PM Modi leads India as SAARC nations come together to chalk out ways to fight Coronavirus
India proposes emergency fund to deal with COVID-19
India will start with an initial offer of 10 million US dollars for COVID-19 fund for SAARC nations
PM proposes set up of COVID-19 Emergency Fund for SAARC countries

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গৰে অঞ্চলটোত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এক উমৈহতীয়া কৌশল প্ৰস্তুত কৰাৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে মত বিনিময় কৰে৷

অভিন্ন ইতিহাসসামূহিক ভৱিষ্যত

প্ৰধানমন্ত্রীয়ে অতি কম সময়ৰ ভিতৰত এই আলোচনাত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জনায়৷ ছাৰ্ক দেশসমূহৰ লোকসকলৰ মাজত প্রাচীন কালৰে পৰা যোগাযোগ, সামাজিক ক্ষেত্রত নিবিড় সম্পৰ্ক থকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্রীয়ে কয় যে একেলগে সকলো দেশে প্ৰত্যাহ্বানৰ মোকাবিলা কৰাটোৱে তাৎপৰ্য বহন কৰিছে৷

আগবাঢ়ি যোৱাৰ উপায়ঃ

সামূহিক প্ৰচেষ্টাৰ এই পৰিৱেশত প্ৰধানমন্ত্রীয়ে ভিড১৯ক লৈ জৰুৰীকালীন পুঁজি গঠন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়৷ স্বইচ্ছাৰে সকলো দেশ একত্ৰিত হৈ এই পুঁজিত অনুদান আগবঢ়াব৷ প্রাথমিক অৱস্থাত ভাৰতে এই পুঁজিৰ বাবে ১ কোটি মার্কিন ডলাৰ দিয়াৰ কথা অৱগত কৰে প্ৰধানমন্ত্ৰীয়ে৷ জৰুৰীকালীন প্ৰয়োজনত অংশীদাৰ দেশসমূহে এই পুঁজিৰ পৰা ধন ব্যয় কৰিব পাৰিব৷ তেওঁ কয় যে ভাৰতে চিকিসক আৰু বিশেষজ্ঞসকলক লৈ এক দ্রুত সঁহাৰি দল গঠন কৰিছে৷ প্ৰয়োজন অনুসৰি এই দলে পৰীক্ষাৰ সাসৰঞ্জামকে ধৰি অন্যান্য যন্ত্ৰপাতি লৈ যিকোনো দেশলৈ যাব পাৰিব৷

প্ৰধানমন্ত্রীয়ে চুবুৰীয়া দেশসমূহৰ দ্ৰুত পৰিস্থিতি ব্যৱস্থাপনা বাহিনীৰ সদস্যসকলক অনলাইনযোগে প্ৰশিক্ষণৰ আমন্ত্ৰণ জনায়৷ যিসকলে এই ভাইৰাছ বহন কৰিছে আৰু তেওঁলোকে যাৰ সৈতে যোগাযোগ কৰিছে, তেওঁলোকৰ সন্ধান কৰা বাবে ভাৰতৰ সু-সংহত ৰোগ নিৰীক্ষণ পোর্টেলৰ ছফটৱেৰ ব্যৱহাৰৰো প্ৰস্তাৱ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয় যে এই পৰিস্থিতি ভালদৰে মোকাবিলা কৰাৰ বাবে ছাৰ্ক দুৰ্যোগ প্ৰশমন কেন্দ্ৰটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পৰা যায়৷

প্ৰধানমন্ত্রীয়ে দক্ষিণ এছিয়াত সংক্রমিত ৰোগ নিয়ন্ত্ৰণৰ বাবে এক সাধাৰণ গবেষণা মঞ্চ গঢ়ি তোলাৰো প্ৰস্তাৱ আগবঢ়ায়৷ য’ত একেলগে এই ক্ষেত্ৰত গৱেষণা কৰিব পৰা যায়৷ ক’ভিড-১৯ৰ বাবে দীর্ঘম্যাদী আর্থিক প্ৰভাৱক লৈ আলোচনা কৰিবলৈ বিশেষজ্ঞক লৈ এক চিন্তন বৈঠক অনুষ্ঠিত কৰাৰো পৰামর্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে৷ এই বৈঠকত বৰ্তমানৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ আভ্যন্তৰীণ বাণিজ্য আৰু স্থানীয় ব্যৱসায় ৰক্ষা কৰাকে ধৰিব কেতবোৰ বিষয়ক লৈ আলোচনা কৰা হ’ব৷

আটাইকেইগৰাকী নেতাই এই প্ৰচেষ্টা গ্ৰহণৰ বাবে প্ৰধানমন্ত্রীক ধন্যবাদ জনায়৷ প্ৰধানমন্ত্রীয়ে পুনৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ একেলগে কাম কৰাৰ আহ্বান জনাই কয় যে সমগ্ৰ বিশ্বৰ বাবে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিবেশীসুলভ সহযোগিতা এক আৰ্হি হৈ ৰওক৷

অভিজ্ঞতাৰ বিনিময়  

প্ৰধানমন্ত্রীয়ে কয়, “সাজু থাকক, কিন্তু আতংকিত নহ’ব” এই চিন্তাধাৰাৰে  ভাৰতে কাম কৰিছে। তেওঁ কয় যে ইয়াৰ বাবে সমূহীয়া পদক্ষেপ হাতত লোৱা হৈছে, পৰ্যায়ভিত্তিক সঁহাৰি, যিসকলে দেশত প্ৰৱেশ কৰিছে তেওঁলোকৰ পৰীক্ষা কৰা হৈছে;  টিভি, ছপা মাধ্যম, ছ’চিয়েল মিডিয়াত সজাগতামূলক প্ৰচাৰ চলোৱা হৈছে, যিসকল অসুৰক্ষিত, তেওঁৱোৰৰ কাষলৈ যোৱাৰ বাবে বিশেষ উদ্যোগ লোৱা হৈছে, ৰোগ নির্ণয়ৰ আন্তঃগাঁথনি বৃদ্ধি কৰা হৈছে, মহামাৰীক ৰোধৰ বাবে প্ৰতিটো স্তৰত নীতি-নিয়ম প্ৰস্তুত কৰা হৈছে৷

তেওঁ কয় যে ভাৰতে বিভিন্ন দেশৰ পৰা সুকলমে ১,৪০০গৰাকী ভাৰতীয় লোকৰ লগতে ‘প্ৰতিবেশী প্ৰথম নীতি’ক গুৰুত্ব দি চুবুৰীয়া দেশৰ একাংশ নাগৰিককো ঘুৰাই আনিছে৷     

ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে কয় যে আফগানিস্তানৰ আটাইতকৈ বিপদসংকুল স্থান হ’ল ইৰানৰ সৈতে থকা মুক্ত সীমান্ত। তেওঁ কয় যে ইয়াৰ বাবে অহা-যোৱাৰ পদ্ধতি সলনি, টেলিমেডিচিনৰ অভিন্ন আন্তঃগাঁথনি গঢ়ি তোলা আৰু চুবুৰীয়া দেশৰ মাজত আৰু অধিক সহযোগিতা স্থাপন কৰিব লাগিব৷

য়ুহানৰ পৰা ৯গৰাকী মালদ্বীপৰ নাগৰিকক ঘুৰাই অনা আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰাত চিকিৎসা সম্পৰ্কীয় সহায়ৰ বাবে ৰাষ্ট্ৰপতি ইব্রাহিম মহম্মদ ছলীহে ভাৰতক ধন্যবাদ জনায়৷ সেই দেশৰ পর্যটন উদ্যোগ আৰু অর্থনীতিত ক’ভিড-১৯ৰ নেতিবাচক প্ৰভাৱৰ দিশতোও তেওঁ দাঙি ধৰে৷ স্বাস্থ্য খণ্ডত জৰুৰী অৱস্থাত দেশসমূহৰ মাজত নিবিড় সহযোগিতা, আর্থিক সহায্যৰ পেকেজ গঢ় দিয়া আৰু পৰিস্থিতি মোকাবিলাৰ বাবে অঞ্চলটো এক দীর্ঘম্যাদী পৰিকল্পনাৰো তেওঁ প্ৰস্তাৱ আগবঢ়ায়৷

এই কঠিন সময়ত অর্থনৈতিক পৰিস্থিতি মোকাবিলা কৰিবলৈ শ্রীলঙ্কাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সেই ছাৰ্ক নেতৃবৃন্দক একেলগে কাম কৰাৰ আহ্বান জনায়৷ ক’ভিড-১৯ৰে মোকাবিলা কৰিবলৈ ছাৰ্ক মন্ত্রী গোট গঠন কৰি ইতিবাচক দিশবোৰ ভাগ-বতৰা কৰাৰ লগতে আঞ্চলিক পৰ্যায়ৰ বিভিন্ন বিষয়ত সহযোগিতাৰো পৰামর্শ আগবঢ়ায় ৰাজাপাক্সেই৷

কোয়াৰাণ্টিনত থকাৰ সময়ত ভাৰতীয় ছাত্ৰ-ছাত্রীসকলৰ সৈতে ২৩গৰাকী বাংলাদেশী ছাত্ৰ-ছাত্রীক য়ুহানৰ পৰা অনাৰ বাবে প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই প্ৰধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ অঞ্চলটোৰ স্বাস্থ্যমন্ত্রী আৰু সচিবসকলৰ মাজত কাৰিকৰী পর্যায়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আলোচনা কৰি যোৱাৰো প্ৰস্তাৱ আগবঢ়ায় বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷  

ক’ভিড-১৯ৰে মোকাবিলা কৰাত নেপালে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্রী কে পি শর্মা অ’লীয়ে ছাৰ্ক নেতৃবৃন্দক অৱগত কৰে৷ তেওঁ কয় যে এই মহামাৰীৰে মোকাবিলা কৰাৰ কার্যকৰী কৌশল গ্ৰহনত সকলো ছাৰ্ক ৰাষ্ট্ৰৰ সংঘবদ্ধ জ্ঞান আৰু প্ৰচেষ্টাই সহায় কৰিব৷

ভুটানৰ প্ৰধানমন্ত্রী ড০ লোটে শ্বেৰিঙে কয় যে মহামাৰীয়ে কোনো ভৌগোলিক স্থান মানি নচলে৷ সেয়েহে সকলো দেশে একেলগে কাম কৰাটা অতি জৰুৰী৷ ক’ভিড-১৯ৰ আর্থিক প্ৰভাৱৰ বিষয়ত তেওঁ কয় যে মহামাৰীয়ে ক্ষুদ্ৰ অর্থনীতিৰ দেশত প্ৰচণ্ড আঘাত হানে৷

ড০ জাফৰ মিৰ্জাই সঠিক সময়ত স্বাস্থ্য সম্পৰ্কীয় তথ্য, তথ্যৰ বিনিময় আৰু সহযোগিতাৰ লক্ষ্যৰে ছাৰ্ক সচিবালয়ৰ এক কর্মীগোট গঠন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়৷ প্ৰয়োজনত ৰোগ সম্পৰ্কীয় নিৰীক্ষণৰ তথ্য বিনিময় কৰাৰ বাবে ছাৰ্ক সদস্য ৰাষ্ট্ৰসমূহৰ স্বাস্থ্যমন্ত্রীসকলে আলোচনাৰ ব্যৱস্থা কৰা আৰু এই বিষয়ত এক আঞ্চলিক সহযোগিতা স্থাপনৰো প্ৰস্তাৱ আগবঢ়ায়৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Smartphone companies step up festive hiring

Media Coverage

Smartphone companies step up festive hiring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”