Says India is becoming a leading attractions for Foreign Investment
India received over 20 Billion Dollars of Foreign Investment this year: PM
India offers affordability of geography, reliability and political stability: PM
India offers transparent and predictable tax regime; encourages & supports honest tax payers: PM
India being made one of the lowest tax destinations in the World with further incentive for new manufacturing units: PM
There have been far reaching reforms in recent times which have made the business easier and red-tapism lesser: PM
India is full of opportunities both public & private sector: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএছ-আএছপিএফৰ ভাৰত-মাৰ্কিন সন্মিলন, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে বিশেষ মুল ভাষণ আগবঢ়ায়৷

ভাৰত-মাৰ্কিন কৌশলগত অংশীদাৰিত্ব মঞ্চ(ইউএছআইএছপিএফ) হৈ এটা লাভহীন সংস্থা, যিটোৱে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্বৰ বাবে কাম কৰে৷

যোৱা ৩১ আগষ্টত আৰম্ভ হোৱা ৫ দিনীয়া সন্মিলনৰ বিষয়বস্তু হৈছে “নতুন প্ৰত্যাহ্বান মোকাবিলা কৰাৰ দিশে ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰ”৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্ব মহামাৰীয়ে সকলো প্ৰভাৱিত কৰিছে আৰু ই আমাৰ ধৈৰ্যক, আমাৰ জনস্বাস্থ্য ব্যৱস্থা আৰু আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোক পৰীক্ষা কৰে৷

তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতিত এক সতেজ মনোবৃত্তিৰ প্ৰয়োজন৷ এই মনোবৃত্তি তেতিয়াই গঢ় লৈ উঠে, যেতিয়া দৃষ্টিভংগী মানৱ কেন্দ্ৰিক হয়৷ যেতিয়া প্ৰত্যেকৰে মাজত সহযোগিতাৰ মনোভাৱ থাকে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে ইয়াৰ সক্ষমতা বৃদ্ধি, দুখীয়াসকলৰ নিৰাপত্তা আৰু আমাৰ নাগৰিকসকলৰ সুৰক্ষিত হোৱাটোত গুৰুত্ব আৰোপ কৰিছে৷

ক’ভিড-১৯ৰ বিৰোধী যুঁজৰ বাবে সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধিৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ১৩০ কোটি জনসংখ্যাৰ সকলো ধৰণৰ আগতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু দেশত মৃত্যুব হাৰ প্ৰতি ১০লাখৰ বিপৰীতে বিশ্বৰ ভিতৰতে নিম্নতম হৈছে৷

তেওঁ কয় ভাৰতৰ ব্যৱসায়িক সমূদায়, বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলক সক্ৰিয়তাক লৈ সন্তোষ প্ৰকাশ কৰে৷ একেবাবে শূন্যৰ পৰা আৰম্ভ কৰি তেওঁলোকে এতিয়া ভাৰতক বিশ্বৰ দ্বিতীয় সৰ্বাধিক পিপিই কিট উৎপাদনকাৰী দেশত পৰিণত কৰিলে৷

বিভিন্ন সংস্কাৰৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে মহামাৰীয়ে ১৩০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাত বিশেষ প্ৰভাৱ পেলোৱাত ব্যৰ্থ হৈছে৷

তেওঁ কয় যে ব্যাপক সংস্কাৰে বৰ্তমান দেশত ব্যৱসায়ৰ পৰিৱেশ সহজ কৰি তোলাৰ লগতে ৰঙা ফিটাৰ মেৰপাক হ্ৰাস কৰিছে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ গৃহ নিৰ্মাণ আঁচনিৰ কাৰ সক্ৰিয়ভাৱে চলি আছে আৰু নবীকৰণযোগ্যশক্তি আন্তঃগাঁথনিৰ কামৰো সম্প্ৰসাৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়েলগতেৰে’লপথ, স্থলপথআৰুবিমানপথৰযোগাযোগবাযাতায়াতৰক্ষেত্ৰতউত্তৰণঅনাৰবাবেওতৎপৰতাপ্ৰকাশকৰিছে।

 

তেওঁ কয় যে এক ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযান গঠন কৰি উলিয়াবৰ বাবে ভাৰতে এক অনন্য ডিজিটেল মডেল প্ৰস্তুত কৰি উলিয়াইছে।

তেওঁ লগতে কয়, আমি কোটি কোটি লোকক বেংকিং, ঋণ, ডিজিটেল পেইমেণ্ট আৰু বীমাৰ সুবিধা প্ৰদান কৰিবলৈ শ্ৰেষ্ঠতম বিত্ত-প্ৰযুক্তি ব্যৱহাৰ কৰি আছো। এই আটাইবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰতে বিশ্বমানৰ প্ৰযুক্তি আৰু বিশ্বস্তৰীয় শ্ৰেষ্ঠতম কাৰুকাৰ্য ব্যৱহাৰ কৰা হৈছে।

শ্ৰী মোদীয়ে কয় যে ক’ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বকে দেখুৱাই দিছে যে বিশ্বস্তৰীয় যোগান শৃংখলা উত্তৰণৰ সিদ্ধান্ত কেৱল মূল্যৰ ওপৰত আধাৰিত হ’ব নালাগে। সেয়া হ’ব লাগে আস্থাৰ ওপৰত প্ৰতিষ্ঠিত। ভৌগলিক ব্যয়সাধ্যতাৰ লগতে কোম্পানী বা প্ৰতিষ্ঠানসমূহে এতিয়া বিশ্বস্ততা আৰু নীতিৰ সুস্থিৰতা বিচাৰে। আৰু ভাৰত হৈছে এনে এক ঠাই, য’ত এই আটাইকেইটা উপাদানেই পোৱা যায়।

এই কথা উল্লেখ কৰি তেওঁ কয়, এতিয়া বৈদেশিক বিনিয়োগৰ বাবে ভাৰত এক অতি পচন্দৰ স্থান হিচাপে অভিহিত হৈছে।

তেওঁ কয় যে সেয়া আমেৰিকাই হওঁক, ইউৰোপেই হওঁক, অষ্ট্ৰেলিয়াই হওঁক অথবা গাল্ফ দেশসমূহেই হওঁক, সকলোৱেই আমাৰ ওপৰত বিশ্বাস ৰাখে। আমি এই বৰ্ষটোত দেশলৈ ২০ বিলিয়ন ডলাৰতকৈও অধিক ধনৰ প্ৰবাহ হোৱা দেখিবলৈ পাইছো। গুগল, আমাজন আৰু মুবাডালা ইনভেষ্টমেণ্টে ভাৰতত দীৰ্ঘম্যাদী পৰিকল্পনাৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে।

স্বচ্ছ আৰু আকাঙ্খিত ভাৰতে আৰু দেশৰ সামগ্ৰিক ব্যৱস্থাই কেনেদৰে আগবঢ়াই দিয়ে আৰু সকলোকে উদ্বুদ্ধ কৰাৰ লগতে সৎ কৰদাঁতাসকললৈ সহায় আগবঢ়ায় সেই বিষয়েও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, ভাৰতৰ জিএছটি হৈছে একত্ৰিকৃত, এক সম্পূৰ্ণৰূপে সক্ৰিয় পৰোক্ষ কৰ ব্যৱস্থা।

 

দেউলীয়া আৰু দেউলীয়াপন ক’ডৰ প্ৰসংগ উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই পদক্ষেপে সমগ্ৰ বিত্তীয় ব্যৱস্থাৰ আশংকা হ্ৰাস কৰিছে৷ তেওঁ লগতে ব্যাপক শ্ৰম সংস্কাৰৰ কথাও সদৰি কৰে, যিটোৱে নিয়োগকৰ্তাৰ বোজাৰ হ্ৰাস কৰাৰ লগতে শ্ৰমিকসকলকো সামাজিক নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান কৰিছে৷

বিকাশ গতি অব্যাহত ৰখাৰ বাবে বিনোয়োগৰ গুৰুত্বৰ সন্দৰ্ভত আলোচনা কৰি ভাৰতে কিদৰে চাহিদা আৰু যোগান ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিছে সেই বিষয়েও কয়৷

তেওঁ কয় যে এই ব্যৱস্থাই ভাৰতক বিশ্বৰ ভিতৰতে নিম্নতম কৰৰ স্থান হিচাপে গঢ়ি তুলিছে আৰু ই নতুন নিৰ্মাণ কোম্পানীসমূহক উৎসাহিত কৰিছে৷

তেওঁ কয় ২০১৯ চনত ভাৰতত এফডিআই ২০শতাংশ বৃদ্ধি পাইছে, যেতিয়া গোলকীয় এফডিআই প্ৰবাহ ১ শতাংশ হ্ৰাস পাইছিল আৰু ইয়ে আমাৰ এফডিআই ব্যৱস্থাৰ সাফল্য প্ৰতিফলিত কৰে।

শ্ৰী মোদীয়ে কয় যে উপৰোক্ত সকলো পদক্ষেপে এক উজ্জল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ নিশ্চিতি দিযে। এক আত্মনিৰ্ভৰ ভাৰত বা স্বনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে ১৩০ কোটি ভাৰতীয়ৰ দ্বাৰা আৰম্ভ কৰা অভিযানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ইয়ে স্থানীয়ক বিশ্বব্যাপী একত্ৰিত কৰে আৰু ফলত ভাৰতৰ শক্তিয়ে বিশ্ব শক্তি ঘটকৰ ৰূপত কাম কৰে। তেওঁ কয় যে এয়া ভাৰতক নিস্ক্ৰিয় বজাৰৰ পৰা বৈশ্বিক মূল্য শৃংখলাৰ কেন্দ্ৰত এক সক্ৰিয় উত্পাদন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা কথা।

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্মুখৰ পথ বিশেষভাৱে বেচৰকাৰী আৰু চৰকাৰী খণ্ডত পূৰ্ণ সুযোগ-সুবিধাৰে ভৰা তথা কয়লা, খনন, ৰেলপথ, প্ৰতিৰক্ষা, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ দৰে খণ্ড খোলাৰ কথা উল্লেখ কৰে। তেওঁ আৰু কৃষিক্ষেত্ৰত সংস্কাৰৰ লগতে মোবাইল আৰু ইলেক্ট্ৰ’নিকছ, চিকিৎসা সঁজুলি, ফাৰ্মা খণ্ডৰ বাবে আৰম্ভ কৰা প্ৰডাকচন লিংকড ইনচেণ্টিভ স্কীমৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে সন্মিলনত কয়. যে ভাৰতত প্ৰত্যাহ্বানৰ বাবে এনে এখন চৰকাৰ আছে যিয়ে ফলাফল প্ৰদানত বিশ্বাস কৰে, এখন চৰকাৰ যাৰ পক্ষে জীৱন যাত্ৰাৰ স্বাচ্ছন্দ্য ব্যৱসায় কৰাৰ সহজৰ দৰে জৰুৰী।

তেওঁ কয় যে মুঠ জনসংখ্যাৰ ৬৫শতাংশ ৩৫ বছৰতকৈ কম বয়সৰ যুৱক-যুৱতী থকা দেশে আকাংক্ষাৰ নতুন শিখৰলৈ উন্নীত কৰা সিদ্ধান্ত লৈছে৷ তেওঁ কয় যে ভাৰত এখন ৰাজনৈতিক ভাৱে সুস্থিৰ দেশ আৰু ই গণতন্ত্ৰ আৰু বৈচিত্ৰতাৰ প্ৰতি দায়বদ্ধ৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"