰোপণ কৰা হৈছে। চাৰিওফালে চালে ফুলৰ মনোমোহা দৃশ্য ভাহি আহে। আপোনাৰ অঞ্চলৰ এনে অনন্য ফুলৰ যাত্ৰাৰ বিষয়ে মোলৈ লিখিবচোন।

মোৰ প্ৰিয় বন্ধুসকল, পূৰ্বৰ দৰেই আপোনালোকেও মোৰ সৈতে আপোনালোকৰ মতামত, অভিজ্ঞতা, তথ্য শ্বেয়াৰ কৰি থাকিব। হয়তো আপোনাৰ চাৰিওফালে এনেকুৱা কিবা এটা ঘটি আছে যিটো লৌকিক যেন লাগে কিন্তু আনৰ বাবে অতি আকৰ্ষণীয় আৰু নতুন হ’ব পাৰে। অহা মাহত আমি পুনৰ লগ হৈ এনে কিছুমান কথা আলোচনা কৰিম যিবোৰে আমাৰ দেশবাসীক অনুপ্ৰাণিত কৰিব। সকলোকে পুনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ।

নমস্কাৰ।.

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Operation Sindoor: A fitting blow to Pakistan, the global epicentre of terror

Media Coverage

Operation Sindoor: A fitting blow to Pakistan, the global epicentre of terror
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails the efforts being made under 'Project Lion'
May 21, 2025

The Prime Minister Narendra Modi hailed the efforts being made under 'Project Lion' which are ensuring the protection of lions in Gujarat along with providing them a favourable environment.

Responding to a post by Gujarat Chief Minister, Shri Bhupendra Patel on X, Shri Modi said:

“बहुत उत्साहित करने वाली जानकारी! यह देखकर बेहद खुशी हो रही है कि ‘प्रोजेक्ट लॉयन’ के तहत किए जा रहे प्रयासों से गुजरात में शेरों को अनुकूल माहौल मिलने के साथ ही उनका संरक्षण भी सुनिश्चित हो रहा है।”